NORTHEAST NOW (Assamese)

নাগালেণ্ডৰ ৰাজ্যপাল হিচাপে শপত ল’লে জগদীশ মুখীয়ে

September 17, 2021 4:34 pm · এন ই নাও নিউজ
Updated: September 17, 2021 4:46 pm

প্ৰফেচাৰ জগদীশ মুখীয়ে শুকুৰবাৰে নাগালেণ্ডৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰে। জগদীশ মুখীক নাগালেণ্ড ৰাজভৱনৰ ডক্তৰ ইমকঙ্গলিবা আও কক্ষত শপত বাক্য পাঠ কৰোৱা হয়।

শপত গ্ৰহণ অনুস্থানত নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ৰ লগতে উপ মুখ্যমন্ত্ৰী পেটন,বিধায়কসকল তথা ৰাজ্যৰ অন্য জেষ্ঠ বিষয়া সকল উপস্থিত থাকে।

জগদীশ মুখীয়ে নাগালেণ্ডৰ পূৰ্ব ৰাজ্যপাল আৰ এন ৰবিৰ স্থানত কাৰ্যভাৰ গ্ৰহণ কৰে।

Latest News:১৭ ছেপ্টেম্বৰত  কলা দিৱস পালন কৰিব পাঞ্জাৱ আপ-এ 

আনহাতে, ৰাজ্যৰ নতুন ৰাজ্যপাল হিচাপে শপত গ্ৰহণ কৰা জগদীশ মুখীক শুভেচ্ছা জনাইছে নাগালেণ্ডৰ মুখ্যমন্ত্ৰী নেইফিঅ’ ৰিঅ’ই। ৰাজ্যবাসীৰ হৈ নতুন ৰাজ্যপালক আদৰণি জনায় মুখ্যমন্ত্ৰী গৰাকীয়ে।

উল্লেখযোগ্য যে, প্ৰফেচাৰ জগদীশ মুখীয়ে বৰ্তমান অসমৰ ৰাজ্যপাল হিচাপেও কাৰ্যনিৰ্বাহ কৰি আছে।

আনহাতে নাগালেণ্ডৰ পূৰ্বৰ ৰাজ্যপাল আৰ এন ৰবিক তামিলনাডুৰ ৰাজ্যপাল হিচাপে বদলি কৰা হৈছে।

এইখিনিতে উল্লেখনীয় যে,নগা শান্তি আলোচনাৰ সময়ত এনএছচিএন(ই.মু.) গোটৰ লগত লগত হোৱা মতভেদৰ বাবে পূৰ্ব ৰাজ্যপাল আৰ এন ৰবিক স্থানান্তৰিত কৰা হৈছে বুলি চৰ্চিত হৈছে।

Related News