NORTHEAST NOW (Assamese)

দুসপ্তাহলৈ বৃদ্ধি দেশজোৰা লকডাউন

May 1, 2020 6:54 pm · এন ই নাও নিউজ
Updated: May 1, 2020 7:01 pm
প্ৰতীকী ছবি।

কেন্দ্ৰই কৰ’নাভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে চলিত লকডাউন ৪ মে’ৰ পিছত পুনৰ দুসপ্তাহলৈ বৃদ্ধি কৰিছে।

কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়ে শুকুৰবাৰে এই সন্দৰ্ভত জাননী জাৰি কৰিছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যোৱা ২৪ মাৰ্চত প্ৰথমবাৰৰ বাবে দেশজোৰা লকডাউন ঘোষণা কৰিছিল।

তৃতীয় পৰ্য্যায়ৰ এই লকডাউনত পৰিস্থিতি অনুযায়ী পূৰ্বতকৈ কিছু শিথিলতা আগবঢ়োৱা হ’ব।

দেশৰ বিভিন্ন জিলাসমূহক ইতিমধ্যে কৰ’নাভাইৰাছ সংক্ৰমণৰ ভিত্তিত ৰেড, অৰেঞ্জ আৰু গ্ৰীন জ’নত ভাগ কৰি পেলোৱা হৈছে।

বিশেষকৈ অৰেঞ্জ আৰু গ্ৰীন জ’নৰ জিলাসমূহত লকডাউন পূৰ্বতকৈ কিছু শিথিল হ’ব।

অসমৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰা মতে ৰাজ্যত বৰ্তমান ৰেড জ’নৰ কোনো জিলা নাই।

Related News