• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কোভিড-১৯-ৰ সময়ত চাহ উদ্যোগক অধিক গতিশীল কৰাৰ বাবে অসম চাহ মজদুৰ সংঘৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , May 1, 2020 6:10 pm

2 min read

কোভিড-১৯-ৰ সময়ত চাহ উদ্যোগক অধিক গতিশীল কৰাৰ বাবে অসম চাহ মজদুৰ সংঘৰ সৈতে মুখ্য মন্ত্ৰীৰ বৈঠক
2k
VIEWS
Share on FacebookShare on Twitter

আজি ডিব্ৰুগড়ত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসম চাহ মজদুৰ সংঘৰ এখন বৈঠক অনুষ্ঠিত হয়।

মুখ্য মন্ত্ৰীৰ লক্ষ্মীনগৰস্থিত বাসভৱনত অনুষ্ঠিত বৈঠকত কোভিড-১৯-ৰ ফলত চাহ উদ্যোগলৈ আহি পৰা প্ৰত্যাহ্বান আৰু এই সম্পৰ্কত লোৱা ব্যৱস্থাৰাজী সম্পৰ্কে বিতংভাৱে আলোচনা কৰা হয়।

বৈঠকত মুখ্য মন্ত্ৰী সোণোৱালে অসমৰ অৰ্থনৈতিক উত্তোণৰৰ ক্ষেত্ৰত চাহ উদ্যোগৰ ভূমিকা অতিশয় গুৰুত্বপূৰ্ণ বুলি মত প্ৰকাশ কৰে।

ৰাজ্য চৰকাৰে সেইবাৰে চাহ উদ্যোগৰ উন্নয়নৰ বাবে অগ্ৰাধিকাৰ ভিত্তিত পদক্ষেপ গ্ৰহণ কৰি আহিছে বুলিও সোণোৱালে লগতে কয়।

ক’ৰ’না ভাইৰাছৰ সংক্ৰমণৰ ফলত ৰাজ্যৰ চাহ উদ্যোগলৈ প্ৰত্যাহ্বান নামি আহিছে যদিও এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ অসম চৰকাৰে সম্পূৰ্ণৰূপে প্ৰস্তুত বুলি সোণোৱালে মত ব্যক্ত কৰি স্বাস্থ্য বিভাগৰ নীতি-নিৰ্দেশনাৰ আধাৰত ইতিমধ্যে চাহ বাগিচাসমূহত কাম-কাজ আৰম্ভ হৈছে বুলি কয়।

আনহাতে, চাহ বাগিচাৰ শ্ৰমিকসকলে সামাজিক দূৰত্ব বজাই ৰাখি কৰ্মত জড়িত হৈ থকা বাবে সোণোৱালে অসম চাহ মজদুৰ সংঘৰ জৰিয়তে ৰাজ্যৰ চাহ শ্ৰমিক সকলক ধন্যবাদ জ্ঞাপন কৰে।

এই ক্ষেত্ৰত অসম চাহ মজদুৰ সংঘই আগবঢ়োৱা সহযোগিতাৰ বাবে মুখ্য মন্ত্ৰীয়ে সংঘৰ বিষয়ববীয়াসকলৰ শলাগ লয়।

তদুপৰি, মুখ্য মন্ত্ৰীয়ে আসাম কোম্পানী লিমিটেডৰ অধীনত থকা ১৪ খন বাগিচাৰ শ্ৰমিকসকলৰ লগতে সকলো চাহ বাগিচা তথা ক্ষুদ্ৰ চাহ বাগিচাসমূহৰ শ্ৰমিকসকলে যাতে ল’কডাউনৰ সময়ছোৱাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখিন হ’ব নালাগে তাৰ বাবে উপায়ুক্তসকলক নিৰ্দেশ দিয়া হৈছে বুলি কয়।

আলোচনাৰ সয়ত সোণোৱালে কয় যে লকডাউনৰ সময়ছোৱাত চাহ উদ্যোগে সন্মুখীন হোৱা লোকচানৰ প্ৰতি লক্ষ্য ৰাখি অসম চাহ কোম্পানী লিমিটেডে গেছ যোগান ধৰা ৰাজ্যৰ ৪০৯ খন চাহ বাগানৰ পৰা চুক্তি মৰ্মে লাভ কৰিবলগীয়া নূন্যতম চাহিদা নিৰিখ ৰেহাই দিবলৈ কোম্পানীটোক নিৰ্দেশ দিয়া হৈছে বুলি কয়। এই পদক্ষেপে চাহ উদ্যোগক বিশেষ সকাহ দিব বুলিও মুখ্য মন্ত্ৰীয়ে উল্লেখ কৰে।

বৈঠকত অসম চাহ মজদুৰ সংঘই আসাম কোম্পানী লিমিটেডৰ ১৪ খন বাগিচাৰ ৪০ হাজাৰ স্থায়ী আৰু অস্থায়ী শ্ৰমিকৰ বিষয়টো সোণোৱালক অৱগত কৰে।

সংঘই লকডাউনৰ মাজতে অসমৰ চাহ উদ্যোগক গতিশীল কৰি তোলাৰ বাবে মুখ্য মন্ত্ৰীয়ে লোৱা পদক্ষেপৰ শলাগ লয়।

ইপিনে, মজদুৰ সংঘই মুখ্য মন্ত্ৰীক পূৰ্বে চাহ বাগানৰ শ্ৰমিকসকলে মুকলি বজাৰৰ পৰা প্ৰয়োজনীয় ৰেচন ক্ৰয় কৰি অহাৰ বিপৰীতে যোৱা দুমাহে ভাৰতীয় খাদ্য নিগমৰ পৰা পোনপটীয়াকৈ তেওঁলোকে ৰেচন লাভ কৰি আহিছে বুলি অৱগত কৰি ভৱিষ্যতেও এই ব্যৱস্থা বাহাল ৰখাৰ ক্ষেত্ৰত যাৱতীয় পদক্ষেপ ল’বলৈ অনুৰোধ কৰে।

Recent News

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

দেৰগাঁও সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ দেহাৱসান

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

মিছন ১০০ প্লাছ; পুনৰ অসম ভ্ৰমণলৈ আহিব প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

AIUDF-কে ধৰি মিত্ৰ দল সমূহক উচটনিমূলক মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান কংগ্ৰেছৰ

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd