• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

“বিজেপিৰ আচৰণৰ দৰেই অগপৰ আচৰণো একে”, হাতত জোঁৰ লৈ পলাশ চাংমাই

"অগপই হেৰুৱাইছে আঞ্চলিকতাবাদী চৰিত্ৰ"

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 5, 2019 9:57 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘অগপৰ স্থিতি একেবাৰেই সঠিক নহয়। বিজেপিৰ লগত অগপৰ কোনো অমিল নাই। বিজেপিৰ আচৰণৰ দৰেই অগপৰ আচৰণো একেই।’ বৃহস্পতিবাৰে মহানগৰীৰ গুৱাহাটী ক্লাৱৰ পৰা চানমাৰিলৈকে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে বাহিৰ কৰা এক প্ৰতিবাদী সমদলত অংশগ্ৰহণ কৰি অগপক এইদৰে সমালোচনা কৰে সংগঠনটোৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ে।

‘অগপৰ আচৰণ একেবাৰেই ঠিক নহয়।’ এইদৰে মন্তব্য কৰি চাংমাইয়ে লগতে কয় ‘অগপই আঞ্চলিকতাবাদী চৰিত্ৰ ইতিমধ্যে হেৰুৱাই পেলাইছে।’

Apply Now

ইপিনে, কেন্দ্ৰীয় চৰকাৰে উত্তৰ-পূবৰ ওপৰত জোৰ জৱৰদস্তি জাপি দিয়া কেব কেতিয়াও মানি লোৱা নহ’ব বুলি মন্তব্য কৰি গৃহ মন্ত্ৰীৰে সৈতে কেব সম্পৰ্কত হোৱা আলোচনাক এখন নাটক আখ্যা দিয়ে চাংমাইয়ে।

‘গৃহ মন্ত্ৰী অমিত শ্বাহে আমাক আলোচনালৈ মতাৰ ৬-৭ ঘন্টাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে কেবত অনুমোদন জনাইছিল। অৰ্থ্যাৎ কেব গৃহীত কৰাৰ পৰিকল্পনা কেন্দ্ৰীয় চৰকাৰৰ পূৰ্বৰ পৰাই আছিল। কেবল আলোচনাৰ নামত এক নাটক কৰাৰ বাবে তেওঁলোকক ধিক্কাৰ দিছো।’ চাংমাইয়ে এইদৰে কয়।

তেওঁ লগতে কয় ‘জন মানসত আৰু তললৈ নামিবলগীয়া নহয় তাৰ বাবে এখন নাটক ৰচনা কৰিবলৈ তেওঁলোকে এইদৰে আমাক আলোচনালৈ মাতিলে।’

‘চৰকাৰে এই কথা ভবাটো ভুল যে তেওঁলোকক স্থায়ীভাৱে শাসন চলোৱাৰ দায়িত্ব দিছে।’ এইদৰে কেন্দ্ৰীয়-ৰাজ্য চৰকাৰক সোঁৱৰাই দি চাংমাইয়ে কয় ‘পাঁচ বছৰৰ বাবেহে শাসন চলাবলৈ দিয়ে। চৰকাৰে জনসাধাৰণৰ কথা নুশুনাকৈ স্বেচ্ছাস্বাৰীভাৱে কাম কৰিলে চৰকাৰক স্বাভাৱিকতে মানুহে দলিয়াই পেলাব।’

তাৎপয্যপূৰ্ণভাৱে কেবৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়লৈয়ো যাব বুলি ঘোষণা কৰি চাংমাইয়ে কয় ‘ঐক্যবদ্ধ আন্দোলনৰ প্ৰয়োজন আছে। আটাইবোৰ সংগঠন কেবৰ বিৰুদ্ধে একেলগে ওলাই আহিব লাগে আৰু চৰকাৰৰ হঠকাৰী সিদ্ধান্ত মষিমূৰ কৰিব লাগে।’

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

সাৱধান হওক: মাজনিশা মেগী বা নুডলছ খোৱাৰ অভ্যাসে মাতিব পাৰে ভয়ংকৰ বিপদ

July 10, 2026 6:45 am
প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

প্ৰতি লিটাৰ পেট্ৰ’ল ৮২ টকাত উপলব্ধ হ’বনে? কেজৰিৱালৰ দাবীক কেন্দ্ৰ কৰি নতুন বিতৰ্ক

July 9, 2026 8:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd