গোৱাত দুৰ্ঘটনাগ্ৰস্ত মিগ-২৯কে বিমান: কথমপি প্ৰাণ ৰক্ষা পাইলটৰ

MiG-29K Crash

ভাৰতীয় নৌসেনাৰ যুঁজাৰু বিমান মিগ-২৯কে ৰ এখন বিমানত দেখা দিয়া কাৰিকৰী বিজুতিৰ ফলস্বৰূপে আজি গোৱা উপকূলৰ ওচৰত দুৰ্ঘটনাত পতিত হয়। নিয়মীয়া উৰণৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় বিমানখন।

দুৰ্ঘটনাৰ পিছতে তাৎক্ষণিকভাৱে উদ্ধাৰ অভিযান আৰম্ভ কৰা হয় আৰু বিমানখনৰ পাইলটগৰাকীক সুৰক্ষিতভাৱে বাহিৰলৈ উলিয়াই আনিবলৈ সক্ষম হয় বুলি নৌসেনাই এক বিবৃতি যোগে সদৰী কৰে।

এই আকস্মিক দুৰ্ঘটনাৰ কাৰণ অনুসন্ধানৰ বাবে তদন্ত পৰিষদক (BoI) নিৰ্দেশ দিয়া হৈছে।

উল্লেখ্য যে ২০১৯ চনৰ পৰা এইয়া মিগ-২৯কেৰ সৈতে জড়িত চতুৰ্থ দুৰ্ঘটনা। ২০১৯ চনৰ নৱেম্বৰত গোৱাৰ এখন গাওঁৰ ওচৰত এখন মিগ-২৯কে প্ৰশিক্ষণ বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল। অৱশ্যে বিমানখনৰ দুয়োগৰাকী পাইলট মৃত্যুৰ পৰা ৰক্ষা পৰিছিল।

আনহাতে ২০২০ চনৰ নৱেম্বৰত মিগ-২৯কে দুৰ্ঘটনাৰ ফলত এগৰাকী পাইলটৰ মৃত্যু হৈছিল। দুৰ্ঘটনাৰ পিছতে এগৰাকী পাইলটক উদ্ধাৰ কৰা হৈছিল যদিও আনগৰাকী পাইলট সন্ধানহীন হৈছিল।

এই দুৰ্ঘটনাৰ ১১ দিন পিছত কমাণ্ডাৰ নিশান্ত সিং নামৰ পাইলটগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

একেটা বৰ্ষৰে ফেব্ৰুৱাৰীত উৰণৰ সময়ত চৰাইৰ সৈতে খুন্দা খোৱাৰ হোৱাৰ পিছত আন এখন মিগ-২৯কে বিমান দুৰ্ঘটনাগ্ৰস্ত হৈছিল।