“বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ মহলাত নামভৰ্তিৰ আশা পূৰণ হোৱাৰ পথত”! ডিব্ৰুগড়ৰ বিশ্ববিদ্যালয়ৰ পদার্থ বিজ্ঞানৰ শীর্ষ স্থানপ্ৰাপ্ত বোকাখাতৰ নয়ন ৰঞ্জন শৰ্মাক উষ্ম সম্বৰ্দ্ধনা

“বেনাৰস হিন্দু বিশ্ববিদ্যালয়ত পদাৰ্থ বিজ্ঞানৰ স্নাতকোত্তৰ মহলাত নামভৰ্তিৰ আশা পুহি ৰাখি তিনি বছৰৰ আগতে যি সপোন দেখিছিলো সেই সপোন মোৰ পূৰ্ণ হোৱাৰ পথত। চি এন বি মহাবিদ্যালয়ৰ শিক্ষা গুৰু সকলে সেই সপোন পূৰণ হোৱাত সহায় কৰাৰ বাবে মই চিৰ কৃতজ্ঞ।” আজি চি এন বি মহাবিদ্যালয়ত অনুষ্ঠিত এক সম্বৰ্দ্ধনা অনুষ্ঠানত সদ্য ঘোষিত ডিব্ৰুগড় বিশ্ববিদ্যালযয়ৰ স্নাতক চূড়ান্ত পৰীক্ষাৰ ফলাফলত পদার্থ বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰা নয়ন ৰঞ্জন শৰ্মাই এনেদৰে কয়। বোকাখাত সেউজীপাৰ নিবাসী অৱসৰপ্ৰাপ্ত শিক্ষক বুবুল শৰ্মা আৰু প্ৰনতি দেৱীৰ কনিষ্ঠ সন্তান নয়নে ভবিষ্যতে গবেষণাৰ বাবে “ভাবা পাৰমাণৱিক গৱেষণাগাৰ”ৰ সপোন দেখাৰ কথাও উল্লেখ কৰে।

পদার্থবিজ্ঞান বিভাগৰ শিক্ষকদ্বয় ৰঞ্জিত তামুলী আৰু বিদ্যুৎ বিকাশ শইকীয়াই আয়োজন কৰা অনুষ্ঠানটি অধ্যক্ষ ড° সুৰজিৎ দত্তই পৰিচালনা কৰে। অধ্যক্ষ দত্তই নিয়মিতভাবে অধ্যয়ন কৰাৰ উপৰিও মহাবিদ্যালয়ৰ এন এচ এচকে ধৰি সকলো অনুষ্ঠানত সক্ৰিয় ভূমিকা পালন কৰাৰ বাবে ছাত্র জনক ধন্যবাদ জ্ঞাপন কৰে। গবেষণা পত্রৰ উপৰি প্ৰান্তিকৰ বাবে লিখামেলা কৰা, আন্তঃ মহাবিদ্যালয় বক্তৃতা প্ৰতিযোগিতাত অংশগ্রহণ কৰি মহাবিদ্যালয় খনলৈ গৌৰৱ কঢ়িয়াই অনা নয়নক মহাবিদ্যালয় খনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ শৰৎ চন্দ্র দত্ত আৰু পৰিচালনা সমিতিৰ সভাপতি ড° বাবুলাল ম’ৰে ভূয়সী প্ৰশংসা কৰে।

চি এন বি মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক মহাবীৰ প্ৰসাদ আগৰৱালা, জিতু শৰ্মা ৰাজখোৱা আৰু শৰৎ ৰঞ্জন শৰ্মাই গামোচা আৰু উপহাৰেৰে অভিনন্দন জনোৱাৰ লগতে ভবিষ্যতে আৱশ্যক অনুযায়ী আৰ্থিক সহায়ৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। উপাধ্যক্ষ ড° হৰি প্ৰসাদ নাথে তৃতীয় বাৰৰ বাবে পদার্থ বিজ্ঞান বিভাগে বিশ্ববিদ্যালয়ৰ শীৰ্ষ স্থান লাভ কৰাৰ বাবে বিভাগীয় শিক্ষক সকলক অভিনন্দন জ্ঞাপন কৰে। পদার্থ বিজ্ঞান বিভাগৰ হৈ মৌচুম গগৈয়ে সকলোকে কৃতজ্ঞতা জনাই অনুষ্ঠানটো সামৰনি ঘটায়।