জম্মু-কাশ্মীৰত ৩৭০ অনুচ্ছেদ বিলুপ্ত হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে লাডাখত নিৰ্বাচন অনুষ্ঠিত হৈছিল। তাত কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সে বিপুল সফলতা লাভ কৰিলে। এই দুটা দলে ২৬খন আসনৰ ভিতৰত ১৯খন আসনত জয়লাভ কৰিছে। বিজেপিয়ে মাত্ৰ দুখন আসনহে লাভ কৰিবলৈ সক্ষম হয়।
চাৰিটা সমষ্টিৰ ফলাফল এতিয়াও ঘোষণা হোৱা নাই। প্ৰসংগক্ৰমে ৪ অক্টোবৰত কটকটীয়া নিৰাপত্তাৰ মাজতে লাডাখৰ ৰাইজে ভোটদানত অংশগ্ৰহণ কৰিছিল। সেই নিৰ্বাচনৰ বাবে গণনা আৰম্ভ হয় দেওবাৰৰ পৰা। ফলাফলৰ খবৰ অহাৰ লগে লগে কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সৰ কৰ্মী-সমৰ্থকসকল আত্মহাৰা হৈ পৰে।
লগতে পঢ়কঃ ভাৰতৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে দেশৰ ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ সময়সূচী; চাওক সৱিশেষ
লাডাখ স্বায়ত্তশাসিত পাৰ্বত্য উন্নয়ন পৰিষদৰ মুঠ আসনৰ সংখ্যা ৩০ খন। ইয়াৰে চাৰিজন কাউন্সিলাৰক প্ৰশাসনে মনোনীত কৰিছে। ৪ অক্টোবৰত কটকটীয়া নিৰাপত্তাৰ মাজতে বাকী ২৬টা সমষ্টিত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল। মুঠ বুথৰ সংখ্যা আছিল ২৭৮টা। ইয়াৰে ১১৪টা অতি সংবেদনশীল আৰু ৯৯টা সংবেদনশীল ভোটকেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছিল। প্ৰশাসনে প্ৰতিটো বুথত পৰ্যাপ্ত আৰক্ষী মোতায়েন কৰিছিল।
বিশেষজ্ঞসকলে ভৱিষ্যদ্বাণী কৰিছিল যে এই যুঁজ মূলতঃ তিনিটা দল– বিজেপি, কংগ্ৰেছ আৰু নেচনেল কনফাৰেন্সৰ মাজত হ’ব। তাত ইণ্ডিয়া মিত্ৰজোঁটৰ অংশীদাৰ দলে বিজেপিক পৰাস্ত কৰে। দুয়োটা দলে মুঠ আসনৰ ১৯ খন লাভ কৰিছে।
আনহাতে, গেৰুৱা শিবিৰ কাৰ্যতঃ বিপৰ্যয়ৰ সন্মুখীন হ’ল। তেওঁলোকে মাত্ৰ দুখন আসনহে লাভ কৰিছে। চাৰিখন আসনৰ ফলাফল এতিয়াও ঘোষণা কৰা হোৱা নাই।
লগতে পঢ়কঃইজৰাইলত হামাছৰ আক্ৰমণত নিহত ১০ গৰাকী নেপালী শিক্ষাৰ্থী; নিশ্চিত কৰিছে দূতাবাসে
ফলাফল স্পষ্ট হোৱাৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলে উল্লাসিত হৈ পৰে। পতাকা উৰুৱাই বিজয় উদযাপনত যোগদান কৰে। উল্লেখ্য় যে ৰাজনৈতিক বিশ্লেষকসকলে এই নিৰ্বাচনক কেন্দ্ৰই ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তৰ এক ডাঙৰ পৰীক্ষা বুলি গণ্য কৰিছিল। কিন্তু ৰাইজৰ ৰায় বিজেপিৰ বিৰুদ্ধে গৈছে।