আকৌ জেললৈ যাব নেকি কমেডিয়ান ভাৰতী সিং : নাৰ্কটিক্স কন্ট্ৰল ব্যুৰোৰ দুশ পৃষ্ঠাৰ অভিযোগ

পুনৰ বিপদত টেলিভিছন জগতৰ জনপ্ৰিয় কমেডিয়ান দম্পতী ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচীয়া । ড্ৰাগছ ৰেকেটৰ সন্দেহত নাৰ্কটিকছ কন্ট্ৰল ব্যুৰোৰ দুশ পৃষ্ঠাৰ অভিযোগনামা এইহাল দম্পত্তিৰ বিৰুদ্ধে

মুম্বাইৰ মনোৰঞ্জন জগতত পুনৰ চৰ্চালৈ আহিছে ড্ৰাগছ কেলেংকাৰী। পুনৰ বিপদত টেলিভিছন জগতৰ জনপ্ৰিয় কমেডিয়ান দম্পতী ভাৰতী সিং আৰু তেওঁৰ স্বামী হৰ্ষ লিম্বাচীয়া । ড্ৰাগছ ৰেকেটৰ সন্দেহত নাৰ্কটিকছ কণ্ট্ৰল ব্যুৰোৰ দুশ পৃষ্ঠাৰ অভিযোগনামা এইহাল দম্পত্তিৰ বিৰুদ্ধে।

ড্ৰাগছৰ গোচৰত পূৰ্বেও কাৰাগাৰৰ আলহী হ’বলগা হৈছিল ভাৰতী সিং আৰু হৰ্ষ। ২০২০ চনত এই গোচৰৰ সৈতে জড়িত আছিল তেওঁলোক। অৱশ্যে জামিনত কাৰাগাৰৰ পৰা বাহিৰ হৈছিল হৰ্ষ-ভাৰতী। এনচিবি (নাৰ্কটিকছ কন্ট্ৰল ব্যুৰো) য়ে তেওঁলোকৰ ঘৰত তালাচী চলাই উদ্ধাৰ কৰিছিল ৮৬.৫ গ্ৰাম গাঞ্জা। দীঘলীয়া জেৰাৰ সন্মুখত দম্পতীহালে স্বীকাৰ কৰিছিল যে তেওঁলোকে ড্ৰাগছ সেৱন কৰে।

শেহতীয়া খবৰ অনুসৰি এই গোচৰত এনচিবিয়ে দুশ পৃষ্ঠাৰ চাৰ্জ শ্বীট দাখিল কৰিছে। এই চাৰ্জ শ্বীটত কি কি তথ্য উল্লেখ আছে সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই। কিন্তু ড্ৰাগছৰ গোচৰটোত পুনৰ ভাৰতী আৰু হৰ্ষ যে বেয়াকৈ জড়িত হ’বলৈ গৈ আছে সেয়া স্পষ্ট। দম্পতীহালৰ বিৰুদ্ধে গ্ৰেপ্তাৰৰ পৰোৱানা জাৰি কৰিব পাৰে বুলি আশংকা কৰা হৈছে।

২০২০ চনত বলিউডৰ অভিনেতা সুশান্ত সিং ৰাজপুতৰ আত্মহত্যাৰ পিছত এনচিবি নামি পৰিছিল বলিউডৰ ড্ৰাগছ ৰেকেটৰ বিৰুদ্ধে। এই তদন্ত অনুসৰি গোচৰ ৰুজো হৈছিল কেইবাজনো বলিউডী তাৰকাৰ বিৰুদ্ধে।