• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৫৭ শতাংশ পদ খালী: ব্যাহত হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতি ৰূপায়ণৰ কাম-কাজ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 2, 2026 8:14 pm
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ শীৰ্ষ শৈক্ষিক প্ৰতিষ্ঠান ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত (NCERT) বৰ্তমান আধাৰো অধিক অনুমোদিত পদ দীৰ্ঘদিন ধৰি খালী হৈ থকাৰ এক উদ্বেগজনক তথ্য পোহৰলৈ আহিছে। ইয়াৰ ফলত প্ৰতিষ্ঠানটোৱে স্থায়ী কৰ্মচাৰীৰ পৰিৱৰ্তে ঠিকাভিত্তিক কৰ্মচাৰীৰ ওপৰত অধিক নিৰ্ভৰ কৰিবলগীয়া হৈছে আৰু ইয়াৰ প্ৰত্যক্ষ বিৰূপ প্ৰভাৱ পাঠ্যক্ৰম পৰিকল্পনা, পাঠ্যপুথি প্ৰস্তুতকৰণ তথা প্ৰকাশন প্ৰক্ৰিয়াৰ ওপৰত পৰিছে। যোৱা ডিচেম্বৰ মাহত কেন্দ্ৰীয় চৰকাৰে ৰাজ্যসভাত দাখিল কৰা পৰিসংখ্যাৰ পৰাই শিক্ষা ব্যৱস্থাৰ মেৰুদণ্ডস্বৰূপ প্ৰতিষ্ঠানটোৰ এই শোচনীয় অৱস্থাৰ কথা পোহৰলৈ আহে।

‘হিন্দুস্তান টাইমছ’ৰ এক প্ৰতিবেদন অনুসৰি, যোৱা ১৭ ডিচেম্বৰত কেন্দ্ৰীয় শিক্ষা ৰাজ্যিক মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে তৃণমূল কংগ্ৰেছৰ সাংসদ সমীৰুল ইছলামৰ এক প্ৰশ্নৰ উত্তৰত ৰাজ্যসভাত জানিবলৈ দিয়ে যে এন চি ই আৰ টিৰ মুঠ ২,৮৪৪ টা অনুমোদিত পদৰ ভিতৰত মাত্ৰ ১,২১৯ টা পদহে পূৰণ কৰা হৈছে। আনহাতে, ১,৬২৫ টা পদ অৰ্থাৎ প্ৰায় ৫৭.১ শতাংশ পদেই খালী হৈ আছে। পৰিসংখ্যা অনুসৰি আটাইতকৈ বেছি পদ খালী আছে ‘গ্ৰুপ-চি’ শাখাত। এই শাখাৰ ১,৫২০ টা পদৰ ভিতৰত ১,১০৯ টা পদেই খালী (প্ৰায় ৭৩ শতাংশ)। একেদৰে ‘গ্ৰুপ-বি’ৰ ৬৭৭ টা পদৰ ভিতৰত ৩০৮ টা (প্ৰায় ৪৫ শতাংশ) আৰু ‘গ্ৰুপ-এ’ৰ ৬৪৭ টা পদৰ ভিতৰত ২০৮ টা (প্ৰায় ৩২ শতাংশ) পদ খালী হৈ আছে।

Apply Now

ৰাজ্যসভাত প্ৰদান কৰা তথ্য অনুসৰি, ২০২০-২১ বৰ্ষৰ পৰা ২০২৪-২৫ বৰ্ষৰ ভিতৰত পৰিষদখনে মাত্ৰ ৪৪৫ জন স্থায়ী কৰ্মচাৰী নিযুক্তি দিয়াৰ বিপৰীতে একে সময়ছোৱাতে ৩,৫৬৭ জন ঠিকাভিত্তিক কৰ্মচাৰী নিযুক্তি দিছে। তাৎপৰ্যপূৰ্ণভাৱে, ২০২০-২১ আৰু ২০২১-২২ বৰ্ষত কোনো স্থায়ী নিযুক্তি হোৱা নাছিল। সংসদৰ শিক্ষা সম্পৰ্কীয় সমিতিয়ে ২০২৩ চনৰ লগতে শেহতীয়াকৈ ২০২৫ চনৰ মাৰ্চ মাহৰ প্ৰতিবেদনতো খালী পদসমূহ পূৰণ কৰি ঠিকাভিত্তিক নিযুক্তি বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল। অৱশ্যে, মন্ত্ৰী জয়ন্ত চৌধুৰীয়ে নিযুক্তি এক নিৰন্তৰ প্ৰক্ৰিয়া বুলি উল্লেখ কৰি নিয়ম অনুসৰি খালী পদসমূহ পূৰণৰ প্ৰচেষ্টা অব্যাহত থকা বুলি লিখিত উত্তৰত প্ৰকাশ কৰে। ইয়াৰ মাজতে যোৱা ডিচেম্বৰ আৰু শেহতীয়াকৈ ৩১ জানুৱাৰীত পৰিষদখনে খালী পদ পূৰণৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে।

কৰ্মচাৰীৰ অভাৱৰ এই বিষয়টোৱে শেহতীয়াকৈ অধিক চৰ্চা লাভ কৰিছে, কিয়নো এন চি ই আৰ টিয়ে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এখন পাঠ্যপুথি প্ৰত্যাহাৰ কৰিবলগীয়া হৈছে। কিতাপখনত ‘ন্যায়পালিকাত দুৰ্নীতি’ সম্পৰ্কীয় এটা অধ্যায় কোনো আইন বিশেষজ্ঞৰ পৰ্যালোচনা অবিহনেই অন্তৰ্ভুক্ত কৰা হৈছিল। নিয়ম অনুসৰি এন চি ই আৰ টিৰ ‘গ্ৰুপ-এ, বি আৰু চি’ৰ বিষয়াসকলে প্ৰশাসনিক কামৰ লগতে পাঠ্যপুথি ছপা, প্ৰকাশন, বিতৰণ আৰু বিশেষজ্ঞ সমিতিৰ সৈতে সমন্বয় ৰক্ষাৰ গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰে। পৰ্যাপ্ত কৰ্মচাৰীৰ অভাৱৰ বাবেই এনে গুৰুতৰ সমন্বয়হীনতাৰ সৃষ্টি হোৱা বুলি ধাৰণা কৰা হৈছে।

দিল্লী বিশ্ববিদ্যালয়ৰ শিক্ষা অনুষদৰ প্ৰাক্তন ডীন অনিতা ৰামপালে এই সন্দৰ্ভত কয় যে দীৰ্ঘদিন ধৰি পদসমূহ খালী হৈ থকা আৰু ঠিকাভিত্তিক কৰ্মচাৰীৰ ওপৰত নিৰ্ভৰশীলতাই যিকোনো শৈক্ষিক প্ৰতিষ্ঠানক দুৰ্বল কৰে। চাকৰিৰ নিৰাপত্তাহীনতাৰ বাবে এনে কৰ্মচাৰীসকলে গুৰুত্বপূৰ্ণ সিদ্ধান্তত প্ৰশ্ন উত্থাপন কৰিবলৈ কুণ্ঠাবোধ কৰে। তেওঁ লগতে ২০২৫-২৬ বৰ্ষৰ বাবে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ কিতাপখন পৰীক্ষাৰ ঠিক আগে আগে মুকলি কৰি পুনৰ প্ৰত্যাহাৰ কৰা কাৰ্যই ছাত্ৰ-ছাত্ৰীৰ প্ৰতি থকা চৰম গাফিলতি আৰু পৰ্যালোচনা প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাক উদঙাই দিয়া বুলি মন্তব্য কৰে। ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ আৰু ৰাষ্ট্ৰীয় পাঠ্যক্ৰম ৰূপৰেখা ২০২৩-ৰ আধাৰত নতুন পাঠ্যপুথি প্ৰস্তুতৰ দৰে গুৰুত্বপূৰ্ণ সময়ত এনে বৃহৎ পৰিমাণৰ পদ খালী হৈ থকাটোৱে সমগ্ৰ ব্যৱস্থাটোলৈকে ভাবুকি কঢ়িয়াই আনিছে বুলি হিমাচল প্ৰদেশ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ শিক্ষক নৱনীত শৰ্মায়ো উদ্বেগ প্ৰকাশ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

অসমৰ ৫গৰাকী ‘বিদেশী’ মহিলাৰ বিতাড়নত স্থগিতাদেশ বাহাল! শপতনামা দাখিলৰ বাবে ৰাজ্য চৰকাৰক দুসপ্তাহৰ সময় দিলে উচ্চতম ন্যায়ালয়ে

July 18, 2026 7:11 pm
বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

বিতৰ্কৰ মাজতে আমিৰ খানলৈ হত্যাৰ ভাবুকি লৰেন্স বিষ্ণৈ গেঙৰ

July 18, 2026 5:41 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইতিহাসৰ শিক্ষা

ইতিহাসৰ শিক্ষা

July 18, 2026 10:23 pm
বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

বশিষ্ঠত নিশা সোণম ৱাংচুকৰ ছবি অঁকাৰ অপৰাধত দুই যুৱকক গ্ৰেপ্তাৰ আৰক্ষীৰ! চৰকাৰক কঠোৰ সমালোচনা ছাত্ৰ আৰু যুৱ সংগঠনৰ

July 18, 2026 9:06 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd