NCERT পাঠ্যক্ৰমৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ কিতাপৰ পৰা আঁতৰিল ডাৰউইন! পত্ৰ লিখি প্ৰতিক্ৰিয়া বিজ্ঞানীৰ

এনচিআৰটিৰ দশম শ্ৰেণীৰ বিজ্ঞানৰ পৰা বাদ পৰিল ডাৰউইন।

ইতিমধ্যে ইতিহাসৰ কিতাপৰ আঁতৰিছে মোগল। মৌলানা আবুল কালাম আজাদো বাদ পৰিছে। এইবাৰ চিবিএছইৰ দশম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা বাদ পৰিছে ডাৰউইনৰ তত্ত্বও। বাদ দিছে কেন্দ্ৰীয় নিয়ামক সংস্থা এনচিইআৰটিয়ে। ইয়াকে লৈ বিজ্ঞানীসকলৰ মাজত তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। ডাৰউইনৰ বিৱৰ্তন তত্ত্বক শীঘ্ৰে বিজ্ঞান চৰ্চালৈ ঘূৰাই অনাৰ দাবীত বিজ্ঞানীসকলে মুকলি পত্ৰ দিছে।

এই পত্ৰখন ব্ৰেকথ্ৰু চাইন্স ছ’চাইটি নামৰ দেশৰ বিজ্ঞানীসকলৰ সংগঠনে এনচিইআৰটিলৈ প্ৰেৰণ কৰিছে। পত্ৰখনত চিবিএছই ব’ৰ্ডে ডাৰউইনৰ বিৱৰ্তন তত্ত্বক মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমত ঘূৰাই আনিবলৈ দাবী জনাইছে। পত্ৰখনত প্ৰায় ২০০০ গৰাকী বিজ্ঞানী, বিজ্ঞান শিক্ষক আৰু বিশেষজ্ঞই স্বাক্ষৰ কৰিছে।

লগতে পঢ়ক: গ্ৰেপ্তাৰ অমৃতপল সিং, অৱশেষত ৩৬ দিনৰ অন্তত আৰক্ষীৰ হাতত ধৰা পৰিল খালিস্তানী নেতাগৰাকী

ইয়াৰ ভিতৰত দেশৰ কেইবাটাও প্ৰধান শিক্ষানুষ্ঠান যেনে আই আই টি, আই আই এছ ই আৰ, টাটা ইনষ্টিটিউটৰ সৈতে জড়িত বিজ্ঞান বিশেষজ্ঞসকলো আছে। পত্ৰখখনত লিখা হৈছে, ‘বিৱৰ্তনৰ জ্ঞান কেৱল বিজ্ঞানেই নহয় বৰঞ্চ আমাৰ চৌপাশৰ জগতখন বুজি পোৱাৰ বাবেও অতি গুৰুত্বপূৰ্ণ। বিজ্ঞান আৰু দৈনন্দিন জীৱনৰ বিভিন্ন দিশ বুজিবলৈ, সিদ্ধান্ত লোৱাত ডাৰউইনৰ তত্ত্ব ফলপ্ৰসূ।‘’

একে সময়তে বিজ্ঞানীসকলে ভাবে যে ছাত্ৰ-ছাত্ৰীৰ মাজত বিজ্ঞানবোধ গঢ়ি তুলিবলৈ বিৱৰ্তন সম্পৰ্কীয় জ্ঞান গুৰুত্বপূৰ্ণ। ইয়াৰ অবিহনে বিজ্ঞান শিক্ষাৰ অভাৱ হৈ থাকিব। বিশেষজ্ঞসকলৰ মতে শিক্ষাত বঞ্চনাও ছাত্ৰ-ছাত্ৰীক প্ৰতাৰণা কৰাৰ সৈতে অন্তৰ্ভুক্ত।‘’

কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিজ্ঞানবিৰোধী চৰ্চাৰ খবৰ বহুবাৰ পোহৰলৈ আহিছে। বিজেপিৰ এগৰাকী নেতা পশিচমবংগৰ দিলীপ ঘোষৰ গৰুৰ গাখীৰত সোণৰ পৰা আৰম্ভ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশক প্ৰথম প্লাষ্টিক চাৰ্জাৰী বুলি উল্লেখ কৰালৈকে বিতৰ্কৰ সৃষ্টি হৈছে।

লগতে পঢ়ক: IPL-2023: অথলে গ’ল গ্ৰীণ-সূৰ্যৰ অনবদ্য যুঁজ; পঞ্জাৱৰ অৰ্শদ্বীপৰ যাদুত স্তব্ধ মুম্বাইৰ বিজয়ৰথ

ডাৰউইনৰ বিৱৰ্তন তত্ত্বৰ প্ৰত্যাখ্যানে এই বিতৰ্কত ইন্ধন যোগাইছে। ইতিমধ্যে বহুতেই বিজেপিৰ বিৰুদ্ধে ইতিহাস মচি পেলোৱাৰ অভিযোগ উত্থাপন কৰিছে। ইতিহাসবিদসকলেও ইয়াৰ তীব্ৰ প্ৰতিবাদ কৰিছে। বিজ্ঞানীসকলৰ এক বৃহৎ অংশৰ উদ্বেগেও সেই অভিযোগকে পুনৰ মান্যতা দিয়া বুলি ধাৰণা কৰিছে সচেতন মহলে।

অৱশ্যে এই সন্দৰ্ভত কেন্দ্ৰ বা এনচিইআৰটিৰ পৰা কোনো বিবৃতি পোৱা হোৱা নাই।