• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

IPL-2023: অথলে গ’ল গ্ৰীণ-সূৰ্যৰ অনবদ্য যুঁজ; পঞ্জাৱৰ অৰ্শদ্বীপৰ যাদুত স্তব্ধ মুম্বাইৰ বিজয়ৰথ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
April 23, 2023 7:52 am
ফটো সৌজন্য: আইপিএল।

ফটো সৌজন্য: আইপিএল।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চলিত আই পি এলত শ্বাসৰুদ্ধকাৰী মেচৰ সংখ্যাও কম নহয়। বিগত ডেৰ সপ্তাহত প্ৰায় সকলো মেচ অন্তিম অভাৰতে মীমাংসা হৈছে। শনিবাৰে মুম্বাই বনাম পঞ্জাৱৰ মেচখনো সেই তালিকাত যোগ হৈছে।

ৱানখেড়েত চলিত প্ৰতিযোগিতাখনৰ অন্যতম শ্ৰেষ্ঠ যুঁজখন প্ৰত্যক্ষ হৈছিল। আৰু সেই যুঁজখনত শেষ হাঁহি মাৰিছে অতিথি দল পঞ্জাবে। গ্ৰীণ আৰু সূৰ্য্যৰ অনবদ্য যুঁজ অথলে গ’ল। অন্তিম অভাৰত অবিশ্বাস্য বলিংৰে ১৩ ৰানেৰে পঞ্জাৱক বিজয়ী কৰে অৰ্শদ্বীপ সিঙে।

ফটো সৌজন্য: আইপিএল।

টছত জয়ী হৈ মুম্বাইৰ অধিনায়ক ৰোহিত শৰ্মাই পঞ্জাবক প্ৰথমে বলিং কৰিবলৈ আমন্ত্ৰণ কৰে। কিন্তু ৰোহিতৰ এই সিদ্ধান্ত ভুল বুলি প্ৰমাণ কৰি ছেম কুৰানৰ নেতৃত্বত পঞ্জাৱে ২১৪ ৰানৰ বিশাল ইনিংছ গঢ়ে। অধিনায়ক কুৰানে নিজেই ২৯টা বলত ৫৫ ৰান সংগ্ৰহ কৰে। দলটোৰ হৈ হৰপ্ৰীত সিঙে ২৮টা বলত ৪১ ৰান সংগ্ৰহ কৰে। শেষত জিতেশ শৰ্মাই ৭টা বলত ২৫ ৰানৰ এক সুন্দৰ ইনিংছ খেলে।

Apply Now
ফটো সৌজন্য: আইপিএল।

পূৰ্বৰ খেলখনত মুম্বাইৰ অন্যতম শ্ৰেষ্ঠ বলাৰ অৰ্জুন টেণ্ডুলকাৰৰ দিনটো বেয়া আছিল। ১৬ নং অভাৰত কুৰাণ আৰু হৰপ্ৰীতৰ বিৰুদ্ধে শচীনপুত্ৰই ৩১ ৰান খৰচ কৰে। যিটো বৰ্তমানৰ আই পি এলত আটাইতকৈ বেছি ৰানৰ অভাৰ। ইয়াৰ পূৰ্বে গুজৰাটৰ যশ দয়ালে কেকেআৰৰ ৰিংকু সিঙক এটা অভাৰত ৩১ ৰান দিছিল।

প্ৰত্যুত্তৰত মুম্বাইৰ আৰম্ভণি ভাল নহ’ল। দলৰ হৈ মাত্ৰ ৮ ৰানৰ অন্তত পেভিলিয়নলৈ উভতি আহে ঈশান কিষাণ। কিন্তু ঈশানৰ উইকেটৰ পাছত কেমেৰন গ্ৰীণ আৰু অধিনায়ক ৰোহিতে স্থিতি মজবুত কৰে। প্ৰাৰম্ভিক আঘাত চম্ভালি লোৱাৰ পিছত তেওঁলোকে ৰাণৰ গতি বৃদ্ধি কৰিবলৈ ধৰে।

ফটো সৌজন্য: আইপিএল।

ৰোহিতে ২৭টা বলত ৪৪ ৰান কৰি আউট হয়। আনহাতে, গ্ৰীণে ৪৩টা বলত ৬৭ ৰানৰ ইনিংছ খেলিছিল। কিন্তু সূৰ্যকুমাৰ যাদৱে খেলৰ গতি সম্পূৰ্ণৰূপে সলনি কৰিলে। ক্ৰীজলৈ অহাৰ পৰাই সূৰ্য্যই পঞ্জাৱৰ বলাৰৰ ওপৰত নিৰ্মম প্ৰহাৰ কৰিবলৈ আৰম্ভ কৰে। তেওঁ মাত্ৰ ২৬টা বলত ৫৭ ৰান সংগ্ৰহ কৰে।

ফটো সৌজন্য: আইপিএল।

যেতিয়া সূৰ্য্য আউট হৈছিল তেতিয়াও মুম্বাইক ১৪টা বলত ৩৩ ৰানৰ প্ৰয়োজন আছিল। স্বাভাৱিকতে পঞ্জাৱ বাবে উভতি ধৰাৰ পথ মুকলি আছিল। আৰু অৰ্শদ্বীপ সিং আৰু নাথান এলিছে ঠিক সেয়াই কৰিলে। সূৰ্যৰ উইকেটৰ পাছত ভাল ফৰ্মত থকা তিলক বাৰ্মা, টিম ডেভিডছে সেই ৩৩ ৰান কৰিব নোৱাৰিলে। দলটো ২০১ ৰানতে ৰৈ গ’ল।

ফটো সৌজন্য: আইপিএল।

অন্তিম অভাৰত ১৬ ৰানৰ প্ৰয়োজন হৈছিল। অৰ্শদ্বীপে মাত্ৰ ২ ৰানহে খৰচ কৰে আৰু দুটা উইকেট তুলি লয়। দুবাৰকৈ তেওঁ বেটছমেনৰ মিডল-ষ্টাম্প ভাঙি পেলায়। মুঠতে খেলখনত ৪টা উইকেট লাভ কৰে অৰ্শদ্বীপে। ১৩ ৰানৰ জয়ৰ ফলত পঞ্জাৱ পইণ্ট তালিকাৰ পঞ্চম স্থানলৈ উন্নীত হয়।

সংক্ষিপ্ত স্ক’ৰ:

পঞ্জাৱঃ ২১৪-৮ (কুৰাণ ৪৪, হৰপ্ৰীত সিং ৪১)

মুম্বাইঃ ২০১-৬ (গ্ৰীণ ৬৭, সূৰ্য্য ৫৭, অৰ্শদ্বীপ  সিং ৪-২৯)

১৩ ৰানত জয়লাভ কৰে পঞ্জাবে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd