• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দশম শ্ৰেণীৰ পাঠ্যপুথিৰ পৰা বাদ পৰিল ‘পিৰিয়ডিক টেবুল’,‘গণতন্ত্ৰৰ অধ্যায়: বিতৰ্কত NCERT

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
June 1, 2023 6:53 pm
প্রতিনিধিত্বমূলক ফটো।

প্রতিনিধিত্বমূলক ফটো।

2.5k
VIEWS
Share on FacebookShare on Twitter

দশম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিৰ পৰা ‘পিৰিয়ডিক টেবুল’ বাদ দিয়া হৈছে। নেশ্যনেল কাউন্সিল অৱ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং (NCERT)য়ে প্ৰকাশ কৰা তালিকাত উল্লেখ কৰা হৈছে যে সমগ্ৰ ‘পিৰিয়ডিক টেবুল’ অধ্যায়টো বাদ দিয়া হৈছে। কেৱল সেয়াই নহয়, ‘গণতান্ত্ৰিক ৰাজনীতি’ৰ অন্তৰ্গত কেইবাটাও বিষয়ো বাদ দিয়া হৈছে। গণতন্ত্ৰৰ সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ওপৰত এটা সম্পূৰ্ণ অধ্যায় বাদ দিয়া হৈছে।

এনচিইআৰটিৰ তথ্য অনুসৰি কৰ’না মহামাৰীৰ পাছত ছাত্ৰ-ছাত্ৰীৰ ওপৰত বোজা কমাবলৈ পাঠ্যক্ৰম কৰ্তন কৰা হৈছে। লগতে এনচিইআৰটিয়ে কয় যে যদি সেই শিতান সংশ্লিষ্ট শ্ৰেণীৰ আন কোনো বিষয়ত থাকে বা সেই শাখাটো যদি কোনো নিম্ন বা উচ্চ শ্ৰেণীত অন্তৰ্ভুক্ত কৰা হয় বা যদি কোনো শিতান ছাত্ৰ-ছাত্ৰীৰ বাবে সহজলভ্য হয় বা যদি কোনো শিতান বৰ্তমানৰ পৰিস্থিতিত অপ্রাসংগিক হয় তেতিয়াহ’লে সেই ধাৰাটো বাদ দিয়া হৈছে।

পিৰিয়ডিক টেবুল।

 

সেই যুক্তিবোৰৰ মাজতো ‘পৰ্যাবৃত্ত তালিকা’(পিৰিয়ডিক টেবুল)ৰ দৰে অতি গুৰুত্বপূৰ্ণ খণ্ড এটা সম্পূৰ্ণৰূপে বাদ দিয়াৰ বাবে বিতৰ্কৰ সৃষ্টি হৈছে। কাৰণ ‘পৰ্যাবৃত্ত তালিকা’ অতি মৌলিক। যাৰ ভিত্তিত পিছত বিভিন্ন বিষয় অধ্যয়ন কৰিবলগীয়া হয়। ফলত যদি ছাত্ৰ-ছাত্ৰীৰ আৰম্ভণিতে কোনো বিষয়ৰ বিষয়ে স্পষ্ট বুজাবুজি নাথাকে, তেন্তে বুনিয়াদটো ঠুনুকা হ’ব।

লগতে পঢ়ক: অসহনীয়! চুডানত সংঘৰ্ষ চলি থকাৰ মাজতে অনাথ আশ্ৰমত আৱদ্ধ হৈ থকা ৬০ টি শিশুৰ কৰুণ মৃত্যু

সংশ্লিষ্ট মহলৰ মতে, ছাত্ৰ-ছাত্ৰীসকলৰ পিছত সমস্যা হ’ব। অৱশ্যে আন একাংশই কয় যে নৱম শ্ৰেণীত ‘পিৰিয়াডিক টেবুল’ আছে। ফলত তাতেই ছাত্ৰ-ছাত্ৰীৰ ধাৰণা গঢ় লৈ উঠিব। গতিকে অপ্ৰয়োজনীয় বিতৰ্ক কৰি লাভ নাই।

কিন্তু এনচিইআৰটি বিতৰ্কৰ আওতালৈ অহা এইটো প্ৰথম নহয়। ১৯৬১ চনত সৃষ্টি হোৱা এই সংগঠনটোৱে স্কুলীয়া শিক্ষাৰ ক্ষেত্ৰত চৰকাৰক বিভিন্ন পৰামৰ্শ আগবঢ়ায়। কিন্তু শেহতীয়াকৈ এনচিইআৰটিৰ কেইবাটাও সিদ্ধান্তৰ ওপৰত তীব্ৰ বিতৰ্ক হৈছে। জীৱবিজ্ঞানৰ পাঠ্যপুথিৰ পৰা ডাৰউইনৰ তত্ত্ব বাদ দিয়া হৈছে। যিটো জীৱন বিজ্ঞান সম্পৰ্কীয় মহলৰ অতি মৌলিক বিষয়।

লগতে পঢ়ক: জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ ঘটনাই আৰক্ষীৰ অপৰাধীকৰণৰ ছবিখন স্পষ্ট কৰিলে: ডি ৱাই এফ আই

এটা বিশেষ ৰাজনৈতিক মতাদৰ্শৰ প্ৰসাৰৰ বাবে এনচিইআৰটিৰ কেইবাটাও পাঠ্যক্ৰমৰ পৰিৱৰ্তন কৰা বুলিও বিৰোধীয়ে অভিযোগ উত্থাপন কৰে। পাঠ্যক্ৰমৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ অংশ বাদ দিয়া হৈছে। একাধিক অংশ যোগ দিয়া হৈছে।

Recent News

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

ব্লেক আউটেও ৰখাব নোৱাৰিলে বিয়া : অন্ধকাৰতেই সাত জনম একেলগে থকাৰ পণ ল’লে যোধপুৰৰ দম্পতীয়ে

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

৪০০ ড্ৰোণেৰে ভাৰতৰ ৩৭ টা স্থানত আক্ৰমণৰ পৰিকল্পনা পাকিস্তানৰ : বায়ুসেনাই আকাশতে নিষ্ক্ৰিয় কৰিলে আটাইবোৰ ড্ৰোণ

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

দেশমাতৃৰ ৰক্ষাৰ বাবে ছহিদ বৰণ শ্ৰমিক সন্তানৰ : পাক সেনাৰ গোলাবৰ্ষণত নিহত ২৫ বছৰীয়া সেনা জোৱান

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

‘অপাৰেশ্যন সিন্দূৰ’ সন্দৰ্ভত আপত্তিজনক ৱাটছএপ ষ্টেটাছ! নিলম্বিত হ’ল মহাবিদ্যালয়ৰ অধ্যাপিকা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd