শিক্ষাৰ ক্ষেত্ৰত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিত আয়ুৰ্বেদ বিষয়ক এটা অধ্যায় অন্তৰ্ভুক্ত কৰিছে।
এই পৰিৱৰ্তনৰ লক্ষ্য হৈছে ৰাষ্ট্ৰীয় শিক্ষা নীতি (এন ই পি) ২০২০ৰ অধীনত ভাৰতীয় জ্ঞান পৰম্পৰাক আধুনিক শিক্ষাৰ সৈতে একত্ৰিত কৰা। এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক বিজ্ঞান, লগতে স্বাস্থ্য, পুষ্টি আৰু পৰিৱেশৰ ভাৰসাম্যক ভাৰতীয় দৃষ্টিকোণৰ পৰা বুজি পোৱাৰ সুযোগ প্ৰদান কৰিব।
এনচিইআৰটিৰ সঞ্চালক দীনেশ প্ৰসাদ চাকলানীৰ মতে, এই পৰিৱৰ্তনৰ লক্ষ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক বৈজ্ঞানিক জ্ঞানৰ লগতে শাৰীৰিক আৰু মানসিক সুস্থতাৰ নীতিৰ সৈতে সংযোগ কৰা। আয়ুৰ্বেদৰ ২০টা গুণৰ দৰে মৌলিক নীতি ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ পাঠ্যপুথিত সংযোজন কৰা হৈছে।
একে সময়তে অষ্টম শ্ৰেণীত “আয়ুৰ্বেদ: শৰীৰ, মন আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা” শীৰ্ষক এটা নতুন অধ্যায় সংযোজন কৰা হৈছে, য’ত দৈনন্দিন কাম-কাজ আৰু ঋতুভিত্তিক জীৱনশৈলীৰ দৰে বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।
আয়ুৰ্বেদক বিদ্যালয় পৰ্যায়ত সীমাবদ্ধ ৰখাৰ পৰিৱৰ্তে ইউজিচি আৰু আয়ুষ মন্ত্ৰালয়ে যৌথভাৱে কলেজ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাতো ইয়াক অন্তৰ্ভুক্ত কৰিবলৈ বিশেষ মডিউল প্ৰস্তুত কৰিছে।
আয়ুষ মন্ত্ৰী প্ৰতাপ্ৰৱ যাদৱৰ মতে এলোপেথী আৰু আয়ুষ দুয়োটা ব্যৱস্থাই ইটোৱে সিটোৰ পৰিপূৰক আৰু একেলগে এক সংহত স্বাস্থ্যসেৱাৰ আৰ্হি সৃষ্টি কৰিব পাৰে। এই পদক্ষেপে ছাত্ৰ-ছাত্ৰীসকলক পৰম্পৰাগত ভাৰতীয় চিকিৎসা বিজ্ঞানৰ গভীৰতা বুজিবলৈ সুযোগ প্ৰদান কৰিব।
এন ই পি-২০২০ৰ মূল উদ্দেশ্য হৈছে ভাৰতীয় জ্ঞান ঐতিহ্যৰ সৈতে শিক্ষাক সংযোগ কৰা। আয়ুৰ্বেদক বিজ্ঞানৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাটোৱে প্ৰাচীন ভাৰতীয় বিজ্ঞানৰ প্ৰতি ছাত্ৰ-ছাত্ৰীৰ সন্মান বৃদ্ধি কৰাই নহয়, তেওঁলোকক স্বাস্থ্য সচেতন আৰু দায়িত্বশীল নাগৰিক কৰি তুলিব। এই পৰিৱৰ্তনে আধুনিক উন্নত শিক্ষা আৰু পৰম্পৰাগত জ্ঞানৰ মাজত সেতু হিচাপে কাম কৰিব।





