• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ পাঠ্যপুথিত ‘ন্যায়পালিকাত দুৰ্নীতি’ৰ প্ৰসংগ: ক্ষোভ প্ৰকাশ মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 25, 2026 1:24 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ (এনচিইআৰটি) অষ্টম শ্ৰেণীৰ এখন পাঠ্যপুথিত ‘ন্যায়পালিকাত দুৰ্নীতি’ৰ প্ৰসংগ উল্লেখ কৰা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্য কান্তে। এই কাৰ্যক ন্যায়পালিকাক বদনাম কৰাৰ এক ‘পূৰ্বপৰিকল্পিত আৰু গভীৰ ষড়যন্ত্ৰ’ বুলি অভিহিত কৰি ভাৰতৰ মুখ্য ন্যায়াধীশগৰাকীয়ে ক্ষোভ প্ৰকাশ কৰাৰ লগতে সমগ্ৰ বিষয়টোক লৈ স্বতঃপ্ৰণোদিত (suo motu) ব্যৱস্থা গ্ৰহণৰ কঠোৰ সকীয়নি দিছে।

আদালতত জ্যেষ্ঠ অধিবক্তা কপিল চিব্বল আৰু অভিষেক মনু সিংভিয়ে এই বিষয়টো উত্থাপন কৰি মুখ্য ন্যায়াধীশক স্বতঃপ্ৰণোদিত গোচৰ ৰুজু কৰিবলৈ অনুৰোধ জনায়। অধিবক্তাদ্বয়ে যুক্তি দৰ্শায় যে পাঠ্যপুথিখনত কেৱল ন্যায়পালিকাকহে দুৰ্নীতিৰ সৈতে সাঙুৰি লোৱাটো উদ্দেশ্যপ্ৰণোদিত যেন বোধ হয়, কিয়নো চৰকাৰৰ আন অংগসমূহ যেনে- মন্ত্ৰী, আমোলা, আৰক্ষী বা ৰাজনীতিবিদসকলৰ দুৰ্নীতিৰ বিষয়ে ইয়াত কোনো উল্লেখ নাই। এই অভিযোগৰ প্ৰতি সঁহাৰি জনাই মুখ্য ন্যায়াধীশ সূৰ্য কান্তই কয় যে তেওঁ কেতিয়াও এনে কাৰ্য হ’বলৈ নিদিয়ে। বাৰ আৰু বেঞ্চৰ লগতে উচ্চ ন্যায়ালয়ৰ সকলো ন্যায়াধীশ এই কথাত ক্ষুব্ধ হৈ পৰা বুলি উল্লেখ কৰি তেওঁ কয় যে আইন অনুসৰি এই ক্ষেত্ৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব আৰু প্ৰতিষ্ঠানটোৰ মুৰব্বী হিচাপে তেওঁ কাকো ইয়াক বদনাম কৰিবলৈ সুযোগ নিদিব।

Apply Now

একেখন বিচাৰপীঠৰ ন্যায়াধীশ জয়মাল্য বাগচীয়েও এই বিষয়টোৱে গুৰুতৰ সাংবিধানিক প্ৰশ্নৰ অৱতাৰণা কৰা বুলি মত প্ৰকাশ কৰে। তেওঁ উল্লেখ কৰে যে বিদ্যালয়ৰ পাঠ্যপুথিত ন্যায়পালিকাক এনেদৰে উপস্থাপন কৰাটোৱে সাংবিধানিক অখণ্ডতাৰ লগতে ক্ষমতাৰ পৃথকীকৰণ (separation of powers) নীতিৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাব, যিটো ভাৰতীয় সংবিধানৰ মূল গাঁথনি তত্ত্বৰ এক অবিচ্ছেদ্য অংগ।

উল্লেখ্য যে, এনচিইআৰটিৰ অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিখনৰ “আমাৰ সমাজত ন্যায়পালিকাৰ ভূমিকা” শীৰ্ষক সংশোধিত অধ্যায়টোত ভাৰতীয় ন্যায়িক ব্যৱস্থাৰ সন্মুখত থকা প্ৰধান প্ৰত্যাহ্বানসমূহৰ বিষয়ে আলোচনা কৰা হৈছে। আগৰ সংস্কৰণসমূহত কেৱল আদালতৰ গাঁথনি আৰু কাৰ্যৱলীৰ বিষয়েহে আলোচনা কৰা হৈছিল। কিন্তু নতুন সংস্কৰণটোত প্ৰত্যাহ্বানসমূহৰ ভিতৰত দুৰ্নীতি, বৃহৎ সংখ্যক বিচাৰাধীন গোচৰ আৰু পৰ্যাপ্ত ন্যায়াধীশৰ অভাৱৰ কথা উল্লেখ কৰা হৈছে। ‘ন্যায়পালিকাত দুৰ্নীতি’ শীৰ্ষক এক সুকীয়া উপ-বিভাগত স্পষ্টকৈ কোৱা হৈছে যে ন্যায়াধীশসকল এক নিৰ্দিষ্ট আচাৰ-বিধিৰ দ্বাৰা পৰিচালিত হয়, যিয়ে কেৱল আদালতৰ ভিতৰতেই নহয়, আদালতৰ বাহিৰতো তেওঁলোকৰ আচৰণ নিয়ন্ত্ৰণ কৰে। কিতাপখনত দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ লোকসকলে ন্যায়পালিকাত বিভিন্ন স্তৰত দুৰ্নীতিৰ সন্মুখীন হোৱা বুলিও দাবী কৰা হৈছে।

তদুপৰি, সংশোধিত পাঠ্যপুথিখনত ন্যায়ালয়সমূহত বিচাৰাধীন হৈ থকা গোচৰৰ এক ভয়াবহ পৰিসংখ্যা দাঙি ধৰা হৈছে। তথ্য অনুসৰি, বৰ্তমান উচ্চতম ন্যায়ালয়ত প্ৰায় ৮১,০০০, বিভিন্ন উচ্চ ন্যায়ালয়ত ৬২.৪০ লাখ আৰু জিলা তথা নিম্ন আদালতসমূহত ৪.৭০ কোটি গোচৰ বিচাৰাধীন হৈ আছে। লগতে, স্বচ্ছতা আৰু উত্তৰদায়িত্বৰ প্ৰসংগ টানি কিতাপখনত কেন্দ্ৰীভূত ৰাজহুৱা অভিযোগ নিবাৰণ আৰু নিৰীক্ষণ ব্যৱস্থাৰ (CPGRAMS) কথাও উল্লেখ কৰা হৈছে। এই অধ্যায়টোত ভাৰতৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ এক বক্তব্যও সন্নিৱিষ্ট কৰা হৈছে, য’ত তেওঁ কৈছিল যে ন্যায়পালিকাৰ ভিতৰত দুৰ্নীতি আৰু অসদাচৰণৰ ঘটনাই ৰাইজৰ আস্থা লাঘৱ কৰে যদিও ক্ষীপ্ৰ, নিৰ্ণায়ক আৰু স্বচ্ছ ব্যৱস্থা গ্ৰহণেৰে এই বিশ্বাস পুনৰ ঘূৰাই আনিব পৰা যায়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

মহিলা সৱলীকৰণ আৰু শৈক্ষিক উৎকৰ্ষতাৰ প্ৰতিশ্ৰুতিৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ ত্ৰয়োদশ প্ৰতিষ্ঠা দিৱস উদযাপন

September 12, 2026 7:47 pm
শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

শঙ্কৰদেৱৰ আদৰ্শৰ বৰ্তমান প্ৰাসংগিকতা

September 12, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

টেষ্ট ক্ৰিকেটত ভংগ হ’ল শচীন তেণ্ডুলকাৰৰ সৰ্বাধিক অৰ্ধশতকৰ অভিলেখ

September 12, 2026 9:45 pm
শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

শিক্ষানুষ্ঠানত ধৰ্মীয় অনুষ্ঠান নিষিদ্ধ কৰাৰ দাবীৰে গুজৰাটৰ অধ্যাপকৰ মুকলি পত্ৰ

September 12, 2026 8:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd