• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ন্যায়ালয়ৰ অবমাননাৰ অভিযোগ: সৰ্বোচ্চ ন্যায়ালয়ৰ কঠোৰ স্থিতিৰ পাছতে বিতৰ্কিত পাঠ্যপুথি বাতিল এনচিইআৰটিৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 10, 2026 12:45 pm
19
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন্যায় ব্যৱস্থাক লৈ বিতৰ্কিত পাঠ্যক্ৰম প্ৰকাশ কৰি দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰা এনচিইআৰটিয়ে অৱশেষত বিতৰ্কিত কিতাপখন প্ৰত্যাহাৰ কৰিছে। অহা ১১ মাৰ্চত উচ্চতম ন্যায়ালয়ত অনুষ্ঠিত হ’বলগীয়া শুনানিৰ এদিন পূৰ্বে মঙলবাৰে সামাজিক মাধ্যমযোগে এক বিবৃতি প্ৰকাশ কৰি অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথিখনত থকা ভুলৰ বাবে প্ৰতিষ্ঠানটোৱে ক্ষমা বিচাৰে।

সামাজিক মাধ্যম ‘এক্স’ যোগে এক আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰি এনচিইআৰটিয়ে জনায় যে শেহতীয়াকৈ প্ৰকাশিত অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ নতুন পাঠ্যপুথি “Exploring Society: India and Beyond”ৰ এটা নিৰ্দিষ্ট অধ্যায়ত গুৰুতৰ ত্ৰুটি ৰৈ গৈছিল। ‘সমাজত ন্যায়ালয়ৰ ভূমিকা’ শীৰ্ষক এই অধ্যায়টোত থকা ভুলৰ বাবে প্ৰতিষ্ঠানটোৰ নিৰ্দেশকসহ সকলো সদস্যই নিঃচৰ্ত ক্ষমা বিচাৰিছে। বিবৃতিটোত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে উক্ত কিতাপখন ইতিমধ্যে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে আৰু বৰ্তমান ক’তো উপলব্ধ নহয়। এই সন্দৰ্ভত সৃষ্টি হোৱা অসুবিধাৰ বাবে ক্ষমাপ্ৰাৰ্থনা কৰি পৰিষদখনে কয়, “দেশত শৈক্ষিক পৰিৱেশ সুস্থ কৰি ৰখাৰ স্বাৰ্থত এনচিইআৰটি শুদ্ধ, দায়িত্বসম্পন্ন আৰু সংবেদনশীল হৈ থকাৰ পণত অটল আছে আৰু থাকিব।”

Apply Now

উল্লেখ্য যে, কেন্দ্ৰীয় পাঠ্যপুথিখনৰ উক্ত অধ্যায়টোত ন্যায় ব্যৱস্থাত চলি থকা দুৰ্নীতি আৰু আদালতত দীৰ্ঘদিন ধৰি নিষ্পত্তি নোহোৱাকৈ পৰি ৰোৱা গোচৰসমূহৰ বিষয়ে মুকলিকৈ উল্লেখ কৰা হৈছিল। এই বিষয়টো পোহৰলৈ অহাৰ লগে লগে দেশৰ ন্যায়পালিকাই ইয়াৰ তীব্ৰ বিৰোধিতা কৰে আৰু সমগ্ৰ দেশজুৰি চৰ্চাৰ সৃষ্টি হয়। পৰিস্থিতিৰ গুৰুত্ব উপলব্ধি কৰি উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ (suo motu) গোচৰ ৰুজু কৰি পাঠ্যপুথিখনৰ প্ৰকাশ আৰু বিক্ৰীৰ ওপৰত তৎকালীন নিষেধাজ্ঞা জাৰি কৰিছিল। পৰৱৰ্তী সময়ত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনিবলৈ এনচিইআৰটিয়ে বিতৰণ কৰা সকলো কিতাপ ঘূৰাই দিবলৈ নিৰ্দেশনা জাৰি কৰিবলৈ বাধ্য হৈছিল।

এই সমগ্ৰ বিতৰ্কক লৈ উচ্চতম ন্যায়ালয়ে তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰি কঠোৰ স্থিতি গ্ৰহণ কৰিছিল। যোৱা ২৬ ফেব্ৰুৱাৰীত এই গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ে এনচিইআৰটিৰ নিৰ্দেশক আৰু কেন্দ্ৰীয় বিদ্যালয় শিক্ষা বিভাগৰ সচিবলৈ কাৰণ দৰ্শোৱাৰ জাননীও জাৰি কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

এটা যুগৰ অৱসান! বিশিষ্ট কমিউনিষ্ট ইতিহাসবিদ সুমিত চৰকাৰৰ ৮৭ বছৰত মৃত্যু

August 14, 2026 7:30 pm
অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

অসমীয়া প্ৰতিদিন কাকতক ন্যায়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ : খাৰিজ হ’ল ১৬ বছৰ পুৰণি গোচৰ

August 14, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

অৰুণাচলত LGBTQIA+ সমুদায়ৰ বিৰুদ্ধে ব্যাপক হাৰাশাস্তি আৰু বৈষম্যৰ অভিযোগ, সমীক্ষাত উদ্বেগজনক তথ্য

August 14, 2026 9:30 pm
চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

চাভাৰকাৰ মন্তব্যৰ গোচৰত ৰাহুল গান্ধীৰ আইনী সকাহ, উত্তৰ প্ৰদেশৰ ফৌজদাৰী মামলা খাৰিজ উচ্চতম ন্যায়ালয়ত

August 14, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd