ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদে (এনচিইআৰটি) অনুমোদন জনোৱা পাঠ্যপুথিসমূহৰ ভিতৰত ইণ্ডিয়া শব্দৰ লগত ভাৰত শব্দও অন্তৰ্ভুক্ত কৰা হৈছে।এই কথা সদৰী কৰিছে প্ৰতিষ্ঠানটোৰ সঞ্চালক দীনেশ প্ৰসাদ সকলানীয়ে। সমাজ বিজ্ঞানৰ পাঠ্যক্ৰম সংশোধনৰ বাবে উচ্চ পৰ্যায়ৰ পেনেলৰ পৰামৰ্শৰ ভিত্তিত এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। কংগ্ৰেছে এই সিদ্ধান্তক তীব্ৰ সমালোচনা কৰে। দলটোৰ মুখ্য মুখপাত্ৰ জয়ৰাম ৰমেশে অভিযোগ কৰে যে ২০১৪ চনৰ পৰা এনচিইআৰটিয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অধীনস্থ প্ৰতিষ্ঠানৰ দৰে কাম কৰি আহিছে।
এনচিইআৰটিৰ ৰাজনীতি বিজ্ঞানৰ পাঠ্যপুথিত অযোধ্যা-অধ্যায় সংশোধন কৰা হৈছে। কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ নিয়ন্ত্ৰণত থকা স্বায়ত্তশাসিত সংগঠনটোৱে ইয়াক লৈ বিতৰ্কৰ মাজতে নতুন নিৰ্দেশ জাৰি কৰে। এনচিইআৰটিৰ মুৰব্বী দীনেশ সকলানীয়ে কয়, ‘পাঠ্যপুথিত ভাৰত আৰু ইণ্ডিয়া ব্যৱহাৰ কৰিলে কোনো আপত্তি নাই। সংবিধানৰ লগত মিল আছে… ইয়াৰ ওপৰত কিয় আপত্তি হ’ব? আমি এই বিতৰ্কত নাই। প্ৰয়োজনত ভাৰত আৰু ইণ্ডিয়া দুয়োটা শব্দই ব্যৱহাৰ কৰা হ’ব। খবৰ অনুসৰি পেনেলে ইণ্ডিয়াৰ লগতে ভাৰত শব্দৰ ব্যৱহাৰত অনুমোদন জনায়।
কংগ্ৰেছ মুখপত্ৰ জয়ৰাম ৰমেশে অভিযোগ কৰে যে এনচিইআৰটিয়ে সংঘ পৰিয়ালৰ সংযুক্ত সংস্থাৰ দৰে কাম কৰি আছে। তেওঁ কয়, সংবিধানৰ প্ৰস্তাৱনাত ধৰ্মনিৰপেক্ষতাৰ কথা স্পষ্টকৈ উল্লেখ আছে। যি ভাৰত গণৰাজ্যৰ অন্যতম ভেটি। কিন্তু এনচিইআৰটিয়ে সংবিধানৰ ধৰ্মনিৰপেক্ষতাক অহৰহ আক্ৰমণ কৰি আছে।’ এআইচিচিৰ সাধাৰণ সম্পাদকজনে NEET প্ৰশ্নকাকত ফাদিল হোৱাক লৈ কেন্দ্ৰক লক্ষ্য কৰি লয়। তেওঁ অভিযোগ কৰে যে বিজেপিৰ শাসনকালত উত্তৰ প্ৰদেশত ৪০টাতকৈও অধিক প্ৰশ্ন ফাদিলৰ ঘটনা সংঘটিত হৈছে৷