NORTHEAST NOW (Assamese)

সম লিংগৰ বিবাহক বৈধতা প্ৰদানৰ বাবে লোকসভাত বিধেয়ক উত্থাপন

April 2, 2022 12:30 pm · এন ই নাও নিউজ,গুৱাহাটী

দেশত সম লিংগৰ বিবাহক বৈধতা প্ৰদান কৰাৰ এখন বিধেয়ক ৰাজ্যসভাৰ মজিয়াত দাখিল কৰে লোকসভাৰ সাংসদ সুপ্ৰিয়া চুলেই ।

এন চি পিৰ সাংসদগৰাকীয়ে সমকামী বিবাহক বৈধতা প্ৰদান কৰিলে এনে বিবাহ বিচাৰি থকা লোকসকল উপকৃত হ’ব বুলি মন্তব্য কৰে।

উল্লেখ্য সম লিংগৰ বিবাহক সমৰ্থন কৰাসকলে এনে বিবাহক বৈধতা প্ৰদান কৰাৰ বাবে দীৰ্ঘদিন ধৰি দাবী জনাই আহিছে।
সাংসদগৰাকীয়ে বিশেষ বিবাহ আইনৰ সংশোধন বিচাৰি বিধেয়কখন উত্থাপন কৰে।

চুলেই কয় যে এই আইনখনক বিশেষ বিবাহ (সংশোধনী) আইন, ২০২২ বুলি কোৱা হ’ব পাৰে ।

বিশেষ বিবাহ (সংশোধনী) বিধেয়ক, ২০২২ সম্পৰ্কে মত পোষণ কৰি চুলেই কয় যে এই বিধেয়কে এনে বিবাহ সম্পন্ন কৰিবলৈ আৰু দুয়োটা পক্ষ পুৰুষ হ’লে ২১ বছৰ আৰু দুয়োগৰাকী মহিলা হ’লে ১৮ বছৰ বয়স হ’ব লাগিব।

বিশেষ বিবাহ আইন, ১৯৫৪ ৰ সংশোধন কৰাৰ প্ৰস্তাৱো এই নতুন বিধেয়ক খনত দিয়া হৈছে।

বিধেয়কখনে সংবিধানৰ অনুচ্ছেদ ১৪ আৰু অনুচ্ছেদ ২১ এনুসৰি সকলো ক্ষেত্ৰতে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিব বুলি চুলেই মন্তব্য কৰে।

ইয়াৰ পূৰ্বে কেন্দ্ৰই দিল্লী উচ্চ ন্যায়ালয়ক কৈছিল যে একে লিংগৰ দুজন ব্যক্তিৰ মাজত বিবাহ স্বীকৃত বা গ্ৰহণযোগ্য নহয়।

Related News