NORTHEAST NOW (Assamese)
দেশ

ভাৰতীয় সেনাত ইতিহাস ৰচিলে ১৭ তৰুণীয়ে : ৩০০ পুৰুষৰ সৈতে প্ৰতিযোগিতা কৰি জিলিকি উঠিল এনডিএ-ৰ ছাত্ৰী

Posted by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী Updated by: নৰ্থ-ইষ্ট নাও, গুৱাহাটী May 30, 2025 6:19 pm

ভাৰতীয় সেনাৰ ইতিহাসত সোণালী আখৰেৰে নিজৰ নাম লিখিলে ১৭ গৰাকী যুৱতীয়ে। শুকুৰবাৰে পুনেৰ নেশ্যনেল ডিফেন্স একাডেমীৰ (এন ডি এ)ৰ পৰা ১৭ গৰাকী মহিলা কেডেট প্ৰথমবাৰৰ বাবে স্নাতক হিচাপে উৰ্ত্তীণ হয়।

প্ৰথমবাৰৰ বাবে প্ৰতিৰক্ষা বিভাগৰ ১৭ গৰাকী মহিলা বিষয়াই ৩০০ পুৰুষ সহপাঠীৰ সৈতে এন ডি এৰ পাছআউট পেৰেডত অংশগ্ৰহণ কৰে। নৌ, স্থল আৰু বায়ুসেনাৰ ত্ৰিশক্তি প্ৰশিক্ষণ মহাবিদ্যালয়ৰ ক্ষেত্ৰপাল পেৰেড খেলপথাৰত তেওঁলোকক এনডিএ-ৰ স্নাতক ডিগ্ৰী প্ৰদান কৰা হয়।

ডিভিজন কেডেট অধিনায়ক শ্ৰী দক্ষই বি এত সৰ্বোচ্চ পদবী লাভ কৰিবলৈ সক্ষম হয়। আন এগৰাকী কেডেট ইশিতা চাংৱানে প্ৰশিক্ষণ বিষয়াসকলক ধন্যবাদ জনায়।

মন কৰিবলগীয়া যে এইটো আছিল এন ডি এৰ ১৪৮ নং বেটচ। ২০২১ চনত উচ্চতম ন্যায়ালয়ে প্ৰতিৰক্ষা বিভাগৰ সৰ্বোচ্চ পৰীক্ষাত মহিলাক সুযোগ দিয়াৰ নিৰ্দেশ দিছিল।

সৃষ্টি সিং নামৰ এগৰাকী কেডেটে কয়, আমাক এটা ভাল প্ৰশিক্ষণ দিয়া হৈছিল। কিন্তু আজি পাছ কৰাৰ পিছত এনে লাগিছে যেন আৰু কেইদিনমান যদি ইয়াত থাকিব পাৰিলোহেঁতেন। ইয়াত নাৰীক পুৰুষৰ সৈতে সমান ব্যৱহাৰ কৰা হয়। শ্ৰী দক্ষই কয়, দেশৰ যুৱতীসকলে এন ডি এত যোগদান কৰিব লাগে।