• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১২৬খন আসনৰ ভিতৰত ১০২আসনত এন ডি এৰ জয়লাভ; বিজেপিৰ ৮২খন, ২৪খনত সীমিত বিৰোধী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 21, 2026 10:25 am
66
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১২৬ জনীয়া অসম বিধানসভাৰ ১০২খন আসন লাভ কৰি দুই তৃতীয়াংশ সংখ্যগৰিষ্ঠতা অতিক্ৰম কৰি ৰাজ্যৰ ভিতৰতে অন্যতম শক্তিশালী প্ৰদৰ্শন আগবঢ়াই অসমত একেৰাহে তৃতীয়বাৰৰ বাবে ক্ষমতালৈ ঘূৰি আহিছে নেশ্যনেল ডেম’ক্ৰেটিক এলায়েন্স (এনডিএ)।

ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰা ৯০খন আসনৰ ভিতৰত ৮২খন আসনত জয়ী হৈ প্ৰথমবাৰৰ বাবে নিজাববীয়াকৈ সংখ্যাগৰিষ্ঠতা লাভ কৰি প্ৰধান শক্তি হিচাপে আত্মপ্ৰকাশ কৰে। ইয়াৰ মিত্ৰ দল অসম গণ পৰিষদ আৰু বড়োলেণ্ড পিপলছ ফ্ৰণ্টে ১০খনকৈ আসন লাভ কৰি মিত্ৰজোঁটৰ শক্তি সুদৃঢ় কৰি তুলিছে।

Apply Now

এই ফলাফল ২০১৬ আৰু ২০২১ দুয়োটা নিৰ্বাচনতে ৬০খন আসন লাভ কৰা বিজেপিৰ বাবে এক উল্লেখযোগ্য সফলতা। শেহতীয়া ফলাফলে অঞ্চলসমূহৰ মাজত ইয়াৰ সমৰ্থন ভিত্তিৰ ব্যাপকতাকে তুলি ধৰিছে।

ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে যোৱা কিছু বছৰত এক দুৰ্বল প্ৰদৰ্শন দাঙি ধৰি আহিছে। ৯৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি দলটোৱে মাত্ৰ ১৯খন আসনত জয়ী হ’বলৈ সক্ষম হয়। ইয়াৰ মিত্ৰ দলৰ ফলাফলো অত্যন্ত হতাশাজনক। অল ইণ্ডিয়া ইউনাইটেড ডেম’ক্ৰেটিক ফ্ৰণ্ট আৰু ৰাইজৰ দলে দুখনকৈ আসন লাভ কৰাৰ বিপৰীতে সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছে এখন আসন লাভ কৰে। অসম জাতীয় পৰিষদ, চি পি আই (এম) আৰু এ পি এইচ এল চিকে ধৰি অন্যান্য মিত্ৰজোঁটৰ অংশীদাৰসকলে কোনো আসন লাভ কৰিব নোৱাৰিলে।

কংগ্ৰেছ প্ৰাৰ্থী বিদিশা নেওগক ৮৯,৪৩৪ ভোটত পৰাস্ত কৰি একেৰাহে ষষ্ঠবাৰৰ বাবে জালুকবাৰী সমষ্টি নিজৰ হাতত ৰাখিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ বাবে এক গুৰুত্বপূৰ্ণ বিপৰ্যয় হিচাপে বিবেচিত ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে যোৰহাটৰ আসনখন বিজেপিৰ হিতেন্দ্ৰনাথ গোস্বামীৰ হাতত ২৩,১৮১টা ভোটত পৰাস্ত হয়।

অজন্তা নেওগ, ৰানোজ পেগু, পীযুশ হাজৰিকা, অশোক সিংঘালকে ধৰি কেইবাগৰাকীও বিজেপিৰ জ্যেষ্ঠ নেতা-মন্ত্ৰীয়ে নিজৰ আসনবোৰ অক্ষুণ্ণ ৰাখিছে। তামুলপুৰৰ পৰা বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে ইউ পি পি এলৰ নেতা প্ৰমোদ বড়োক পৰাস্ত কৰি জয়লাভ কৰে। বিজেপিৰ একাধিক বৰ্তমানৰ বিধায়কে সমষ্টিসমূহৰ মাজত পুনৰ বিজয় নিশ্চিত কৰি দলটোৰ স্থিতি আৰু অধিক শক্তিশালী কৰি তুলিছে।

বিজেপি মিত্ৰদলৰ ভিতৰত অগপ নেতা অতুল বৰা আৰু কেশৱ মহন্তই ক্ৰমে বোকাখাত আৰু কলিয়াবৰ ধৰি ৰখাৰ বিপৰীতে চৰণ বড়ো আৰু সেউলী মহিলাৰীকে ধৰি বিপিএফৰ প্ৰাৰ্থীয়ে বড়োলেণ্ড অঞ্চলৰ গুৰুত্বপূৰ্ণ সমষ্টিসমূহ ধৰি ৰাখিছে।

কংগ্ৰেছৰ বিজয়ীসকলৰ ভিতৰত ৱাজেদ আলী চৌধুৰী, জাকিৰ হুছেইন ছিকদাৰ আৰু ৰেকিবুদ্দিন আহমেদ আদি আছে যদিও দলটোৰ সামগ্ৰিক সংখ্যা সীমিত হৈ ৰৈছে। বিন্নকান্দিৰ পৰা এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে জয়লাভ কৰাৰ বিপৰীতে ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে শিৱসাগৰ ধৰি ৰাখিছে।

বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈকে ধৰি বিৰোধী দলৰ কেইবাগৰাকীও বিশিষ্ট নেতাই জয়ৰ মুখ নেদেখিলে।

এইবাৰ মহিলাৰ প্ৰতিনিধিত্ব কম হৈয়েই থাকিল, ৫৯ গৰাকী মহিলা প্ৰাৰ্থীৰ ভিতৰত মাত্ৰ ছয়গৰাকীহে নিৰ্বাচিত হয়। বিজয়ী চাৰিগৰাকী বিজেপিৰ আৰু অগপ, বিপিএফ আৰু কংগ্ৰেছৰ পৰা এজনকৈ বিজয়ী হৈছে।

যোৱা ৯ এপ্ৰিলত ৰাজ্যৰ ১২৬টা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ বাবে এটা পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হৈছিল, য’ত ৭২২ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰিছিল। এই ফলাফলে এন ডি এৰ বাবে নিৰ্ণায়ক জনাদেশৰ ইংগিত দিয়াৰ লগতে ৰাজ্যখনত বিৰোধীৰ স্থিতি হ্ৰাস পোৱাক লৈ উদ্বেগ প্ৰকাশ পাইছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

মানুহ মৰে কৈ! কৌতুকৰ বাবে ডুবাইত ৪৭ দিনৰ কাৰাদণ্ডৰ শাস্তি ভোগ কৰিলে ভাৰতীয় অভিনেতাই

June 4, 2026 8:46 pm
সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

সাধাৰণৰ জনতাৰ ওপৰত ৰাম টাঙোন : অসমত আকৌ বাঢ়িব বিদ্যুতৰ মাচুল

June 4, 2026 8:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

জীৱ-জন্তুৰ বাসস্থান ধ্বংস কৰি বিশাল ৰিজৰ্ট নিৰ্মাণৰ পৰিকল্পনা : ট্ৰাম্পৰ জোঁৱায়েকৰ বিৰুদ্ধে উত্তাল আলবেনিয়া

June 4, 2026 9:40 pm
ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া বাছ সেৱা : কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ আসনত বহিয়েই ঘোষণা শিৱকুমাৰৰ

June 4, 2026 8:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd