• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সফলতাৰে দুটা বছৰ অতিক্ৰম কৰিলে NE FOCUS নিউজ প’ৰ্টেলে

NE NOW NEWS অনিৰ্বাণ পাঠক
গুৱাহাটী , August 13, 2018 8:56 pm

2 min read

NE_Focus
101
VIEWS
Share on FacebookShare on Twitter

দুবছৰ সম্পূৰ্ণ হ’ল ইতিবাচক খবৰেৰে সমৃদ্ধ প্ৰথমটো অসমীয়া নিউজ প’ৰ্টেল এন ই ফ’কাচে (ৱেবছাইট NEFOCUS.COM)। নিউজ প’ৰ্টেলটোৰ দুবছৰীয়া বৰ্ষপূৰ্তি উপলক্ষে সোমবাৰে গুৱাহাটী প্ৰেচ ক্লাবত অনুষ্ঠিত হয় এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান।

যুৱ সাংবাদিক সংগীতা শইকীয়াৰ একক প্ৰচেষ্টাৰে ডিজিটেল সংবাদ ক্ষেত্ৰত সেৱা আগ বঢ়াই অহা এন ই ফ’কাচে সমসাময়িক ইতিবাচক খৱৰৰ লগতে পৰ্যটন, খাদ্য সম্ভাৰ আৰু ব্যৱসায় সম্পৰ্কীয় বা-বাতৰি প্ৰকাশ কৰি আহিছে।

সোমবাৰে গুৱাহাটীৰ প্ৰেছ ক্লাবত নিউজ প’ৰ্টেলটোৰ বৰ্ষপূৰ্তি অনুষ্ঠানৰ লগতে ‘গণতান্ত্ৰিক সমাজ ব্যৱস্থাত সাংবাদিকৰ ভূমিকা’ শীৰ্ষক এটা বক্তৃতানুষ্ঠানো অনুষ্ঠিত কৰে প্ৰতিষ্ঠানটোৱে। অনুষ্ঠানত ভাষণ প্ৰদান কৰি বিশিষ্ট সমাজকৰ্মী নৰেণ হাজৰিকাই কয়, “সাংবাদিকসকল সমাজৰ একো-একোজন যোদ্ধা। সমাজৰ স্বাৰ্থত তেওঁলোকে কিমান কষ্ট আৰু পংকিল বাটেৰে আগুৱাই যাব লগীয়া হয় সেয়া সহজেই অনুমান কৰিব পাৰি।”

হাজৰিকাই লগতে দেশক আগুৱাই নিবলৈ সাংবাদিকসকলে সু-সাংবাদিকতা কৰাৰ প্ৰয়োজন আছে বুলিও মন্তব্য কৰে।

অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিক ৰণেন গোস্বামীয়ে সংবাদ মাধ্যমৰ ক্ষমতাক লৈ সুন্দৰ বক্তব্য আগ বঢ়ায়। তেওঁ কয়, “সংবাদ মাধ্যমৰ স্বাধীনতাক লৈ সততে প্ৰশ্ন উত্থাপিত হয়। কিন্তু সংবাদ মাধ্যমৰ স্বাধীনতা অবাধ নহয়। ভাৰতৰ সংবিধানে জনসাধাৰণক প্ৰদান কৰা ‘বাক স্বাধীনতা আৰু মত প্ৰকাশৰ অধিকাৰ’ৰেই ই এটা অংশ মাথোন।”

অনুষ্ঠানত বিশিষ্ট সাংবাদিক ৰূপম বৰুৱা আৰু লেখিকা মনীষা শৰ্মাও উপস্থিত থাকে।

Recent News

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

পোনপ্ৰথমবাৰলৈ আছুৰ শ্বহীদ ন্যাসৰ সন্মুখত বিজেপি চৰকাৰৰ আৰক্ষীয়ে লগালে প্ৰকাণ্ড বেৰিকেড

Modi-speech-696

প্ৰধানমন্ত্ৰী মোদীৰ শিৱসাগৰ ভ্ৰমণ আৰু কিছু প্ৰাসংগিক কথা…

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

জোঁৰ সমদলত বাধা দিয়া আৰক্ষীৰ উচ্চপদস্থ বিষয়াক জবাবদিহি কৰিলে সমুজ্জ্বল ভট্টাচাৰ্য্যই

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

বোকাখাতত কৃষি আৰু উদ্যান শস্য মেলা, ভাৰ্চুৱেল আলোচনাত অংশগ্ৰহণ বিদেশী বিশেষজ্ঞৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd