• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ মূৰত মাধমাৰ শোধাইছে, কিন্তু এই মূল্যবৃদ্ধিৰ আঁৰত কি?

'নৰ্থ ইষ্ট নাও'ৰ উদ্যোগত বিশেষ আলোচনা

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
April 11, 2022 9:03 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মূল্যবৃদ্ধিয়ে শ্ৰীলংকাৰ লগতে নেপালৰ দৰে দেশৰ লগতে ভাৰততো বিষম ৰূপ ধাৰণ কৰিছে। এনে সময়তে মূল্যবৃদ্ধিৰ প্ৰসংগত ‘নৰ্থ ইষ্ট নাও’ৰ উদ্যোগত অনুষ্ঠিত কৰা হয় এক বিশেষ আলোচনা।

‘সাম্প্ৰতিকী’ শীৰ্ষক ডঃ জয়দ্বীপ বৰুৱাই আঁত ধৰা অনুষ্ঠানটোত আলোচক হিচাবে অংশগ্ৰহণ কৰে কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডঃ গৌতম মজুমদাৰ, দৰং মহাবিদ্যালয়ৰ অধ্যাপক কংকন ডেকা আৰু অধিবক্তা শান্তনু বৰঠাকুৰে।

Apply Now

অনুষ্ঠানৰ আদিতে ডঃ জয়দ্বীপ বৰুৱাই কয় যে এতিয়া দেশত প্ৰায় সকলো বস্তুৰে দাম বাঢ়িছে। যোৱা দুসপ্তাহত ইন্ধনৰ দাম ১৪ বাৰ বঢ়া বুলি উল্লেখ কৰি বৰুৱাই কয় যে ৰন্ধন গেছৰ দাম বাঢ়িল, পৰিবহন সংস্থা সমূহেও ভাড়া বৃদ্ধি কৰিব বিচাৰি আছে, নিৰ্মাণ সামগ্ৰীৰ দামো বাঢ়িছে। এক কথাত অন্ন-বস্ত্ৰ বাসস্থান সকলো ক্ষেত্ৰতে মূল্যবৃদ্ধিয়ে প্ৰভাৱ পেলাইছে। বৰুৱাই লগতে কয় যে ভাৰতত সামগ্ৰিক ভাবে ৬.০৭ শতাংশ মূল্যবৃদ্ধি হৈছে । অসমত মূল্যবৃদ্ধি সমগ্ৰ দেশৰ গড় মূল্যবৃদ্ধিৰ তুলনাত কিছু বেছি। গাওঁ অঞ্চলত ৭ শতাংশৰ অধিক হৈ আছে।

যোৱা ফ্ৰেব্ৰুৱাৰী মাহত গ্ৰামাঞ্চলত ৬.৩৮ শতাংশ মূল্যবৃদ্ধি হৈছিল। একেদৰে নগৰ অঞ্চলত ৫.৭৫ শতাংশ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ লোকৰ জীৱন ব্যতিব্যস্ত কৰি তোলা বুলি বৰুৱাই মন্তব্য কৰে। তেওঁ লগতে কয় যে দেশত খাদ্যৰ ক্ষেত্ৰত হোৱা মূল্যবৃদ্ধি ৫.৯, কাপোৰৰ ক্ষেত্ৰত ৮.৬শতাংশ,ইন্ধনৰ ক্ষেত্ৰত ৮.৭ শতাংশ মূল্যবৃদ্ধি হোৱা বুলি বৰুৱাই উল্লেখ কৰে।
আলোচনাত অংশগ্ৰহণ কৰি কটন বিশ্ববিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ অধ্যাপক ডঃ গৌতম মজুমদাৰে কয় যে মূল্যবৃদ্ধি এতিয়া চিন্তাৰ কথা হৈ পৰিছে। অৱশ্যে আমি এই ক্ষেত্ৰত অকলশৰীয়া দেশ নহয়। আমাৰ ইয়াত হোৱা মূল্যবৃদ্ধিৰ বাবে আভ্যন্তৰীণ কাৰকতকৈ বাহ্যিক কাৰকেই বেছিকৈ দায়ী বুলি তেওঁ কয়।

অপৰিশোধিত খাৰুৱা তেল, নিৰ্মাণৰ সামগ্ৰীৰ দাম তেনে বাহ্যিক কাৰকৰ বাবে বৃদ্ধি পাইছে। আন্তৰ্জাতিক কাৰণত বিভিন্ন ধাতুৰ দাম বৃদ্ধি পাইছে। বিশেষকৈ অতিমাৰীৰ পিছৰ সময়ছোৱাত ধাতুৰ দাম বৃদ্ধিৰ প্ৰভাৱ ভাৰততো পৰিছে। অৱশ্যে আমাৰ বাবে সতৰ্ক হোৱাৰ ঘণ্টা বাজি উঠিছে যদিও আতংকিত হোৱাৰ কোনো কাৰণ নাই। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰিকল্পনা অনুসৰিয়েই মুদ্ৰাস্ফীতি নিয়ন্ত্ৰণত আছে। মুদ্ৰাস্ফীতি ৬ ৰ কাষলৈ যোৱাটো ভাল নহয়, কিন্তু আমি তাক নিয়ন্ত্ৰণ কৰিব পাৰিম। এতিয়া খুব দ্ৰুত ভাবে মুদ্ৰাস্ফীতি বাঢ়িছে। খোৱা তেলৰ বাবে ভাৰতে বাহিৰৰ দেশৰ ওপৰত নিৰ্ভৰ কৰিব লাগে। খোৱা তেল বৃহৎ পৰিমাণে ইউক্ৰেইনৰ পৰা আহে।

যদি ইন্ধনৰ মূল্য কমাবলগীয়া হয় তেন্তে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰসমূহে কৰ হ্ৰাস কৰিব লাগিব বুলি তেওঁ উল্লেখ কৰে। শ্ৰীলংকাৰ প্ৰসংগ উল্লেখ কৰি মজুমদাৰে কয় যে শ্ৰীলংকাৰ পৰিস্থিতিৰ সৈতে ভাৰতৰ পৰিস্থিতি নিমিলে। শ্ৰীলংকা ধাৰত পোত গৈছে, ভাৰতৰ তেনে হোৱা নাই বুলি তেওঁ কয়।

মুদ্ৰাস্ফীতিয়ে সাধাৰণ মানুহৰ জনজীৱন বিধ্বস্ত কৰা বুলি কয় অধিবক্তা শান্তনু বৰঠাকুৰে। তেওঁ কয় যে নিম্ন মধ্যবিত্ত আৰু একেবাৰে সাধাৰণ আয়ৰ লোকসক বেছিকৈ ক্ষতিগ্ৰস্ত হৈছে বুলি বৰঠাকুৰে কয়। কোভিডৰ সময়ত পেঞ্চনাৰ, ব্যক্তিগত খণ্ডত কাম কৰা বহু লোকৰ অৰ্থনৈতিক নিৰাপত্তাহীনতাত ভোগা বুলি তেওঁ উল্লেখ কৰে। তাৰ মাজতে মূল্যবৃদ্ধিয়ে তেওঁলোকৰ ওপৰত মাধমাৰ শোধাইছে। অৰ্থনৈতিক অসাঞ্জস্যতাৰ কথা উল্লেখ কৰি বৰঠাকুৰে কয় যে কিছুমান লোকে গাড়ী ক্ৰয় কৰিয়েই আছে আৰু কিছুমানে আকৌ চিকিৎসকক ৰোগ দেখুৱাই ধনৰ অভাৱত দৰৱ কিনিব পৰা নাই। এনেবোৰ কথাই সামাজিক সমতালৈ ভাবুকি আনিছে। তেওঁ শ্ৰম আইন আদিৰ প্ৰসংগও আলোচনাত উল্লেখ কৰে। ৰাজ্যসভা, লোকসভাত মূল্যবৃদ্ধিৰ বিষয়ে কোনো আলোচনাই কৰিবলৈ দিয়া নহ’ল। এনে কথাই চৰকাৰৰ একনায়কত্ববাদৰ চৰিত্ৰ প্ৰতিফলিত কৰা বুলি তেওঁ কয়।

এই প্ৰসংগতে ডঃ জয়দ্বীপ বৰুৱাই কয় যে এনে বিষম বিষয়সমূহকলৈ ৰাজনৈতিক ভাবে কোনো আলোচনা অথবা প্ৰতিক্ৰিয়া দেখিবলৈ নোপোৱাটো উদ্বেগজনৰ কথা।

আলোচনাত অংশগ্ৰহণ কৰি দৰং মহাবিদ্যালয়ৰ অধ্যাপক কংকন ডেকাই কয় যে মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰাজনৈতিক দলসমূহে বিশেষ কোনো গুৰুত্ব দিয়া নাই। তেওঁ কয় যে চৰকাৰে হয়তো মূল্যবৃদ্ধিৰ দৰে বিষয় সমূহৰ পৰা সাধাৰণ মানুহৰ মন আঁতৰাই নিবলৈ ধৰ্মকে ধৰি আন প্ৰসংগৰ অৱতাৰণা কৰি থকা বুলি ডেকাই কয়। বিৰোধী দলসমূহেও এই ক্ষেত্ৰত এনে বিষয়ৰ সলনি কেৱল নিৰ্বাচনী বিষয়কলৈয়েই ব্যস্ত বুলি ডেকাই মন্তব্য কৰে। 

‘নৰ্থ ইষ্ট নাও’ৰ উদ্যোগত অনুষ্ঠিত বিশেষ আলোচনাৰ সম্পূৰ্ণ ভিডিঅ’ এই প্ৰতিবেদনৰ সৈতে সংলগ্ন কৰা হৈছে। পাঠকে সেই ভিডিঅ’ৰ পৰা নিশ্চয়কৈ উপকৃত হ’ব বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ,গুৱাহাটী

এন ই নাও নিউজ,গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

২০ বছৰ ধৰি চলি আছে গোচৰ! গুজৰাট আৰক্ষীক তীব্ৰ ককৰ্থনা উচ্চতম ন্যায়ালয়ৰ

June 6, 2026 9:39 am
আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

আমেৰিকাৰ পৰা বহিষ্কৃত হেজাৰ হেজাৰ ভাৰতীয়! চলিত বৰ্ষত ১,০৭৬ জনক স্বদেশলৈ প্ৰত্যাৱৰ্তন

June 6, 2026 9:28 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd