লকডাউনত ভাৰতত চাকৰি হেৰুৱাইছে ৬০লাখ উচ্চ পদস্থ কৰ্মচাৰীয়ে

15228462341522846234

প্ৰতিনিধিত্বমূলক ফটো।

কেবল শ্ৰমিকসকলেই কাম হেৰুৱাইছে এনে নহয়, লকডাউনৰ সময়ত ‘ভাল চাকৰি’ কৰ্মৰত ৬০ লাখ কৰ্মচাৰীয়ে হেৰুৱাইছে চাকৰি।

চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইক’নমি (চিএমআইই) নামৰ সংস্থাৰ শেহতীয়া প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য।

ইয়াত যোৱা মে’ মাহৰ পৰা আগষ্টলৈকে তথ্য সন্নিৱিষ্ট কৰা হৈছে।

উল্লেখ্য যে যোৱা মাৰ্চ মাহৰ শেহৰ পিনে কৰ’নাৰ সংক্ৰমণৰ বাবে ভাৰতত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লকডাউন ঘোষণা কৰিছিল।

সংস্থাটোৱে জানিবলৈ দিয়া মতে, শিক্ষক, চিকিৎসক, অভিযন্তা, একাউন্টটেন্ট বৃত্তিধাৰী লোকেও চাকৰি হেৰুৱাইছে।

জুন মাহত আৰম্ভ হোৱা আনলকৰ পাছতো থকা বহু বাধানিষেধ তথা স্থানীয় পৰ্যায়ৰ লকডাউনৰ ফলত অৰ্থনীতিৰ গতি মন্থৰ হৈ পৰিছে।

সংস্থাই প্ৰকাশ কৰা তথ্য অনুসৰি, ২০১৬ৰ জানুৱাৰিৰ পৰা এপ্ৰিলৰ ভিতৰত দেশত উচ্চপদস্থ চাকৰি বৃত্তিজীৱীৰ সংখ্যা আছিল ১.২৫ কোটি। ২০১৯ৰ মে-আগষ্টত সেয়া ১.৮৮কোটিলৈ বৃদ্ধি পাইছিল।

সেইদৰে, ২০১৯ৰ ছেপ্টেম্বৰ-ডিচেম্বৰত এই সংখ্যা হয়গৈ ১.৮৭কোটি। তাৰপাছত ২০২০ৰ জানুৱাৰিৰ পৰা এপ্ৰিল মাহত এই সংখ্যা ১.৮১কোটিলৈ হ্ৰাস পায়। ইয়াতো কৰ’নাৰ লকডাউনৰ আংশিক প্ৰভাৱ লক্ষ্য কৰা যায়।

কিন্তু ২০২০ৰ মেৰ পৰা আগষ্টলৈকে এনে চাকৰিজীৱীৰ সংখ্যা হ্ৰাস পাই হৈছেগৈ ১.২২কোটি। অৰ্থাৎ কৰ’নাৰ লকডাউনৰ ফলত ৫৯লাখ বৃত্তিজীৱীয়ে চাকৰি হেৰুৱাইছে।

২০১৬ৰ পাছত ইমান কম সংখ্যক লোক বৃত্তিগত ক্ষেত্ৰখনত কৰ্মৰত নাছিল। এই পৰিসংখ্যাই তথাপি কেবল কোনো সংস্থাত চাকৰি কৰিছিল তেওঁলোককহে সামৰি লৈছে।

কিন্তু আত্মনিয়োজনত (আত্মনিৰ্ভৰ) জড়িতসকলৰ কি অৱস্থা হৈছে সেয়া এই প্ৰতিবেদন পোহৰলৈ অহা নাই।

বিগত বছৰটোৰ একেই সময়খিনিৰ তুলনাত এইবাৰ প্ৰায় ৬৬লাখ চাকৰি কমিছে। নিবনুৱা ২৬শতাংশলৈ বৃদ্ধি পাইছে।