• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নেডাৰ সন্মিলনত কনৰাড চাংমাৰ লজ্জাজনক মন্তব্য, “কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে উত্তৰ-পূবৰ নেতাৰ নাম পৰ্যন্ত জানে”

উত্তৰ-পূবৰ প্ৰতিজন মুখ‍্য মন্ত্ৰীয়ে অকংগ্ৰেছী হোৱাটোক সৌভাগ্য আখ্যা মন্ত্ৰী হিমন্তৰ

শান্তনু শইকীয়া by শান্তনু শইকীয়া
September 9, 2019 5:30 pm
NEDA

নেডাৰ ৪ৰ্থ সন্মিলনৰ আৰম্ভণিৰ এটা দৃশ্য।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ-পূবৰ ৰাজ্যবোৰৰ মাজত থকা সীমা সমস্যা সমাধান কৰিবলৈ অঞ্চলটোৰ সকলো নেতা ঐক্যবদ্ধ হোৱা প্ৰয়োজন –এই মন্তব্য নেডাৰ আহ্বায়ক হিমন্ত বিশ্ব শৰ্মাৰ। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আজি নেডাৰ চতুৰ্থ সন্মিলনত তেওঁ এই বক্তব্য ৰাখে।

উত্তৰ পূবৰ ৮খন ৰাজ‍্যৰ মুখ‍্য মন্ত্ৰীসকল উপস্থিত থকা সন্মিলনত হিমন্ত বিশ্বই প্ৰতিজন মুখ‍্য মন্ত্ৰীয়ে অকংগ্ৰেছী হোৱাটোক সৌভাগ্য আখ্যা দিয়ে।

Apply Now

“উত্তৰ-পূবৰ সকলোৱে ভাতৃত্ববোধেৰে থাকিবৰ বাবে নেডাৰ দৰে এটা সন্মিলন থকাটো খুবেই প্ৰয়োজন। এই কথা চিন্তা কৰিয়ে নেডাৰ জন্ম হৈছে”, হিমন্তৰ মন্তব্য।

তেওঁ উত্তৰ-পূবত বাঢ়ি অহা ড্ৰাগছ সৰবৰাহৰ পৰা যুৱ প্ৰজন্মক আঁতৰাই ৰাখিবলৈ ব‍্যৱস্থা গ্ৰহণৰ বাবেও সকলো নেতাক এক হোৱাৰ আহ্বান জনায়।

সন্মিলনত উপস্থিত থকা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড চাংমাই এন ডি এ চৰকাৰৰ উচ্চ প্ৰশংসা কৰিবলৈ গৈ সমগ্ৰ উত্তৰ-পূবক লঘু কৰা দেখা যায়।

“এতিয়া এজন কেন্দ্ৰীয় গৃহ মন্ত্ৰীয়ে উত্তৰ-পূবৰ নেতাৰ নাম পৰ্যন্ত জানে”, হীনমন্যতা প্ৰকাশ পোৱা এটা বক্তব্যত চাংমাই কয়।

চাংমাৰ মত পূৰ্বে কেন্দ্ৰত উত্তৰ-পূবৰ নেতাক লগ কৰাটো বাদেই বহিবলৈও দিয়া হোৱা নাছিল।

“আমি সদায় উপেক্ষিত আছিলোঁ। কিন্তু বৰ্তমান এন ডি এ অহাৰ পৰা সম্পূৰ্ণ বেলেগ এটা পৰিৱেশ দেখা যায়”, ২০১৬ চনতহে প্ৰথমবাৰ সাংসদ নিৰ্বাচিত হৈ কেন্দ্ৰৰ ৰাজনীতিলৈ যোৱা চাংমাৰ মন্তব্য।

চাংমা লোকসভাৰ প্ৰাক্তন অধ্যক্ষ তথা দিল্লীৰ ৰাজনীতিত উত্তৰ-পূবৰ এজন প্ৰভাৱশালী নেতা হিচাপে জনাজাত প্ৰয়াত পূৰ্ণ আঘিটোক চাংমাৰ পুত্ৰ।

কনৰাডে “নেডাই এটা পৰিয়াল হিচাপে কাম কৰি যাব” বুলি নিজৰ বক্তব্য প্ৰকাশ কৰে।

চাংমাই সন্মিলত উপস্থিত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক অসমৰ এন আৰ চিত বাদ পৰাসকলে যাতে কোনো ধৰণে কাষৰীয়া ৰাজ‍্যবোৰত প্ৰভাৱ পেলাবগৈ নোৱাৰে সেইটো নিশ্চিত কৰিবলৈ অনুৰোধ কৰে। লগতে কেব সম্পৰ্কতো স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায়।

সন্মিলনত উপস্থিত থকা মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে উত্তৰ-পূবক এন ডি এ চৰকাৰে পৰিচয় দিলে বুলি মন্তব্য কৰে। তেওঁ সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰি জন্মু আৰু কাশ্মীৰক দেশৰ অভিন্ন অংগ কৰা বাবে কেন্দ্ৰীয় প্ৰধান মন্ত্ৰী মোদীক বৰাক-ব্ৰহ্মপুত্ৰৰ ৩ কোটি ৩০ লাখ লোকৰ হৈ ধন্যবাদ দিয়ে।

“পূৰ্বে ডনাৰ মন্ত্ৰী হ’বলৈ ১০ শতাংশ কমিশ্যন দিব লগীয়া হৈছিল”, উপস্থিত ডনাৰ মন্ত্ৰী জিতেন্দ্ৰ সিঙক উদ্দেশ্যে সোণোৱালে কয়।

সন্মিলনৰ আজি দ্বিতীয় দিনৰ কাৰ্য্যসূচী আছিল। উত্তৰ পূবৰ ৮খন ৰাজ‍্যৰ মুখ‍্য মন্ত্ৰীসকলৰ উপৰি গৃহ মন্ত্ৰী অমিত শ্বাহ, ড’নাৰ মন্ত্ৰী জিতেন্দ্ৰ সিং তোমৰ, উত্তৰ-পূবৰ মিত্ৰ দলৰ ৭জন সদস্য, উত্তৰ-পূবৰ ২৫গৰাকী সাংসদ উপস্থিত থাকে।

শান্তনু শইকীয়া

শান্তনু শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

অসম বাজেট ২০২৬-২৭: অহা শিক্ষাবৰ্ষৰ পৰা ছাত্ৰ-ছাত্ৰীসকলে নাপাব স্কুটি; উদাসীন ভকতে পাব ১৫০০ টকাৰ মাহিলী সাহায্য

July 10, 2026 2:54 pm
গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd