• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আজি নীপকোৱে এৰিব পানী : নামনিত বৃদ্ধি পাইছে আতংক

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2019 2:06 pm
ranganadi-dam-e21e4fbe-af2f-458d-8ed2-06c92442ffb-resize-750

নীপকোৰ ৰঙানদীৰ বান্ধ

882
VIEWS
Share on FacebookShare on Twitter

অৰুণাচল প্ৰদেশৰ নামনি সোৱণশিৰিৰ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰ পানী নীপকোৱে ১ ফেব্ৰুৱাৰিৰ পৰা এৰিবলৈ সাজু হৈছে। ১ ফেব্ৰুৱাৰিৰ পৰা ৩০ এপ্ৰিললৈ ৰঙানদী জলবিদ্যুৎ প্ৰকল্পটো মেৰামতিৰ বাবে নীপকো কৰ্তৃপক্ষই তিনি মাহলৈ সাময়িকভাৱে উৎপাদন বন্ধ কৰি দিয়াৰ পৰিপ্ৰেক্ষিতত এই পানী মুকলি কৰি দিব।

অৰুণাচল প্ৰদেশৰ শক্তি মন্ত্ৰী টামিঅ’ টাগাই এখন সংবাদমেলযোগে জানিবলৈ দিয়ে যে ৰঙানদী জলবিদ্যুৎ প্ৰকল্পৰটো বন্ধ কৰি দিয়াটো ইয়াৰ জৰুৰী মেৰামতিৰ বাবে অপৰিহাৰ্য। তেওঁ এই সংকটপূৰ্ণ তিনিমাহ কাল ৰাইজক সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়।

আনহাতে, অৰুণাচলৰ নামনি অংশৰ লগতে উত্তৰ অসমত পুনৰ নীপকোৱে এৰি দিয়া বান্ধৰ পানীয়ে মহাপ্ৰলয় সৃষ্টি কৰাৰ আশংকা বৃদ্ধি পাইছে। কিয়নো ৰঙানদীৰ এৰি দিয়া পানীয়ে প্ৰতিবছৰেই উত্তৰ অসমত সৃষ্টি কৰি অহা মহাপ্ৰলয়ৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰপৰীয়া ৰাইজ শংকিত হৈ আছে।

উল্লেখযোগ্য যে যোৱা ২৫ জানুৱাৰিত ৰঙানদী বান্ধটো মেৰামতিৰ বাবে পহিলা ফেব্ৰুৱাৰিৰ পৰা তিনি মাহলৈ উৎপাদন বন্ধ কৰি দিয়া সন্দৰ্ভত নীপকো কৰ্তৃপক্ষই জাননী জাৰি কৰিছিল।

উক্ত জাননীখনত মেৰামতিৰ সময়ছোৱাত ঘৰচীয়া জীৱ-জন্তুৰ লগতে নৈপৰীয়া ৰাইজক ৰঙানদী আৰু ডিক্ৰঙৰ পাৰলৈ নাযাবলৈ নীপকো কৰ্তৃপক্ষই সতৰ্ক কৰি দিছিল। তদুপৰি, সেই  সময়ছোৱাত কিবা দুৰ্ঘটনা হ’লে নীপকো কৰ্তৃপক্ষ দায়ী নহয় বুলিও জাননীখনত স্পষ্ট কৰি দিছিল।

আনহাতে, বিগত ২০১৭ চনৰ জুলাইত ৰঙানদী প্ৰকল্পৰ পানী হঠাতে এৰি দিয়াৰ ফলত এটা বান্ধ ভাঙি ১১ জনকৈ লোকৰ মৃত্যু হোৱাৰ লগতে লখিমপুৰত মহাপ্ৰলয়ৰ সৃষ্টি কৰিছিল।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd