২০১৪ তে ম্যাদ ওকলিছিল নিপক’ৰ বিস্ফোৰিত পাইপলাইনৰ : অভিযোগ কংগ্ৰেছৰ

সোমবাৰে নীপক’ পৰিচালিত কপিলী জলবিদ্যুৎ প্ৰকল্পৰ পাইপলাইনৰ বিস্ফোৰণৰ আঁৰৰ ৰহস্য উদঘাটন কৰিছে প্ৰদেশ কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ দুৰ্গা দাস বড়োৱে। ২০১৪ চনতে বিস্ফোৰিত পাইপলাইনৰ ম্যাদ ওকলিছিল বুলি দাবী কৰে বড়োৱে।

‘২০১৪ চনতে নিপকো জলবিদ্যুৎ প্ৰকল্পৰ পাইপডাল সলনি কৰিব লাগিছিল যদিও নকৰিলে। তেতিয়াই তাৰ ম্যাদ উকলি গৈছিল।‘ ৰাজীৱ ভৱনত সম্বোধন কৰা এক সংবাদমেলত এই অভিযোগ আনিছে প্ৰদেশ কংগ্ৰেছে।

উল্লেখ কৰিব পাৰি যে, ২০১৪ চনত কেন্দ্ৰত নতুনকৈ বিজেপি চৰকাৰ শাসনলৈ আহিছিল যদিও ৰাজ্যত তেতিয়াও কংগ্ৰেছেই শাসন চলাই আছিল।

‘২০০ কোটি টকা কেন্দ্ৰৰ ফালৰ পৰা পাইপ সলনি কৰাৰ বাবে অনুমোদন হৈছিল। নিপকোক ধনৰাশি মোকলাই দিব নোৱাৰাৰ বাবে পাইপডাল মেৰামতি কৰিব নোৱাৰিলে, যাৰ বাবে এই দুৰ্ঘটনা সংঘটিত হ’বলৈ পালে।‘ সংবাদমেলত দুৰ্গাদাস বড়োৱে কয়।

ইপিনে, একেখন সংবাদমেলতে নীপক’ক এনএইচপিচিক বিক্ৰী কৰি দিয়াৰো ষড়যন্ত্ৰ চলাইছে বুলিও অভিযোগ তোলে কংগ্ৰেছৰ মুখপাত্ৰগৰাকীয়ে

তেওঁ কয় ‘প্ৰতিবছৰে ২০০ কোটি টকা নিপক’ৰ পৰা লাভ হৈ আছে যদিও প্ৰতিদিনে ৫ কোটি টকাকৈ লোকচান ভৰি থকা এনএইচপিচিক হস্তান্তৰ কৰিবলৈ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে। হাজাৰ হাজাৰ কৰ্মচাৰীৰে নিপক’ প্ৰকল্প চলি আছে।‘

‘তাৰ পাছতো কি কাৰণত কেন্দ্ৰীয় চৰকাৰে নিপক’ক বিক্ৰী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে? এই প্ৰশ্ন কৰি বড়োৰ দাবী ‘এই হঠকাৰী সিদ্ধান্ত স্থগিত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰক কংগ্ৰেছে দাবী জনাইছো।‘

আনহাতে, নীপক’ৰ অধ্যক্ষ বিনোদ কুমাৰ সিঙক আৰ.এছ.এছৰ পৃষ্ঠপোষক আখ্যা দিয়ে বড়োৱে।

‘সিঙ উপাধিৰ নিপক’ৰ অধ্যক্ষগৰাকী আৰ.এছ.এছ বিদ্যালয়ৰ পৰা পাছ কৰি অহা। তেওঁ সম্পূৰ্ণ আৰএছএছৰ নীতি আদৰ্শৰে চলি আহিছে। তেওঁ নিপক’ৰ অধ্যক্ষ বুলি কোৱাতকৈ আৰ.এছ.এছৰ পৃষ্ঠপোষক বুলি কৈহে গৌৰৱ অনুভৱ কৰা হৈছে।‘ বড়োৱে এইদৰে কয়।

ইপিনে, নিপকোত কৰ্মৰত চাৰিজনকৈ কৰ্মচাৰী বৰ্তমানো সন্ধানহীন হৈ থকা বিষয়টোত উদ্বিগ্নতা প্ৰকাশ কৰি বড়োৱে কয় ‘দুটা দিন অতিক্ৰম কৰাৰ পাছতো সেই চাৰিগৰাকী নিপক’ৰ কৰ্মচাৰীক উদ্ধাৰৰ বাবে কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। কংগ্ৰেছৰ দাবী চৰকাৰ অথবা নিপক’ কৰ্তৃপক্ষই এই চাৰিজন শ্ৰমিকক উদ্ধাৰৰ ব্যৱস্থা কৰিব লাগে।‘