ৰাজপথত সন্মান লুটিলে সতীৰ্থৰ! ক্ষোভত তাৎক্ষণিক প্ৰতিক্ৰিয়া অলিম্পিক স্বৰ্ণজয়ী নীৰজ চোপ্ৰাৰ

দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে নতুন সংসদ ভৱন উদ্বোধন কৰে। আৰু এনে এক বিশেষ দিনত নতুন সংসদ ভৱনৰ বাহিৰত ভাইৰেল হোৱা ছবি আৰু ভিডিঅ’ দেখি বহুতে স্তম্ভিত হৈ পৰে। দেশৰ ক্ৰীড়াপ্ৰেমীসকলেও ইয়াক মানি ল’ব পৰা নাই।

মল্লযুঁজাৰুসকলে যন্তৰ মন্তৰৰ পৰা নতুন সংসদ ভৱনৰ দিশে পদযাত্ৰা কৰি সৰ্বভাৰতীয় মল্লযুঁজ ফেডাৰেচনৰ সভাপতি ব্রিজ ভূষণ শৰণ সিঙক যৌন নিৰ্যাতনৰ অভিযোগত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল।

কিন্তু দিল্লী আৰক্ষীয়ে তেওঁলোকক টানি আজুৰি আটক কৰে। বাটটো বেৰিকেড দি বন্ধ কৰি দিয়া হয়। বিগত টকিঅ’ অলিম্পিকত সোণৰ পদক লাভ কৰা নীৰজ চোপ্ৰাই সেই কথা মানি ল’ব পৰা নাই। তীব্ৰ ক্ষোভ উজাৰি নীৰজে টুইট কৰে।

লগতে পঢ়ক: প্ৰতিবাদ শেষ হোৱা নাই, পুনৰ ঘূৰি আহিম যন্তৰ-মন্তৰলৈ: হুংকাৰ সাক্ষী মালিকৰ

এই ঘটনাক গৰিহণা দিয়ে নীৰজে। এটা চুটি টুইটযোগে তেওঁ নিজৰ মনোভাৱ প্ৰকাশ কৰে। সাক্ষী, বজৰংগ আৰু ভিনেশক গ্ৰেপ্তাৰ কৰাৰ ভিডিঅ’ পোষ্ট কৰি নীৰজে লিখিছে, ‘এয়া দেখি দুখ লাগিল। পৰিস্থিতিটো বেলেগ ধৰণে চম্ভালিব পৰা গ’লহেঁতেন৷’

ইপিনে, আৰক্ষীৰ কঠোৰ ব্যৱস্থা গ্ৰহণৰ পাছতো সাক্ষী মালিকে কয়, “আন্দোলন বন্ধ হোৱা নাই। যন্তৰ মন্তৰ চৌহদত প্ৰতিবাদ অব্যাহত থাকিব।”

উল্লেখ্য যে যোৱা ২৩ এপ্ৰিলৰ পৰা যন্তৰ মন্তৰত ব্রিজভূষণক গ্ৰেপ্তাৰ কৰাৰ দাবীত ধর্ণাত বহি আছে দেশৰ শীর্ষ মল্লযুঁজাৰুসকলে৷ ভিনেশ ফোগাট, সাক্ষী মালিক, বজৰং পুনিয়াই যৌন নিৰ্যাতনৰ অপৰাধত শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবীত আন্দোলন অব্যাহত ৰাখিছে।

অৱশ্যে ব্ৰিজভূষণৰ বিৰুদ্ধে POCSO সহ দুটা গোচৰ ৰুজু কৰা হৈছে যদিও এতিয়ালৈকে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাই। ইফালে কিছুদিন পূৰ্বে ভাৰতীয় মল্লযুঁজ সন্থাৰ সভাপতিগৰাকীয়ে নিজৰ ছ’চিয়েল মিডিয়াত এটা পোষ্ট কৰিছিল। সেই পোষ্টটোত তেওঁ লিখিছিল, ‘মই নাৰ্কো টেষ্ট, পলিগ্ৰাফ টেষ্ট বা লাই ডিটেক্টৰ কৰিবলৈ ইচ্ছুক। কিন্তু মোৰ এটা চৰ্ত আছে। এই পৰীক্ষাত অৱতীৰ্ণ হ’ব ভিনেশ ফ’গাট আৰু বজৰং পুনিয়াও। যদি এই দুই মল্লযুঁজাৰুৱে পৰীক্ষা কৰিবলৈ সন্মত হয় তেন্তে সংবাদ মাধ্যমক ফোন কৰি ঘোষণা কৰক। প্ৰতিশ্ৰুতি দিছো, মই পৰীক্ষাৰ বাবে সাজু।’

লগতে পঢ়ক: গুজৰাট মডেল! মাধ্যমিক বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত ১৫৭খন বিদ্যালয়ৰ সকলো শিক্ষাৰ্থীয়ে ফেইল

ব্ৰিজভূষণে নিজক বচাবলৈ আপ্ৰাণ চেষ্টা কৰি বিষয়টো ঘোলা কৰি তুলিছে। সেইদৰে, চৰকাৰেও ব্ৰিজভূষণৰ পক্ষতে অৱস্থান কৰি কোনো পদক্ষেপ গ্ৰহণ কৰাৰ পৰা বিৰত আছে। ক্ৰীড়াপ্ৰেমীসকলৰ এটাই প্ৰশ্ন দেশৰ বাবে পদক অনা সকলৰ কথাতকৈ দেশৰ বাবে কোনো সন্মান আনিব নোৱাৰা ব্ৰিজভূষণক কিয় চৰকাৰে ৰক্ষণাবেক্ষণ দিছে?

ইপিনে, দিনে দিনে মল্লযুঁজাৰুসকলৰ আন্দোলন শক্তিশালী হৈ আহিছে।