মেডিকেল পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে ছেপ্তেম্বৰ মাহৰ ১৩ তাৰিখে অনুষ্ঠিত NEET 2020 ৰ ফলাফল ঘোষণা কৰাৰ বাবে নেছনেল টেষ্টিং এজেন্সীয়ে যাৱতীয় সকলো পদক্ষেপ গ্ৰহণ কৰিছে।
ক’ৰ’ণাতংকৰ মাজতে অনুষ্ঠিত কৰা NEET 2020 ৰ ফলাফল ১২ অক্টোৱৰ ২০২০ত ঘোষণা কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।
প্ৰাপ্ত খবৰ অনুসৰি ১২ অক্টোৱৰৰ দিনা নেছনেল টেষ্টিং এজেন্সীৰ ৱেবছাইট ntaneet.nic.in ত NEET 2020 ৰ ফলাফল উপলব্ধ হ’ব।
ছাত্ৰ-ছাত্ৰীসকলে পৰীক্ষাৰ সময়ত তেওঁলোকে কৰা উত্তৰ পত্ৰৰ প্ৰতিলিপি ডাউনলোড কৰিব পৰাৰ ব্যৱস্থা মুকলি কৰাৰ সম্ভাৱনা আছে ২৮ ছেপ্তেম্বৰৰ পৰা ।
ইয়াৰ বাবে নেছনেল টেষ্টিং এজেন্সীৰ ৱেবছাইটলৈ গৈ কেইটামান প্ৰক্ৰিয়া সম্পন্ন কৰিলেই ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকে কৰা উত্তৰ পত্ৰৰ প্ৰতিলিপি ডাউনলোড কৰিবলৈ সক্ষম হ’ব।
উত্তৰপত্ৰৰ প্ৰতিলিপি ডাউনলোড কৰিবলৈ ছাত্ৰ-ছাত্ৰীসকলে ৱেবছাইটৰ নিৰ্দিষ্ট লিংকলৈ যাব লাগিব।
প্ৰথমে ৱেবছাইটলৈ গৈ login ত নিজৰ আবেদনৰ নম্বৰ আৰু পাছৱৰ্ড দিব লাগিব।
উত্তৰ পত্ৰ চাব পৰা স্থানত ক্লিক কৰিলে উত্তৰ পত্ৰ খন ওলাব।
ইয়াৰ পিছতে উত্ৰ পত্ৰখন ঢাউনলোড কৰিব পৰা যাব।
উল্লেখ্য এইবাৰ NEET 2020 ত ১৫.৯৭ লাখ ছাত্ৰ-ছাত্ৰীয়ে অৱতীৰ্ণ হৈছে।