• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

এনবিইএমএছে ২৪ ছেপ্টেম্বৰত NEET PG 2026ৰ ফলাফল প্ৰকাশ কৰিছিল।ইয়াৰ পিছত ঘোষণা কৰা হৈছিল যে প্ৰাৰ্থীসকলক ১ অক্টোবৰ বা তাৰ পিছত individual Answer Key আৰু Scorecard দিয়া হ’ব। সেই অনুসৰি এতিয়া applicant login-ৰ জৰিয়তে নথি-পত্ৰসমূহ উপলব্ধ।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 1, 2026 6:33 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

NEET PG 2026 ৰ প্ৰাৰ্থীৰ বাবে ডাঙৰ আপডেট। National Board of Examinations in Medical Sciences (NBEMS) ১ অক্টোবৰৰ পৰা NEET PG 2026-ৰ individual Answer Key আৰু Scorecard প্ৰকাশ কৰিছে। প্ৰাৰ্থীসকলে তেওঁলোকৰ applicant login-ত লগ ইন কৰি প্ৰশ্নভিত্তিক উত্তৰ, তেওঁলোকৰ সঁহাৰি, শুদ্ধ উত্তৰ আৰু লাভ কৰা নম্বৰ চাব পাৰিব।

এনবিইএমএছে ২৪ ছেপ্টেম্বৰত NEET PG 2026ৰ ফলাফল প্ৰকাশ কৰিছিল।ইয়াৰ পিছত ঘোষণা কৰা হৈছিল যে প্ৰাৰ্থীসকলক ১ অক্টোবৰ বা তাৰ পিছত individual Answer Key আৰু Scorecard দিয়া হ’ব। সেই অনুসৰি এতিয়া applicant login-ৰ জৰিয়তে নথি-পত্ৰসমূহ উপলব্ধ।

আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল এইবাৰ মুকলি কৰা Answer Key সাধাৰণ পিডিএফ নহয়। প্ৰতিজন প্ৰাৰ্থীৰ বাবে individual Answer Key দিয়া হৈছে। তাত শিতান অনুসৰি Question ID, পৰীক্ষাৰ্থীয়ে কোনটো উত্তৰ দিছিল, শুদ্ধ answer key ID আৰু সংশ্লিষ্ট প্ৰশ্নটোত তেওঁ কিমান নম্বৰ পালে—এই সকলোবোৰ দেখা পোৱা যাব।

Apply Now

এনবিইএমএছৰ তথ্য অনুসৰি প্ৰতিটো প্ৰশ্নৰ response status-ও দেখা যাব। অৰ্থাৎ কোনো প্ৰশ্নৰ উত্তৰ দিয়া হৈছিল বা সেইটো  unanswered আছিল সেই তথ্যও থাকিব। Correct answer আৰু প্ৰাৰ্থীৰ marked response —দুয়োটাকে পৃথকে চাব পাৰিব।

ইয়াত আৰু এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰা হৈছে। আপোনাৰ Question ID, বা option ID আন কোনো প্ৰাৰ্থীৰ answer key-ৰ সৈতে মিলাব নোৱাৰিব। কাৰণ বিভিন্ন প্ৰাৰ্থীৰ ক্ষেত্ৰত প্ৰশ্নৰ sequence আৰু চাৰিটা option-ৰ order shuffled কৰা হৈছিল। ফলত একেটা প্ৰশ্নৰ আন এজন প্ৰাৰ্থীৰ answer key ID আপোনাৰ সৈতে একে নহ’বও পাৰে।

সেয়ে আপোনাৰ নম্বৰ পৰীক্ষা কৰাৰ সময়ত আপুনি এনবিইএমএছ applicant login-ত দিয়া আপোনাৰ individual Answer Key-ই চূড়ান্ত ৰেফাৰেন্স হিচাপে ব্যৱহাৰ কৰিব লাগিব। আন কাৰোবাৰ response sheet বা Answer Key চাই নিজৰ নম্বৰ গণনা কৰিলে বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে।

NEET PG 2026 ৰ marking scheme অনুসৰি শুদ্ধ উত্তৰৰ বাবে 4 নম্বৰ কৰ্তন কৰা হব, ভুল উত্তৰৰ বাবে 1 নম্বৰ কৰ্তন কৰা হব, আৰু কোনো প্ৰশ্নৰ উত্তৰ নিদিলে 0 নম্বৰ পোৱা যাব। সেই মূল্যায়নৰ ভিত্তিত প্ৰতিটো প্ৰশ্নৰ নম্বৰ individual Answer Key-ত দেখুওৱা হৈছে।

প্ৰাৰ্থীসকলে applicant login-ৰ পৰাও NEET PG 2026 Scorecard ডাউনলোড কৰিব পাৰিব। এনবিইএমএছে জনাইছে যে individual scorecard প্ৰকাশৰ তাৰিখৰ পৰা ছমাহৰ বাবে ডাউনলোড কৰিব পৰা যাব। নিৰ্দিষ্ট সময়সীমাৰ পিছত স্ক’ৰকাৰ্ড আৰু এনবিইএমএছৰ ৱেবছাইটত ৰখা নহ’ব। ভৱিষ্যতে কাউন্সেলিং আৰু এডমিচনৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি এতিয়াই স্ক’ৰকাৰ্ডখন চেভ কৰি ৰখাটো জৰুৰী।

উল্লেখ্য যে যোৱা ৩০ আগষ্টত অনুষ্ঠিত হৈছিল NEET PG 2026 ৰ মূল পৰীক্ষা। জয়পুৰৰ দুটা পৰীক্ষা কেন্দ্ৰত বিদ্যুৎ বিচ্ছিন্ন হোৱাৰ বাবে ৫ ছেপ্টেম্বৰতো পুনৰ পৰীক্ষা অনুষ্ঠিত কৰা হয় কাৰণ একাংশ পৰীক্ষাৰ্থীয়ে পৰীক্ষা সম্পূৰ্ণ কৰিব নোৱাৰিলে। ফলাফল প্ৰকাশৰ সময়ত এনবিইএমএছে জনাইছিল যে মুঠ ২,৬৫,৯৫৯ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত অৱতীৰ্ণ হৈছে।

এইবাৰ Answer Key প্ৰকাশৰ আন এক গুৰুত্বপূৰ্ণ দিশ। উচ্চতম ন্যায়ালয়ে NEET PG ৰ দৰে multi-shift examination-ৰ ক্ষেত্ৰত raw score, answer key আৰু evaluation details প্ৰকাশৰ নিৰ্দেশৰ পিছত এনবিইএমএছে এই তথ্য পৰীক্ষাৰ্থীসকলৰ বাবে উপলব্ধ কৰি তুলিছে। ২০২৬ চনৰ answer key-ত প্ৰাৰ্থীয়ে নিজৰ response আৰু প্ৰশ্নভিত্তিক score চাব পাৰিব।

ফলাফল প্ৰকাশ কৰাৰ সময়ত এনবিইএমএছে জনাইছিল যে NEET PG 2026 ৰ প্ৰশ্নসমূহ সংশ্লিষ্ট বিষয়টোৰ অধ্যাপকসকলে পৰ্যালোচনা কৰিছিল আৰু কোনো প্ৰশ্নক কাৰিকৰীভাৱে ভুল বুলি চিহ্নিত কৰা হোৱা নাছিল।

এতিয়া answer key আৰু Scorecard পোৱাৰ পিছত পৰীক্ষাৰ্থীসকলৰ বাবে পৰৱৰ্তী গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ল পি জি মেডিকেল কাউন্সেলিং। NEET PG ফলাফলে  কোনো কলেজত নামভৰ্তি নিশ্চিত নকৰে। ৰাজ্যিক কোটাৰ মেৰিট লিষ্ট সংশ্লিষ্ট ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলে তেওঁলোকৰ যোগ্যতাৰ মাপকাঠী, নিয়ম আৰু সংৰক্ষণ নীতি অনুসৰি প্ৰস্তুত কৰিব।

অৰ্থাৎ NEET PG 2026 ৰ প্ৰাৰ্থীসকলৰ বাবে এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল নিজৰ individual Answer Key ভালদৰে পৰীক্ষা কৰা, Scorecard ডাউনলোড কৰা আৰু অধিক পৰামৰ্শৰ সন্দৰ্ভত চৰকাৰী নিৰ্দেশনাৰ ওপৰত চকু ৰখা।

 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

ব্যৱসায়ীসকলৰ ‘No UPI Day’ পালনৰ আহ্বান প্ৰত্যাহাৰ; সকাহ পাবনে গ্ৰাহকে?

October 1, 2026 7:10 pm
NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

NEET PG 2026 Answer Key প্ৰকাশ, স্ক’ৰকাৰ্ড মুকলি! NBEMS ত লগ ইন কৰি চাওক নম্বৰ, উত্তৰ আৰু সঁহাৰি

October 1, 2026 6:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd