• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভাইৰেল ভিডিঅ’ই উদঙাই দিলে চিকিৎসকৰ গাফিলতি: মিৰাটৰ এখন চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগত চিকিৎসকৰ অৱহেলাত ৰোগীৰ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 30, 2025 7:46 am
111
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশৰ মিৰাটৰ লালা লাজপত ৰায় মেম’ৰিয়েল (এল এল আৰ এম) চিকিৎসা মহাবিদ্যালয়ৰ জৰুৰীকালীন বিভাগত সংঘটিত এটা ঘটনাই ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছে। সোমবাৰে পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত সুনীল নামৰ এজন ৰোগীক চিকিৎসালয়ৰ জৰুৰীকালীন বিভাগলৈ আনা হৈছিল। কিন্তু অভিযোগ অনুসৰি, কৰ্তব্যৰত চিকিৎসকৰ গাফিলতিৰ বাবে সুনীলে সময়মতে চিকিৎসা নাপাই ৰক্তাক্ত অৱস্থাত ষ্ট্ৰেচাৰত পৰি থাকিবলগীয়া হয়। পিছদিনা মঙলবাৰে পুৱাৰ ভাগত তেওঁৰ মৃত্যু হয়।

এই ঘটনাৰ সময়ত জৰুৰীকালীন বিভাগত থকা চিকিৎসক ভূপেশ কুমাৰ ৰায় আৰু অনিকেতৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি, তেওঁলোক দুয়োজন চকীত বহি শুই আছিল, আৰু ৰোগীৰ অৱস্থাৰ বিষয়ে সম্পূৰ্ণ অজ্ঞাত আছিল। এটা ভাইৰেল ভিডিঅ’ত দেখা গৈছে যে এজন চিকিৎসক টেবুলত ভৰি দুখন ওপৰলৈ তুলি শান্তিৰে শুই আছে। এগৰাকী মহিলা আৰু এটা শিশুৱে তেওঁক জগাবলৈ চেষ্টা কৰিও ব্যৰ্থ হৈছে। এই ভিডিঅ’ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ হোৱাৰ পিছত বিতৰ্কই তীব্ৰ ৰূপ লৈছে।

আৰক্ষীৰ সূত্ৰ অনুসৰি, সুনীলক পথ দুৰ্ঘটনাৰ পিছত উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু তেওঁ সময়মতে চিকিৎসা নোপোৱাৰ বাবে তেওঁৰ মৃত্যু হয় বুলি পৰিয়ালে অভিযোগ উত্থাপন কৰিছে। ঘটনাৰ সময়ত জৰুৰীকালীন বিভাগৰ মুখ্য চিকিৎসকো উপস্থিত নাছিল বুলি সদৰী কৰিছে। খবৰ পোৱাৰ পিছত তেওঁ ততাতৈয়াকৈ চিকিৎসালয়ত উপস্থিত হৈ ৰোগীক বচাবলৈ সকলো প্ৰকাৰৰ চেষ্টা কৰিছিল যদিও তেতিয়ালৈকে বহু দেৰি হৈ গৈছিল।

এই ঘটনাই চিকিৎসকৰ দায়িত্বহীনতা আৰু জৰুৰীকালীন বিভাগৰ সেৱাৰ মানদণ্ডৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। মেৰুটৰ জিলা দণ্ডাধীশে ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। লগতে অভিযুক্ত দুজন চিকিৎসকক নিলম্বন কৰা হৈছে বুলি জানিব পৰা গৈছে।

সুনীলৰ পৰিয়ালে চিকিৎসকৰ গাফিলতিৰ বাবেই তেওঁৰ মৃত্যু হৈছে বুলি অভিযোগ কৰিছে। এই ঘটনাৰ পিছতে চিকিৎসালয়খনৰ জৰুৰীকালীন বিভাগৰ সেৱাৰ মানদণ্ড উন্নত কৰাৰ দাবী উত্থাপিত হৈছে।

Recent News

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

নন্দিনী কাশ্যপৰ হিট এণ্ড ৰাণৰ ঘটনাঃ সহ-আৰক্ষী আয়ুক্ত জয়ন্ত সাৰথি বৰাৰ মিথ্যাচাৰ!

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাজ্য কপাঁই যোৱা ডাঃ দেৱেন দত্ত হত্যাকাণ্ডৰ দোষীৰ শাস্তি হ্ৰাস গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

গণ বহিষ্কাৰৰ মাজতে কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ সিদ্ধান্তত স্থগিতাদেশ টাটা কনছালটেন্সিৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd