দিল্লী আৰক্ষীয়ে বিচৰা শান্তি বজাই ৰখাৰ চৰ্তসম্বলিত চুক্তিপত্ৰত স্বাক্ষৰ কৰিবলৈ স্পষ্টভাৱে অস্বীকাৰ কৰিছে নিখিল ভাৰত ছাত্ৰ সন্থাৰ সভানেত্ৰী নেহা বৰাই। এক বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত শান্তিৰ চুক্তিপত্ৰ দাখিল কৰিবলৈ আৰক্ষীয়ে জাৰি কৰা জাননীক প্ৰত্যাহ্বান জনাই বৰাই দাখিল কৰা আবেদন শুকুৰবাৰে দিল্লী উচ্চ ন্যায়ালয়ে নাকচ কৰাৰ পাছতে ছাত্ৰ নেত্ৰীগৰাকীয়ে এই মন্তব্য কৰে। বৰাই যুক্তি দৰ্শায় যে এনে চুক্তিপত্ৰত স্বাক্ষৰ কৰাটো সংবিধানপ্ৰদত্ত প্ৰতিবাদৰ অধিকাৰ আৰু গণতান্ত্ৰিক বিৰোধ প্ৰকাশৰ দৰে মৌলিক অধিকাৰসমূহৰ পৰিপন্থী। অৱশ্যে উচ্চ ন্যায়ালয়ে এই গোচৰৰ শুনানিৰ সময়ত দণ্ডাধীশগৰাকীক বৰাক সকলো প্ৰাসংগিক তথ্য-পাতি যোগান ধৰিবলৈ আৰু কেতিয়া এই চুক্তিপত্ৰ দাখিল কৰিব লাগিব সেয়া বিবেচনা কৰিবলৈ নিৰ্দেশ দিছে।
আদালতৰ ৰায়ৰ পাছত নিজৰ স্থিতি স্পষ্ট কৰি নেহা বৰাই কয় যে এফালে সংবিধানে নাগৰিকক প্ৰতিবাদ কৰাকে ধৰি বিভিন্ন অধিকাৰ প্ৰদান কৰিছে আৰু আনফালে শান্তিৰ চুক্তিপত্ৰ জাপি দিয়া হৈছে। বৰ্তমান যিদৰে এই চুক্তিপত্ৰসমূহ প্রয়োগ কৰা হৈছে, তাত স্বাক্ষৰ কৰিলে সেয়া মৌলিক অধিকাৰৰ বিৰুদ্ধে যাব বুলি উল্লেখ কৰি তেওঁ কয় যে আদালতে এই বৈপৰীত্য অনুধাৱন কৰিব। চৰকাৰক প্ৰশ্ন কৰাত বাধা আৰোপ কৰা শান্তিৰ কোনো সংজ্ঞা মানি লোৱা নহ’ব বুলি দোহাৰি বৰাই লগতে কয় যে শান্তি কেৱল চৰকাৰৰ বাবেই নহয়, বৰঞ্চ সাধাৰণ নাগৰিকৰ বাবেও থাকিব লাগে। বিৰোধী কণ্ঠ ৰোধ কৰা কোনো নথিত স্বাক্ষৰ নকৰি গণতান্ত্ৰিক প্ৰতিবাদৰ অধিকাৰ সাব্যস্ত কৰি যাব বুলি মত প্ৰকাশ কাৰৰ লগতে নেত্ৰীগৰাকীয়ে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনা অনুসৰি বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হ’বলগীয়া শুনানি প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব বুলিও তেওঁ জানিবলৈ দিয়ে।
উল্লেখ্য যে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ১২৬ ধাৰাৰ অধীনত যোৱা ১৭ অক্টোবৰত দিল্লী আৰক্ষীয়ে জাৰি কৰা জাননীখনক প্ৰত্যাহ্বান জনাই দাখিল কৰা লেখ আবেদনখন শুকুৰবাৰে ন্যায়াধীশ সুব্ৰমনিয়াম প্ৰসাদে নাকচ কৰে। অৱশ্যে ন্যায়াধীশ প্ৰসাদে স্পষ্ট কৰি দিয়ে যে এই ক্ষেত্ৰত পৰ্যাপ্ত সুৰক্ষা ব্যৱস্থা আছে আৰু দণ্ডাধীশগৰাকীয়ে নেহা বৰাক সকলো প্ৰয়োজনীয় তথ্য যোগান ধৰাটো সুনিশ্চিত কৰিব লাগিব। লগতে কোনো নিৰ্দেশ জাৰি কৰাৰ পূৰ্বে অনুসন্ধানৰ আৰম্ভণিতে নে ইয়াৰ মাজভাগত এই বণ্ড দাখিল কৰিব লাগিব, সেয়া দণ্ডাধীশে বিবেচনা কৰা উচিত বুলি আদালতে উল্লেখ কৰে। আৰক্ষীৰ জাননীখনত বৰাক যোৱা ১৯ অক্টোবৰত বিশেষ কাৰ্যবাহী দণ্ডাধীশৰ সন্মুখত হাজিৰ হৈ অনুসন্ধানৰ সময়ছোৱাত শান্তি বজাই ৰখাৰ বাবে এজন জামিনদাৰৰ সৈতে ১০ হাজাৰ টকাৰ ব্যক্তিগত বণ্ড কিয় দাখিল নকৰিব, তাৰ কাৰণ দৰ্শাবলৈ কোৱা হৈছিল। বিএনএছএছৰ ১২৬ ধাৰা অনুসৰি কোনো ব্যক্তিয়ে শান্তি ভংগ কৰা বা জনসাধাৰণৰ মাজত অশান্তি বিয়পোৱাৰ বিশ্বাসযোগ্য তথ্য থাকিলে কাৰ্যবাহী দণ্ডাধীশে এনে চুক্তিপত্ৰ বিচাৰিব পাৰে।
যোৱা ১৬ অক্টোবৰত দিল্লীৰ কনাট প্লেচত ককৰোচ জনতা পাৰ্টীৰ ‘লেহৰা দো তিৰংগা’ সমদলত যোগদান কৰিবলৈ যোৱাৰ পথত আৰক্ষীয়ে নেহা বৰাক আটক কৰিছিল আৰু ১৭ অক্টোবৰত মুকলি কৰি দিছিল। ইয়াৰ পাছতে অধিবক্তা অভিক চিমনিৰ জৰিয়তে দাখিল কৰা আবেদনত বৰাই আৰক্ষীৰ জাননীখন অস্পষ্ট আৰু তথ্যগতভাৱে ভুল বুলি উল্লেখ কৰি কৈছিল যে ইয়াত শান্তি ভংগ হোৱাৰ আশংকাৰ কোনো উপযুক্ত প্ৰমাণ নাই। শুনানিৰ সময়ত বৰাৰ জ্যেষ্ঠ অধিবক্তাই যুক্তি দিছিল যে জাতীয় পতাকা উত্তোলন কৰিবলৈ নাগৰিকক কোনো অনুমতিৰ প্ৰয়োজন নাই আৰু চৰকাৰ সলনি কৰিব বিচৰাটো গণতান্ত্ৰিক মত প্ৰকাশৰেই এক অংশ। এই জাননীখন স্বতন্ত্ৰ চিন্তা-চৰ্চা অবিহনেই প্ৰস্তুত কৰা বুলিও অধিবক্তাগৰাকীয়ে আদালতত দাবী কৰিছিল। এতিয়া উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে বিশেষ কাৰ্যবাহী দণ্ডাধীশে বৰাক সংশ্লিষ্ট তথ্যসমূহ যোগান ধৰি পৰৱৰ্তী আইনী প্ৰক্ৰিয়া আগবঢ়াই নিব।





