• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টি-টুৱেণ্টিত বিশ্ব অভিলেখ নেপালৰ: যুৱৰাজৰ অভিলেখ স্পৰ্শ কৰা কোন এইগৰাকী ক্ৰিকেটাৰ!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 31, 2026 7:57 pm
109
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেওবাৰে টি-টুৱেণ্টি ক্ৰিকেটৰ ইতিহাসত এক নতুন অধ্যায়ৰ সূচনা কৰি নেপালে চীনৰ বিৰুদ্ধে ৩১৩ ৰানৰ বিশাল স্ক’ৰ থিয় কৰাবলৈ সক্ষম হয়। এই মেচখনত নেপালৰ তাৰকা বেটছমেন কুশল ভুৰটেলে চীনৰ বলাৰ চেন ঝুৱেৰ এক অভাৰত ক্ৰমাগতভাৱে ছটা ছিক্সাৰ কোবাই সমগ্ৰ ক্ৰীড়ামহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই বিৰল প্ৰদৰ্শনেৰে তেওঁ ভাৰতীয় কিংবদন্তি যুৱৰাজ সিঙৰ অভিলেখ স্পৰ্শ কৰাৰ লগতে নেপালক ২২১ ৰানৰ এক বৃহৎ জয়লাভত অৰিহণা যোগায়।

মেচখনৰ আৰম্ভণিতে নেপালে এটা উইকেট সোনকালে হেৰুৱাইছিল যদিও ইয়াৰ কোনো চাপ দলটোৰ ওপৰত পৰিবলৈ নিদিলে কুশল ভুৰটেলে। আৰম্ভণিৰে পৰা আক্ৰমণাত্মক ক্ৰিকেট খেলি তেওঁ মাত্ৰ ৪৩ টা বলত ৫ টা বাউণ্ডেৰী আৰু ১৬ টা বিশাল ছিক্সাৰেৰে ১২৯ ৰানৰ এক বিধ্বংসী ইনিংছ উপহাৰ দিয়ে। তেওঁৰ লগতে ৰোহিত পৌডেলে ২১ বলত ৬৯ ৰান আৰু কুশল মল্লাই ৪৭ বলত ৮৫ ৰানৰ গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়, যাৰ ফলত নেপালে নিৰ্ধাৰিত অভাৰত ৬ উইকেটৰ বিনিময়ত ৩১৩ ৰান সংগ্ৰহ কৰে।

Apply Now

কুশল ভুৰটেলে চীনৰ বলাৰ চেন ঝুৱেৰ অভাৰটোত এই ইতিহাস ৰচনা কৰে। উক্ত অভাৰটোত বলাৰজনে এটা ৱাইড বল দিয়াৰ ফলত মুঠ ৩৭ ৰান সংগ্ৰহ হয়, যিটো ক্ৰিকেট ইতিহাসত এক অভাৰত দ্বিতীয় সৰ্বোচ্চ ৰান হিচাপে পৰিগণিত হৈছে। আন্তঃৰাষ্ট্ৰীয় টি-টুৱেণ্টি ক্ৰিকেটত এক অভাৰত ছটা ছিক্সাৰ কোবোৱা পঞ্চমগৰাকী বেটছমেন হিচাপে পৰিগণিত হ’ল কুশল ভুৰটেল। ইয়াৰ পূৰ্বে ২০০৭ চনত ভাৰতৰ যুৱৰাজ সিঙে ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে এই বিৰল কৃতিত্ব অৰ্জন কৰিছিল। পৰৱৰ্তী সময়ত ৱেষ্ট ইণ্ডিজৰ কায়ৰণ প’লাৰ্ড, নেপালৰ দীপেন্দ্ৰ সিং ঐৰী আৰু জিব্ৰাল্টাৰৰ মনন বছিৰে এই অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল।

এই ঐতিহাসিক মেচখনত নেপালে চীনক ২২১ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। উল্লেখযোগ্য যে, ক্ৰিকেট ইতিহাসত টি-টুৱেণ্টি ফৰ্মেটত দুবাৰকৈ তিনিশৰ অধিক ৰান সংগ্ৰহ কৰা বিশ্বৰ একমাত্ৰ দল হিচাপে নেপালে পৰিচয় লাভ কৰিছে। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত মংগোলিয়াৰ বিৰুদ্ধে নেপালে ৩১৪ ৰান সংগ্ৰহ কৰিছিল। বৰ্তমানলৈকে বিশ্বৰ মাত্ৰ চাৰিটা দলেহে টি-টুৱেণ্টি ক্ৰিকেটত ৩০০ ৰানৰ সীমা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। এই অভিলেখসমূহে ক্ৰমাগতভাৱে টি-টুৱেণ্টি ক্ৰিকেট যে বেটছমেনসকলৰ আধিপত্যৰ খেললৈ ৰূপান্তৰিত হৈছে, তাকেই পুনৰবাৰ প্ৰমাণ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

বি চি চি আইৰ ডাঙৰ সিদ্ধান্ত; টিম ইণ্ডিয়াৰ মুখ্য প্ৰশিক্ষক হ’ল লক্ষ্মীপতি বালাজী

September 21, 2026 7:48 am
প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

প্ৰতিশ্ৰুতিৰ পাছতো গেৰুৱা জাৰ্চীতেই খেলপথাৰত ভাৰতীয় হকী দল! এছিয়ান গেমছত পোহৰলৈ আহিল হকী ইণ্ডিয়াৰ বিসংগতি

September 20, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

টৰন্টোত দৃষ্টি কাঢ়িলে নাগালেণ্ডৰ কাহিনীয়ে; প্লেটফৰ্ম বঁটা লাভ থেজা ৰিঅ’ৰ প্ৰথমখন ছবি ‘আংঘ’ৰ

September 21, 2026 10:23 am
এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

এআই জগতত আলোড়ন! ক্লড ব্যৱহাৰ কৰি OpenAI হেক ৩ ভাৰতীয়ৰ; জানি লওক পৰিচয়

September 21, 2026 9:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd