টি-২০ ক্ৰিকেটত নেপালৰ অধিনায়কে গঢ়িলে নতুন বিশ্ব ৰেকৰ্ড

paraskhadkaicc

নেপাল ক্ৰিকেট দলৰ অধিনায়ক পাৰছ খাড়কে। ছবি উৎস : ইণ্টাৰনেট

নেপাল ক্ৰিকেট দলৰ অধিনায়ক তথা দেশখনৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ বেটছমেন পাৰছ খাড়কাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত গঢ়িলে এক অনবদ্য ৰেকৰ্ড।

শনিবাৰে ছিংগাপুৰৰ বিৰুদ্ধে খেলা এখন টি-২০ মেচত অধিনায়ক পাৰছে বিস্ফোৰক শতকীয় ইনিংছ খেলি হিমালয়ান দেশৰ প্ৰথম গৰাকী শতক অৰ্জন কৰা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয়।

ইয়াৰ উপৰি নিৰ্ধাৰিত লক্ষ্যৰ পিছা কৰি টি-২০ ক্ৰিকেটত শতক অৰ্জন কৰা প্ৰথমগৰাকী আন্তঃৰাষ্ট্ৰীয় অধিনায়কৰ বিৰল কৃতিত্বৰো অধিকাৰী হয়।

নেপালৰ ৩১ বছৰীয়া অধিনায়ক গৰাকীয়ে শনিবাৰে খেলা মেচখনত ৫২টা বলত ৭টা চাৰি আৰু ৯টা ছয়ৰ সহায়ত অপৰাজিত ১০৬ ৰানৰ বিস্ফোৰক ইনিংছ খেলে। তেওঁৰ এই ইনিংছটোৰ বাবেই নেপালে মেচখন ৯ উইকেটত জয়লাভ কৰে।

মাত্ৰ ৪৯টা বলৰ সহায়ত শতক সম্পূৰ্ণ কৰা পাৰছ টি-২০ ক্ৰিকেটত দ্ৰুততম শতক অৰ্জন কৰা চতুৰ্থগৰাকী এছিয়ান বেটছমেন হিচাপে পৰিগণিত হয়।

উল্লেখযোগ্য যে টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত যুটীয়াভাৱে দক্ষিণ আফ্ৰিকাৰ বাওঁহতীয়া বেটছমেন ডেভিদ মিলাৰ আৰু ভাৰতৰ অপেনিং বেটছমেন ৰোহিত শৰ্মাৰ নামত আছে দ্ৰুততম শতকৰ ৰেকৰ্ড।