• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

সাহায্য নালাগে, ক্ষতিপূৰণহে লাগে! চীন-আমেৰিকাক জবাবদিহি কৰি আন্তঃৰাষ্ট্ৰীয় মঞ্চত সৰৱ নেপাল

এন ই নাও  নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 2, 2026 9:09 am
71
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিমবাহ স্খলনৰ ফলত সৃষ্টি হোৱা ভয়ংকৰ বানত বিধ্বস্ত নেপালে এইবাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত জলবায়ু ন্যায় আৰু ক্ষতিপূৰণৰ দাবীত সৰৱ হৈ পৰিছে। নেপাল আৰু চীনৰ তিব্বত অঞ্চলত এই প্ৰলয়ংকাৰী দুৰ্যোগত মৃত্যু হোৱা লোকৰ সংখ্যা ইতিমধ্যে ১,০১০ অতিক্ৰম কৰিছে আৰু এতিয়াও প্ৰায় ৪,০০০ লোক সন্ধানহীন হৈ আছে। ত্ৰিশূলী আৰু ভোতেকোশী নদীৰ পাৰৰ বিস্তীৰ্ণ অঞ্চল বোকামাটিৰ তলত জাহ যোৱাৰ লগতে কেইবাটাও জলবিদ্যুৎ প্ৰকল্পৰ সুৰংগত শ শ শ্ৰমিক আৱদ্ধ হৈ পৰিছে। সেনাই হেলিকপ্টাৰ আৰু অত্যাধুনিক সঁজুলিৰে উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে যদিও দুৰ্গম অঞ্চলসমূহত ভূমিস্খলনৰ বাবে সাহায্য সামগ্ৰী যোগান ব্যাহত হৈছে।

 

Apply Now

এই ভয়ংকৰ পৰিস্থিতিৰ মাজতে নেপালৰ বৈদেশিক মন্ত্ৰী শিশিৰ খনালে স্পষ্ট কৰি দিয়ে যে নেপালে আন্তঃৰাষ্ট্ৰীয় সাহায্যক কোনো ‘দান‘ হিচাপে নহয়, বৰঞ্চ ‘ক্ষতিপূৰণ আৰু ন্যায়‘ হিচাপে দাবী কৰিছে। তেওঁ কয় যে বিশ্বৰ সেউজগৃহ গেছ নিৰ্গমনত নেপালৰ ভূমিকা মাত্ৰ ০.০১ শতাংশ, যি প্ৰায় শূন্যৰ সমান। অথচ বিশ্ব উষ্ণায়ন আৰু হিমবাহ গলনৰ চূড়ান্ত মূল্য ভৰিবলগীয়া হৈছে নেপালৰ নিৰীহ জনসাধাৰণে। এই দুৰ্যোগক ‘পাৰ্বত্য ছুনামি‘ বুলি অভিহিত কৰি তেওঁ কয় যে হিমালয়ৰ হিমবাহবোৰ ধ্বংস হ‘লে গংগা আৰু ত্ৰিশূলী নদীৰ ওপৰত নিৰ্ভৰশীল দক্ষিণ এছিয়াৰ ২০০ কোটিতকৈ অধিক লোকৰ জল সুৰক্ষা চিৰদিনলৈ বিপন্ন হ‘ব। সেয়েহে চীন, আমেৰিকা আৰু ভাৰতৰ দৰে সৰ্বাধিক প্ৰদূষণকাৰী ৰাষ্ট্ৰসমূহৰ এনে ক্ষতিৰ বিপৰীতে ক্ষতিপূৰণ দিয়াৰ ঐতিহাসিক দায়িত্ব আছে।

 

ইফালে, ভোতেকোশী নদী অববাহিকাত সংঘটিত অভূতপূৰ্ব ধ্বংসলীলাৰ পৰিপ্ৰেক্ষিতত নেপালে আনুষ্ঠানিকভাৱে ৰাষ্ট্ৰসংঘৰ ‘ক্ষতি আৰু লোকচান পুঁজি‘ৰ ব‘ৰ্ডৰ ওচৰত জৰুৰী বিত্তীয় সাহায্য বিচাৰি পত্ৰ প্ৰেৰণ কৰিছে। নেপালৰ বিত্তমন্ত্ৰী স্বৰ্ণিম ৱাগলে আৰু বনমন্ত্ৰী গীতা চৌধুৰীয়ে যৌথভাৱে স্বাক্ষৰ কৰা পত্ৰখনত উল্লেখ কৰা হৈছে যে এই দুৰ্যোগৰ পৰিসৰ নেপালৰ নিজস্ব মোকাবিলা ক্ষমতাৰ বহু বাহিৰত। অহা ডিচেম্বৰৰ নিয়মীয়া বৈঠকলৈ অপেক্ষা নকৰি তাৎক্ষণিকভাৱে এই সাহায্য মোকলাই দিবলৈ নেপালে অনুৰোধ জনাইছে। বন মন্ত্ৰালয়ৰ যুটীয়া সচিব মহেশ্বৰ ঢাকালৰ মতে, নেপালে প্ৰথমবাৰৰ বাবে এই পুঁজিৰ পৰা এনেদৰে সাহায্যৰ বাবে আৱেদন জনাইছে। উদ্ধাৰ অভিযানৰ বাবে ভাৰত, চীন আৰু ছিংগাপুৰৰ পৰা বিশেষ ফৰেনছিক আৰু ডিএনএ চিনাক্তকৰণ দল নেপালত উপস্থিত হোৱাৰ লগতে আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহেও তাৎক্ষণিক সাহায্য প্ৰেৰণ অব্যাহত ৰাখিছে।

এন ই নাও  নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

চৰকাৰী মেডিকেল কলেজত এম বি বি এছ পঢ়াৰ খৰচত ডাঙৰ বৃদ্ধি, নিম্ন আয়ৰ শিক্ষাৰ্থীৰ বাবেও নাই সকাহ

September 30, 2026 7:29 pm
বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

বৰ্ষাপাৰাত ৰবি শাস্ত্ৰীৰ কণ্ঠত “জয় জুবিনদা” : ক্ৰিকেটৰ মহাৰণত অসমীয়া আৱেগ

September 30, 2026 6:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

 ১ নৱেম্বৰৰ পৰা বেচৰকাৰী কাৰ্যালয়ৰ ৫০ শতাংশ কৰ্মচাৰীৰে কৰিব লাগিব ৱৰ্ক ফ্ৰম হোম

September 30, 2026 9:30 pm
এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

এছিয়ান গেমছৰ শ্বুটিঙত নীৰু-কাইনানৰ সোণৰ পদক জয়, স্থাপন কৰিলে নতুন এছিয়ান ৰেকৰ্ড

September 30, 2026 8:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd