নেপালত ‘প্ৰচণ্ড’ চৰকাৰৰ পতন! নিৰ্বাচনৰ ৪ মাহৰ ভিতৰতে মিত্ৰজোঁটে প্ৰত্যাহাৰ কৰিলে সমৰ্থন

ফটোঃ সংগ্ৰহীত।

নেপালত পতন ঘটিল পুষ্পকুমাৰ দাহালৰ চৰকাৰৰ! নেপালী ৰাজনীতিত পুষ্পকুমাৰ দাহাল ‘প্ৰচণ্ড’ নামেৰে পৰিচিত। সেই ‘প্ৰচণ্ড’ৰ চৰকাৰৰ পৰা আঁতৰি গ’ল মিত্ৰতাৰ অংশীদাৰসকলে। প্ৰতিবেদনত দাবী কৰা হৈছে যে নিৰ্বাচনৰ মাত্ৰ ৪ মাহৰ ভিতৰতে এই বৃহৎ বিপৰ্যয়ৰ বাবে সংখ্যাগৰিষ্ঠৰ পৰা সংখ্যালঘুত পৰিণত হৈছে দাহাল চৰকাৰ।

নেপালৰ বৰ্তমানৰ চৰকাৰৰ এটা গুৰুত্বপূৰ্ণ সহযোগী দলে ৩ জুলাইত সমৰ্থন প্ৰত্যাহাৰ কৰে। ফলত বৰ্তমানৰ চৰকাৰখন আসনৰ সংখ্যাৰ ফালৰ পৰা পতন ঘটে। কমিউনিষ্ট পাৰ্টি অৱ নেপাল ইউনিফাইড মাৰ্ক্সবাদী-লেনিনবাদী দলৰ পৰা ৮ জন মন্ত্ৰীয়ে পদত্যাগ কৰে।

এই পদত্যাগৰ বাবেই নেপালৰ বৰ্তমানৰ চৰকাৰখনে ডাঙৰ আঘাতৰ সন্মুখীন হৈছে। তেওঁলোকে চৰকাৰৰ পৰা আনুষ্ঠানিকভাৱে পদত্যাগ কৰিছে। ইয়াৰ পূৰ্বে নেপালৰ এই দলটোৱে পুষ্পকুমাৰ দাহালক ২৪ ঘন্টাৰ ভিতৰত চৰকাৰৰ প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰিবলৈ কয়।

লগতে পঢ়কঃ পৰীক্ষা কেলেংকাৰী! অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ দ্বাৰা স্বতন্ত্ৰ তদন্তৰ দাবী গুৱাহাটী বিশ্ববিদ্যালয় শিক্ষক সংস্থাৰ

মন কৰিবলগীয়া যে এই দলটোৱেই আছিল দাহাল চৰকাৰৰ আটাইতকৈ ডাঙৰ অংশীদাৰ। চীফ হুইপ মহেশ বৰতৌলাই কয় যে আমি চৰকাৰ এৰি যোৱাৰ কথা প্ৰধানমন্ত্ৰীক অতি সোনকালে অৱগত কৰিম, আৰু আমাৰ মন্ত্ৰীসকলে পদত্যাগ পত্ৰ দাখিল কৰিব।

কমিউনিষ্ট পাৰ্টি অৱ নেপাল ইউনিফাইড মাৰ্ক্সবাদী-লেনিনবাদী দলৰ নেতা হৈছে কে পি শৰ্মা অ’লি। সেই দলটোৱে দাহাল চৰকাৰক ২৪ ঘণ্টীয়া সময়সীমা দিছিল। তাত স্পষ্ট কৰি দিয়া হয় যে দাহালে যাতে পদত্যাগ কৰে আৰু সেই পথেৰে নতুন চৰকাৰ গঠন হ’ব পাৰে। বৃহস্পতিবাৰে পুৱা মন্ত্ৰীসকলে পদত্যাগ কৰিব আৰু দলে আনুষ্ঠানিকভাৱে বৰ্তমানৰ চৰকাৰৰ সমৰ্থন প্ৰত্যাহাৰ কৰিব বুলিও তেওঁলোকে জনায়।

লগতে পঢ়কঃবানত বুৰ যোৱা কাজিৰঙাত তিনিদিনত ১১টা জীৱ-জন্তুৰ মৃত্যু, ৬৫টাক উদ্ধাৰ

ইপিনে, খবৰ পোৱা গৈছে যে পুষ্পকুমাৰ দাহালে পদৰ পৰা পদত্যাগ কৰিব বিচৰা নাই। তেওঁ লগতে দলৰ পৰাও পদত্যাগ কৰিব বিচৰা নাই। তাৰ ঠাইত তেওঁ ৩০ দিনৰ ভিতৰত আস্থা ভোটৰ বাবে যাব বিচাৰে। আনহাতে, নেপালী কংগ্ৰেছ আৰু চিপিএন-ইউএমএলে নিশাৰ ভিতৰতে নতুন মিত্ৰতাৰ চিন্তা-চৰ্চা আৰম্ভ কৰাৰ লগে লগে দাহাল চৰকাৰৰ পৰা সমৰ্থন প্ৰত্যাহাৰৰ বিষয়টো মসৃন হৈ পৰে।