NORTHEAST NOW (Assamese)

সমগ্ৰ উত্তৰ-পূবৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দাবী উত্তৰ-পূব ছাত্ৰ সংগঠনৰ

December 27, 2020 3:13 pm · এন ই নাও নিউজ

উত্তৰ-পূবত অবৈধভাৱে বসবাস কৰি থকা সকলো ধৰণৰ বিদেশী নাগৰিকক চিনাক্ত কৰাৰ বাবে উত্তৰ-পূব ছাত্ৰ সংগঠনে কেন্দ্ৰীয় চৰকাৰক সমগ্ৰ উত্তৰ-পূবৰ বাবে ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰস্তুত কৰাৰ বাবে আহ্বান জনাইছে।

উত্তৰ-পূবৰ অবৈধ বিদেশী নাগৰিকৰ সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত কেন্দ্ৰৰ চৰকাৰ আজি পৰ্যন্ত ব্যৰ্থ হৈ আহিছে বুলি নেছ’ৰ সভাপতি ছেমুৱেল জেৰৱাই কয়।

‘‘কেন্দ্ৰ চৰকাৰে অবৈধ বিদেশী সমস্যা সমাধান কৰিব নোৱাৰা বাবেই উত্তৰ-পূবৰ খিলঞ্জীয়া জনসাধাৰণে অস্তিত্বৰ সংকটত ভুগিবলগীয়া হৈছে,’’ ছেমুৱেল জেৰৱাই লগতে কয়।

নেছ’ হৈছে উত্তৰ-পূবৰ ছাত্ৰ সংগঠন সমূহৰ এক ঐক্যবদ্ধ সংগঠন।

নেছ’ৰ সভাপতি গৰাকীয়ে কেন্দ্ৰ চৰকাৰক শীঘ্ৰে উত্তৰ-পূবৰ বাবে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুত কৰাৰ বাবে আহ্বান জনায়।

আনহাতে, নেছ’ৰ সভাপতি গৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক সমগ্ৰ উত্তৰ-পূবৰ বাবে আন্তঃৰাজ্যিক পাৰপত্ৰৰ ব্যৱস্থা প্ৰদান কৰাৰ বাবেও দাবী জনায়।

ইপিনে, উত্তৰ-পূব ছাত্ৰ সংগঠনে সদায় নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰি আহিছে আৰু বিৰোধিতা কৰি যাব বুলিও নেছ’ৰ সভাপতি গৰাকীয়ে পুনৰ কয়।

তদুপৰি, নাগৰিকত্ব সংশোধনী আইন বলৱৎ কৰাৰ ক্ষেত্ৰত কেন্দ্ৰ চৰকাৰে উত্তৰ-পূবৰ জনসাধাৰণৰ আৱেগ-অনুভূতিক গুৰুত্ব প্ৰদান কৰাৰ প্ৰয়োজন আছিল বুলিও জেৰৱাই লগতে মত প্ৰকাশ কৰে।

Related News