• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নেতাজীৰ জন্মদিন উদযাপনৰ প্ৰস্তুতি আৰ এছ এছৰ: সতৰ্কবাণী নেতাজীৰ কন্যাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 20, 2023 9:03 am
Netaji Daughter Anita Bose Pfaff
157
VIEWS
Share on FacebookShare on Twitter

অহা ২৩ জানুৱাৰীত দেশবাসীয়ে সুঁৱৰিব স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুক। স্বাধীনতা যুঁজাৰুগৰাকীৰ জন্মদিন উদযাপনৰ বাবে প্ৰস্তুতি চলাইছে হিন্দুত্ববাদী সংগঠন আৰ এছ এছেও। পিছে আৰ এছ এছে অনুষ্ঠিত কৰিবলগীয়া কাৰ্যসূচীৰ পূৰ্বে সংগঠনটোক সতৰ্ক কৰি দিছে নেতাজীৰ কন্যাই।

স্বাধীনতা সংগ্ৰামীগৰাকীৰ জন্মদিন উদযাপনৰ পৰিকল্পনা কৰা হিন্দুত্ববাদী সংগঠনটোক তীব্ৰ সমালোচনা কৰে নেতাজীৰ কন্যা অনিতা বসু ফাফে। সংবাদ মাধ্যমৰ এক অনুষ্ঠানত ফাফে নেতাজীৰ মতাদৰ্শক সোঁৱৰাই দিয়ে আৰ এছ এছক।

নেতাজী সুভাষ চন্দ্ৰ বসুৱে আৰ এছ এছৰ মতাদৰ্শক সমালোচনা কৰিছিল বুলি মন্তব্য কৰি অনিতা বসু ফাফে হিন্দুত্বৰ প্ৰচাৰৰ বাবে নেতাজীক ব্যৱহাৰ নকৰিবলৈ সকীয়াই দিয়ে।

উল্লেখ্য যে, ২৩ জানুৱাৰীত কলকাতাৰ শ্বহীদ মিনাৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৬ সংখ্যক জন্ম বাৰ্ষিকী উদযাপন কৰিব আৰ এছ এছে। এই অনুষ্ঠানত মুখ্য বক্তা হিচাপে থাকিব সংঘৰ প্ৰধান মোহন ভাগৱত।

এই অনুষ্ঠান সন্দৰ্ভত বসুৰ কন্যা তথা অৰ্থনীতিবিদ অনিতা বসু ফাফে কয়, “মোৰ দেউতা এগৰাকী একান্ত হিন্দু আছিল যদিও সকলো ধৰ্মৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল আৰু সকলোৱে একেলগে থাকিব পাৰে বুলি বিশ্বাস কৰা ব্যক্তি আছিল। মই নাভাবো যে আৰ এছ এছে এই ধাৰণাত বিশ্বাস কৰে।”

তেওঁ লগতে কয়, “আৰএছএছে যদি নেতাজীৰ মতাদৰ্শক আঁকোৱালি ল’বলৈ আৰম্ভ কৰিছে, তেন্তে এয়া ভাৰতৰ বাবে ভাল হ’ব। নেতাজীয়ে ধৰ্মনিৰপেক্ষতাত বিশ্বাস কৰিছিল আৰু আৰ এছ এছে যে এই নীতিত বিশ্বাস ৰাখে, সেয়া নিশ্চিত নহয়।”

“আৰ এছ এছে যদি হিন্দু জাতীয়তাবাদী ধাৰণা আগবঢ়াব বিচাৰে, তেতিয়া ইয়াৰ সৈতে নেতাজীৰ মতাদৰ্শৰ মিল নাথাকে। তাৰ বাবে নেতাজীক ব্যৱহাৰ কৰিলে মই কেতিয়াও শলাগ নলওঁ।”- অনিতা বসুৱে লগতে কয়।

“মই নিশ্চয় ভাবিম যে তেওঁলোকে নেতাজীক কেৱল মুখেৰে সন্মান নিদিয়ে। আৰ এছ এছে নেতাজীৰ ১২৬ সংখ্যক জন্মদিন উদযাপন কৰাৰ বাবে মই সন্মান জনাইছো। কিন্তু দেশৰ সুবিধাৰ বাবে নেতাজীৰ তত্ত্বসমূহ ব্যৱহাৰ কৰিলে ভাল হ’ব।”— সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে অনিতা বসু ফাফে।

ইফালে ফাফৰ এই দাবীৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰ এছ এছে। সংগঠনটোৰ নেতা অজয় নন্দীয়ে নেতাজীয়ে সংঘক সমালোচনা কৰাৰ কোনো প্ৰমাণ নাই বুলি দাবী কৰি নেতাজীৰ কন্যাৰ দাবীক খণ্ডন কৰিছে।

Recent News

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd