দীঘলীয়া হ’ব যুদ্ধ! যুদ্ধবিৰতিৰ আহ্বান নাকচ কৰি নেতানিয়াহুৱে ক’লে ‘এইটো যুদ্ধৰ সময়’

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহু। ফটোঃ সংগ্ৰহীত।

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে গাজাত যুদ্ধবিৰতিৰ বাবে আগবঢ়োৱা পেলেষ্টাইনৰ আহ্বান নাকচ কৰিছে। সোমবাৰে টেল আভিভত বিদেশী সংবাদ মাধ্যমৰ বাবে আয়োজন কৰা প্ৰেছ ব্রিফিঙত নেতানিয়াহুৱে এই কথা সদৰী কৰে৷

নেতানিয়াহুৱে কয় যে বাইবেলত কোৱা আছে যে ‘শান্তিআৰু যুদ্ধৰ এটা সময় আছে’। বাইবেলৰ উদ্ধৃতি দি নেতানিয়াহুৱে কয়, ‘এইটো যুদ্ধৰ সময়। আমাৰ উমৈহতীয়া ভৱিষ্যতৰ বাবে এখন যুদ্ধ।’

নেতানিয়াহুৱে কয় যে যুদ্ধবিৰতি সন্দৰ্ভত তেওঁ ইজৰাইলৰ স্থিতি স্পষ্ট কৰিব বিচাৰে। ১৯৪১ চনত পাৰ্ল হাৰ্বাৰত হোৱা বোমা বিস্ফোৰণ বা ২০০১ চনৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত যেনেকৈ আমেৰিকাই যুদ্ধবিৰতিত সন্মতি প্ৰকাশ কৰা নাছিল, ঠিক তেনেদৰে ৭ অক্টোবৰৰ ভয়ানক আক্ৰমণৰ পিছত ইজৰাইলেও যুদ্ধবিৰতিত সন্মতি নিদিয়ে।

লগতে পঢ়কঃ ICC World Cup 2023: বিশ্ব মঞ্চত আফগানিস্তানৰ দপদপনি! ইংলেণ্ড, পাকিস্তানৰ পিছত এইবাৰ শ্ৰীলংকাক দেখুৱালে খেল

নেতানিয়াহুৱে লগতে কয় যে যুদ্ধবিৰতিৰ আহ্বানৰ অৰ্থ হ’ল ইজৰাইলক হামাছৰ ওচৰত আত্মসমৰ্পণৰ আহ্বান, সন্ত্ৰাসবাদৰ ওচৰত আত্মসমৰ্পণৰ আহ্বান।

ৰাষ্ট্ৰসংঘই বাৰে বাৰে গাজাত মানৱীয় যুদ্ধবিৰতিৰ আহ্বান জনাই আহিছে। ইয়াৰ উপৰিও বিভিন্ন দেশ আৰু আন্তঃৰাষ্ট্ৰীয় সংস্থাই গাজাত যুদ্ধবিৰতিৰ আহ্বান জনাইছে। ইউনিচেফে কয় যে গাজাৰ পৰিস্থিতি ঘণ্টাৰ পিছত ঘণ্টা বেয়া হৈ আহিছে। অৱশ্যে যুদ্ধবিৰতিৰ আহ্বান ইজৰাইলে শুনা নাই। গাজাত ব্যাপক আক্ৰমণ অব্যাহত ৰাখিছে।

উল্লেখ্যে যে যোৱা ৭ অক্টোবৰত গাজাত অৱস্থিত পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছে ইজৰাইলৰ ওপৰত আকস্মিক আক্ৰমণ চলায়। ইজৰাইলত এই আক্ৰমণত ১ হাজাৰ ৪০৫ জন লোক নিহত হয়। ইয়াৰ উপৰিও হামাছে ইজৰাইলৰ পৰা দুশৰো অধিক লোকক লৈ পণবন্দী কৰি গাজালৈ লৈ গৈছে।

লগতে পঢ়কঃচিংগুৰৰ নেনো গোচৰত ডাঙৰ ৰায়; টাটাক ৭৬৬ কোটি টকা দিব লাগিব পশ্চিমবংগ চৰকাৰে

ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে ইজৰাইলে ৭ অক্টোবৰৰ পৰা গাজা অৱৰোধ কৰি নিৰ্বিচাৰে বোমা বিস্ফোৰণ চলাই আহিছে। ইজৰাইলে গাজাত স্থল অভিযানো চলাই আছে। ইজৰাইলে গাজাত ২৪ দিন ধৰি চলা আক্ৰমণত নিহত হৈছে ৮ হাজাৰৰো অধিক পেলেষ্টাইনী লোক।