• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ছিৰিয়া, লেবানন আৰু জৰ্ডানক লৈ ‘গ্ৰেটাৰ ইজৰাইল’; নতুন মানচিত্ৰত আতংকিত আৰব বিশ্ব

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 11, 2025 10:59 am
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়াকৈ ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৰ চৰকাৰৰ পদক্ষেপে ‘বৃহত্তৰ ইজৰাইল’ বিতৰ্কত নতুন মাত্ৰা লাভ কৰিছে। ৬ জানুৱাৰীত নেতানিয়াহুৰ বৈদেশিক মন্ত্ৰালয়ে আৰবী ভাষাত টুইট কৰি ইজৰাইলৰ নতুন মানচিত্ৰ প্ৰকাশ কৰিছিল। এই মানচিত্ৰত পেলেষ্টাইন, জৰ্ডান, লেবানন, ছিৰিয়া আৰু আন কিছুমান অঞ্চল ইজৰাইলৰ অংশ হিচাপে দেখুওৱা হৈছে।

এই নতুন মানচিত্ৰখন প্ৰকাশ পোৱাৰ পিছতে আৰব দেশসমূহৰ মাজত প্ৰতিবাদৰ জোৱাৰ উঠিছে। সংযুক্ত আৰব আমিৰশ্বাহী, কাটাৰ, চৌদি আৰব আদি দেশৰ শীৰ্ষ নেতৃত্বই এই মানচিত্ৰখনক তীব্ৰ গৰিহণা দিছে। তেওঁলোকৰ মতে, ইয়াৰ দ্বাৰা আন্তঃৰাষ্ট্ৰীয় আইন আৰু ইষ্ট বেংকত বসবাস কৰা পেলেষ্টাইনী জনসাধাৰণৰ অধিকাৰ খৰ্ব কৰা হৈছে। বিশেষকৈ পেলেষ্টাইন আৰু ইয়াৰ আশে-পাশে থকা দেশসমূহে এই মানচিত্ৰখনক তেওঁলোকৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ হিচাপে বিবেচনা কৰিছে।

Apply Now

ইয়াৰ উপৰিও আৰব বিশ্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংস্থা আৰব লীগেও নেতানিয়াহুৰ এই পদক্ষেপক গৰিহণা দিছে। তেওঁলোকে ঘোষণা কৰে যে এনে কাৰ্য্যই আন্তঃৰাষ্ট্ৰীয় শান্তি প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰিব আৰু ইজৰাইল-পেলেষ্টাইন সংঘাতৰ সমাধান আৰু অধিক জটিল কৰি তুলিব। নেতানিয়াহু চৰকাৰৰ এনে একপক্ষীয় পদক্ষেপ কেৱল পেলেষ্টাইনী বা আৰব দেশৰ বাবেই নহয়, আন্তঃৰাষ্ট্ৰীয় সমাজৰ বাবেও গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে।

ইজৰাইলৰ “বৃহত্তৰ ইজৰাইল” ধাৰণাটোৰ বিৰুদ্ধে আৰব বিশ্বত প্ৰতিবাদ নতুন নহয়। বিগত কেইটামান দশকত ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত শান্তি স্থাপনৰ বাবে বিভিন্ন প্ৰচেষ্টা চলোৱা হৈছে যদিও এনে পদক্ষেপে পৰিস্থিতি আৰু অধিক উত্তপ্ত কৰাৰ আশংকা সৃষ্টি কৰিছে। বিশেষকৈ ইজৰাইলৰ চলি থকা সামৰিক অভিযান আৰু পেলেষ্টাইনত স্থায়ী বসতি নিৰ্মাণৰ ফলত আন্তঃৰাষ্ট্ৰীয় সমাজত দেশখনৰ বিৰুদ্ধে ক্ষোভ বৃদ্ধি পাইছে।

এই বিতৰ্ক গভীৰ আৰু জটিল হ’ব পাৰে, কিয়নো বহু আৰব দেশে যেনে সংযুক্ত আৰব আমিৰশ্বাহী আৰু বাহৰেইনে ইজৰাইলৰ সৈতে সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিছিল। কিন্তু নেতানিয়াহুৰ এই পদক্ষেপে সেই প্ৰচেষ্টাসমূহ বাধা দিব পাৰে আৰু আৰব দেশসমূহৰ মাজত ইজৰাইল বিৰোধী আৱেগক আৰু অধিক সুদৃঢ় কৰিব পাৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

শিক্ষাৰ উত্তৰণৰ বাবে বিৰল ত্যাগ: কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়লৈ ১ কোটি টকা দান প্ৰাক্তন অধ্যাপক দম্পতীৰ

July 17, 2026 12:32 pm
বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

বৃদ্ধ আৰু মৃত্যুমুখী কাৰাবন্দীক আগতীয়া মুক্তিৰ নীতি প্ৰণয়নৰ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ, সময়সীমা ৩ মাহ

July 17, 2026 12:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

বৰলুইত প্ৰডাকচনছৰ ছবি ‘ডিফলু’ৰ শীৰ্ষ গীত মুকলি; ইউটিউবত চাব পাৰিব দৰ্শকে

July 17, 2026 1:52 pm
মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

মন্দিৰত পূজা দিয়াৰ নামত পাহাৰলৈ গৈ হত্যা স্বামীক! প্ৰেমিকৰ সৈতে ব্লুপ্ৰিণ্ট ৰচিছিল পত্নীয়ে

July 17, 2026 1:16 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd