সংকটমোচক ভাৰত; আমেৰিকা, ব্ৰাজিলৰ পিছত ইজৰাইলৰ ধন্যবাদ মোদীক

Capture

মহামাৰী ক’ৰ’না ভইৰাছৰ বাবে এতিয়া সমগ্ৰ বিশ্ব চিন্তিত হৈ পৰিছে। এই ভয়াবহ সংকটৰ সময়ত এখন দেশে আন এখন দেশক আগবঢ়াইছে সহায়ৰ হাত।

ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজাৰ বাবে ভাৰতেও বিশ্বৰ বিভিন্ন দেশক সহায় কৰা পৰিলক্ষিত হৈছে। আমেৰিকা আৰু ব্ৰাজিলৰ পিছত এইবাৰ ভাৰতৰ সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে ইজৰাইলৰ প্ৰধান মন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে।

ইজৰাইৰ প্ৰধান মন্ত্ৰীগৰাকীয়ে বৃহস্পতিবাৰে টুইটযোগে কয়, ‍‘হাইড্ৰ’ক্সিক্লৰ’কুইন পঠিওৱাৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ। ইজৰাইলৰ সকলো নাগৰিকে আপোনাক ধন্যবাদ জনাইছে’।

উল্লেখ্য যে ক’ৰ’না ভাইৰাছৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি কিছুদিন পূৰ্বে প্ৰধান মন্ত্ৰী মোদী আৰু বেঞ্জামিন নেতান্যাহুৱে ফোনযোগে কথা পাতিছিল আৰু তেতিয়াই দুয়োখন দেশে একেলগে এই মহামাৰী ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ সংকল্প লৈছিল।

ইজৰাইলৰ পূৰ্বে বিশ্ব শক্তি আমেৰিকা আৰু ব্ৰাজিলেও ভাৰতক ধন্যবাদ জনাইছে। এই সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে টুইটযোগে কৈছিল, ‍‘সংকটৰ সময়ত বন্ধুৱে বন্ধুৰ কামত আহে, সহায়ৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ধন্যবাদ, আমেৰিকাই আপোনালোকৰ সহায় কেতিয়াও নাপাহৰে।

আনহাতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেৰ বোলছোনাৰোৱেও প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক চিঠিৰ জৰিয়তে হাইড্ৰ’ক্সিক্লৰ’কুইন পঠিওৱাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছিল।

ৰাষ্ট্ৰপতিগৰাকীয়ে চিঠিত ভাৰতৰ সহায় হনুমানে লক্ষ্মণৰ বাবে সঞ্জিৱনী অনা কাৰ্যৰ সৈতে তুলনা কৰা দেখা গৈছিল।

উল্লেখ্য যে ভাৰতে উক্ত দেশ কেইখনৰ তুলনাত এই ঔষধবিধৰ উৎপাদন অধিক মাত্ৰাত কৰে। মেলেৰিয়াৰ বাবে বনোৱা এই ঔষধবিধ এতিয়া ক’ৰ’নাৰ চিকিৎসাত ব্যৱহাৰ হোৱা হেতুকে ইয়াৰ চাহিদা অধিক হাৰত বৃদ্ধি পাইছে।