NORTHEAST NOW (Assamese)

‎‘বান্দৰৰ কথা নুশুনোঁ’, কি শাস্তি দিব? – টুইটযোগে নৰেন্দ্ৰ মোডীক কটাক্ষ মহুৱা মৈত্ৰৰ

May 12, 2023 3:49 pm · এন ই নাও নিউজ, গুৱাহাটী
Updated: May 12, 2023 3:51 pm

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ‘মন কি বাত’ নুশুনাৰ বাবে চণ্ডীগড়ৰ পিজিআইএমইআৰৰ নেশ্যনেল ইনষ্টিটিউট অৱ নাৰ্চিং এডুকেচনৰ তৃতীয় বৰ্ষক ৩৬ গৰাকী ছাত্ৰীয়ে মন কী বাত নুশুনাৰ বাবে কৰ্তৃপক্ষই তেওঁলোকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰে।

যোৱা ৩০ এপ্ৰিলত নৰেন্দ্ৰ মোডীৰ ১০০ সংখ্যক মন কী বাতৰ অনুষ্ঠানটোত উপস্থিত নথকাৰ বাবে ছাত্ৰীকেইগৰাকী ওপৰত শাস্তিমূলক ব্যৱস্থা হিচাপে এসপ্তাহ হোষ্টেলৰ বাহিৰত ভৰি নথবলৈ নিৰ্দেশ প্ৰদান কৰে।

লগতে পঢ়কঃ বিশ্বত প্ৰথম! ব্ৰিটেইনত ৩ জন লোকৰ ডিএনএৰ পৰা জন্ম হ’ল শিশুৰ

এই ঘটনাক তীব্ৰ নিন্দা কৰি পশ্চিম বংগৰ তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই টুইটযোগে প্ৰধানমন্ত্ৰীক কটাক্ষ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মন কী বাতক বান্দৰৰ কথা বুলি উপলুঙা কৰি মহুৱা মৈত্ৰই প্ৰশ্ন কৰে যে বান্দৰৰ কথা নুশুনাৰ বাবে মোক কি শাস্তি দিব? মোকো এসপ্তাহলৈ ঘৰৰ পৰা উলাবলৈ নিদিব নেকি বুলিও প্ৰশ্ন কৰে সাংসদগৰাকীয়ে।

এইদৰে মন কী বাতক ‘Monkey কী বাত’ বুলি উল্লেখ কৰি বিতৰ্কৰ সৃষ্টি কৰিছে সাংসদগৰাকীয়ে। ইয়াৰ পিছতেই সাংসদ গৰাকীক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বিজেপিৰ সমৰ্থক সকলে।

লগতে পঢ়কঃ টুইটাৰৰ বাবে নতুন চিইঅ’ বিচাৰি পালে ইলন মাক্সে! ৬ সপ্তাহৰ ভিতৰতে দায়িত্ব ল’ব নতুনগৰাকীয়ে

Related News