NORTHEAST NOW (Assamese)

ছবিঘৰলৈ আহিল নতুন অসমীয়া চলচ্চিত্র সীমা-দ্যা আনট’ল্ড ষ্টৰী

March 29, 2019 9:29 pm · এন ই নাও নিউজ
Updated: March 29, 2019 10:11 pm
আজি মুক্তিলাভ কৰা অসমীয়া ছবি সীমা।

আজি গুৱাহাটীৰ লগতে অসমৰ মুঠ ১৯ টা চলচিত্ৰ গৃহত মুক্তি পালে নতুন অসমীয়া চলচ্চিত্র‘সীমা-দ্যা আনট’ল্ড ষ্টৰী’। পূৰ্ণ দৈৰ্ঘ্যৰ অসমীয়া চলচ্চিত্রখনৰ কাহিনী আৰু পৰিচালনা হিৰেণ বৰাৰ।

মূলত বিভিন্ন জীৱন্ত সমস্যাৰাজিক লৈ নিৰ্মান কৰা সীমা হ’ল এখন সকলোৰে বাবে উপভোগ্য সামাজিকচলচ্চিত্র। চলচিত্ৰখনৰ প্ৰযোজনা কৰিছে সঞ্জীৱ নাৰায়ণে। বিবেক বেনাৰ্জীয়ে চিনেমাটোগ্ৰাফী কৰা সীমাৰ সম্পাদনাৰ কাম কৰিছে দিপক মণ্ডলে।

অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী তথা সংগীত পৰিচালক তৰালি শৰ্মাই সংগীত পৰিচালনা কৰা চলচিত্ৰখনৰ গান সমূহ ইতিমধ্য মুকলি কৰি দিয়া হৈছে।

ছবিখনত অভিনয় কৰিছে বিশিষ্ট অভিনেটা নিপন গোস্বামী, জৰ্জ বেকাৰ, অৰুণ নাথ, জাহানাৰ বেগম, ৰীতা বৰা, অংকিতা শইকীয়া, দৃষ্টি নয়না দাস, উজ্বল শইকীয়া আদিৰ দৰে ন-পুৰণি ভালেকেইজন অভিনেতা-অভিনেত্ৰীয়ে।

পৰিচালক হিৰেন বৰাই দৰ্শকে এখন উন্নত মনদণ্ডৰ অসমীয়া চলচিত্ৰ উপভোগ কৰিবলৈ পাব বুলি মন্তব্য কৰি চলচ্চিত্রখনৰ সফলতাৰ বাবে আশাবাদী।

Related News