অসমৰ গোৱালপাৰা জিলাত এক আচৰিত জীৱৰ সন্ধান পোৱা গৈছে। ভাৰত আৰু জাৰ্মানীৰ গৱেষকৰ এটা দলে গোৱালপাৰাৰ কুঁৱাত এবিধ নতুন প্ৰজাতিৰ অন্ধ বামি মাছ আৱিষ্কাৰ কৰিছে। কেইমাহমানৰ আগতে এই একেখন ঠাইতে এবিধ সৰু অন্ধ মাছ আৱিষ্কাৰ হোৱাৰ পিছত এয়া এক গুৰুত্বপূৰ্ণ সফলতা।
এই নতুনকৈ আৱিষ্কাৰ হোৱা প্ৰজাতিটোৰ নাম ৰাখথামিচথিছ আনচি ৰখা হৈছে। দেখাত কেঁচুৰ দৰে আৰু ৰঙা ৰঙৰ এই মাছবিধ মাটিৰ তলৰ পানীত বা কুঁৱাত বাস কৰে। প্ৰায় ২৫.৫ ছেণ্টিমিটাৰৰ পৰা ৩১.৮ ছেণ্টিমিটাৰ দীঘল এই জীৱবিধৰ কোনো চকু নাই। এই গুৰুত্বপূৰ্ণ আৱিষ্কাৰৰ কথা জুটাক্সা নামৰ এখন বিজ্ঞান আলোচনীত প্ৰকাশ পাইছে।
জাৰ্মানীৰ গৱেষক ৰালফ ব্ৰিটজ আৰু আমাণ্ডা কে পিনিয়নৰ লগতে অসম ডন বস্কো বিশ্ববিদ্যালয়ৰ ৱিমাৰাথি কে মাৰাক আৰু কাংজাম ভেলেন্টিনা, আৰু ইম্ফলৰ ধনমঞ্জুৰী বিশ্ববিদ্যালয়ৰ য়ামনাম লোকেশ্বৰে লগ লাগি এই গৱেষণা চলাইছিল। গৱেষক লোকেশ্বৰে জনোৱা মতে গাৰো ভাষাত আনচি মানে হৈছে ৰঙা। সেয়েহে ইয়াৰ সুন্দৰ ৰঙা শৰীৰৰ বাবে এই নাম ৰখা হৈছে। ২৫ বিধতকৈও অধিক নতুন মাছ আৱিষ্কাৰৰ লগত জড়িত য়ামনাম লোকেশ্বৰে কয় যে জীৱবিধৰ চকু একেবাৰেই নাই।
গৱেষকসকলে জানিবলৈ দিয়া মতে এই নতুন মাছবিধ উত্তৰ-পূবৰ আৰু পশ্চিম ঘাট পৰ্বতমালাত পোৱা আন এনেধৰণৰ প্ৰজাতিৰ জীৱতকৈ জিনীয় আৰু শাৰীৰিকভাৱে বহুত বেলেগ। ডি এন এ পৰীক্ষাত দেখা গৈছে যে ইয়াৰ আৰু পশ্চিম ঘাটৰ প্ৰজাতিৰ মাজত ১৫ ৰ পৰা ২০ শতাংশ পাৰ্থক্য আছে।
বৰ্তমানলৈকে গোৱালপাৰা জিলাৰ এখন গাঁৱৰ মাত্ৰ দুটা কুঁৱাতহে এই জীৱবিধ পোৱা গৈছে। জীৱবিধৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি আৰু ভৱিষ্যতে যাতে ইহঁতৰ কোনো ক্ষতি নহয় তাৰ বাবে গৱেষকসকলে গাঁওখনৰ সঠিক নাম আৰু স্থান গোপন কৰি ৰাখিছে। পৃথিৱীত বৰ্তমানলৈ ৩৭,৫০০ তকৈও অধিক প্ৰজাতিৰ মাছ আৱিষ্কাৰ হৈছে যদিও ইয়াৰে মাত্ৰ ৩০০ বিধ মানহে চিৰকাল মাটিৰ তলত জীয়াই থাকিবলৈ সক্ষম হৈছে।
চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো একেটা গৱেষকৰ দলে একেখন গাঁৱতে গিটচাক নাকানা নামৰ পৃথিৱীৰ প্ৰথমটো ক্ষুদ্ৰ ভূগৰ্ভস্থ অন্ধ মাছ আৱিষ্কাৰ কৰিছিল। একেখন ঠাইতে এনেদৰে দুবিধ নতুন মাটিৰ তলৰ জীৱ পোৱা যোৱা কথাটোৱে অসম আৰু উত্তৰ-পূব ভাৰতৰ মাটিৰ তলৰ জলস্তৰত এক অতি চহকী আৰু অজানা প্ৰাকৃতিক পৰিৱেশ থকাৰ কথাকে প্ৰমাণ কৰে।





