DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 4, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

ক’ভিড-১৯ প্ৰতিৰোধৰ বাবে গোলাঘাটত অতিৰিক্ত নিষেধাজ্ঞা জাৰি

মীনাক্ষী ফুকন by মীনাক্ষী ফুকন
May 13, 2021 2:46 pm
delhi-c

(প্ৰতিনিধিত্বমূলক ফটো)

207
VIEWS
Share on FacebookShare on Twitter

গোলাঘাটত ক’ভিড -১৯ লৈছে সংহাৰী ৰূপ। এইপৰ্যন্ত দুই সহস্ৰাধিক লোক আক্ৰান্ত হোৱাৰ লগতে ১৫ জনকৈ লোকে মৃত্যুক সাৱটি লৈছে।

এনে বিপদশংকুল পৰিবেশৰ প্ৰতি অধিক সৰ্তকতা অৱলম্বন কৰি চহৰ অঞ্চল আৰু ইয়াৰ পাঁচ কি.মি. পৰিধিৰ ভিতৰৰ এলেকাত ইংৰাজী ১৩ মে’ তাৰিখ পুৱা ৫ বজাৰ পৰা পুনৰ নিৰ্দেশ জাৰি নকৰা পৰ্যন্ত অসম ৰাজ্যিক ব্যৱস্থাপনা প্ৰাধিকৰণে ক’ভিড পৰিস্থিতি সন্দৰ্ভত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে।

নিৰ্দেশনা অনুসৰি, কাইলৈৰ পৰা সকলো দোকান আৰু বাণিজ্যিক প্ৰতিষ্ঠান দিনৰ ১ বজাত বন্ধ কৰিব লাগিব।

সাপ্তাহিক হাট-বজাৰ সমূহ ১৫ দিনৰ বাবে খোলাৰ অনুমতি নাথাকিব। ৰেষ্টোৰা আৰু ধাবা সমূহত দিনৰ ১ বজালৈকেহে গ্ৰাহক উপস্থিত থাকিব পাৰিব।

তাৰপিছত কেৱল ঘৰলৈহে খাদ্য যোগান ধৰিব পাৰিব।হোটেল আৰু ৰিৰ্জটত থকা ৰেষ্টোৰা বিলাকে দিনৰ ১ বজালৈকেহে বাহিৰৰ গ্ৰাহকক খাদ্য বিক্ৰী কৰিব পাৰিব।

তাৰপিছত কেৱল হোটেলত থকা গ্ৰাহকহে খাদ্য যোগান ধৰিব পাৰিব। অৱশ্যে ক’ভিড নিৰ্দেশনা মানি ই কমাৰ্চযোগে অত্যাৱশ্যকীয় সামগ্ৰী যোগান অব্যাহত ৰাখিব পাৰিব।

শীতল ডঁৰাল আৰু পণ্যাগাৰ সমূহ ১ বজাৰ পিছতো চলি থাকিব পাৰিব কিন্তু ইয়াৰ সংযুক্ত বিক্ৰীকেন্দ্ৰ সমূহ ১ বজাত বন্ধ কৰিব লাগিব।ফাৰ্মাচী,পশুচিকিৎসালয় ,অত্যাৱশ্যকীয় আৰু জৰুৰীকালীন সেৱা খোলা থাকিব।বিদ্যালয়, মহাবিদ্যালয়,,বিশ্ববিদ্যালয় সম্বনিতে সকলো শিক্ষানুষ্ঠানে মানসম্পন্ন ভাৰ্চুৱেল শিক্ষা প্ৰদানৰ ব্যৱস্থা নিশ্চিত কৰিব লাগিব অৰ্থাৎ ১৫ দিনৰ বাবে কায়িক পাঠদানৰ অনুমতি নাথাকিব।

চৰকাৰী আৰু বে- চৰকাৰী সকলো কাৰ্যালয় বন্ধ থাকিব।চৰকাৰী ,অৰ্ধচৰকাৰী বিভাগৰ উপ -সচিব আৰু উৰ্ধতন বিষয়া তথা বে-চৰকাৰী খণ্ডৰ অপৰিহাৰ্য বিষয়াই জৰুৰী আৰু অত্যাৱশ্যকীয় কামৰ বাবে কেৱল অতি প্ৰয়োজনীয় কৰ্মচাৰীক লৈ কাৰ্যালয়ত উপস্থিত থকাৰ অনুমতি থাকিব।

কিন্তু অত্যাৱশ্যকীয় আৰু জৰুৰী সেৱা , আইন বলবৎকাৰী সংস্থা আৰু নিৰ্বাচন সম্পৰ্কীয় কামৰ ক্ষেত্ৰত ৯ ,১০ দফা দুটা প্ৰযোজ্য নহ’ব।বিবাহ আৰু ধৰ্মীয় অনুষ্ঠানক কেৱল ব্যক্তিগত বিষয় হিচাপে গণ্য কৰি ১০ গৰাকীতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।

বিবাহৰ আগত বা পিছতো কোনো অভ্যৰ্থনা অনুষ্ঠানৰ অনুমতি দিয়া নহ’ব।লগতে সৎকাৰ বা শেষকৃত কাৰ্যতো ১০ জনতকৈ অধিক লোক সমবেত হ’ব নোৱাৰিব।লগতে ১৫ দিনৰ বাবে সকলো ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব লাগিব।

যদিও ধৰ্মীয় অনুষ্ঠানৰ মূৰব্বী জনে ধৰ্মীয় নীতি -নিয়ম সমূহ পালন কৰিব পাৰিব।সকলো ৰাজহুৱা পৰিবহনত মাত্ৰ ৩০% যাত্ৰীহে যাত্ৰা কৰিব পাৰিব।

অট’ৰিক্সা, ৰিক্সা বা টেক্সিত চালকৰ সৈতে মাত্ৰ দুজনহে যাত্ৰী উঠিব পাৰিব।মহিলা বা শিশুৰ বাহিৰে দুচকীয়া বাহনত দুজনকৈ উঠিব নোৱাৰিব।

চৰকাৰী বাহনৰ বাহিৰে আন সকলো বাহন জোৰ-বেজোৰ পদ্ধতিৰে চলোৱাৰ অনুমতি থাকিব।আৰু এই পদ্ধতি পুৱা ৫ বজাৰ পৰা বিয়লি ২ বজালৈ জিলাখনৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে নিৰ্ধাৰণ কৰিব।

অৱশ্যে জৰুৰীকালীন চিকিৎসাসেৱাৰ ক্ষেত্ৰত ব্যৱহৃত ব্যক্তিগত বাহনৰ বাবে এই নিৰ্দেশ প্ৰযোজ্য নহ’ব। ৪ মে’ ২০২১ তাৰিখৰ নিৰ্দেশ নং এ এচ ডি এম এ ২৮/২০২১/৬৩ যোগে ৰেহাই দিয়া ব্যক্তিৰ বাহিৰে দৈনিক দিনৰ ২ বজাৰ পৰা ৰাতিপুৱা ৫ বজালৈ ৰাজহুৱা স্থানত অন্য ব্যক্তিৰ চলাচল সম্পূৰ্ণৰূপে নিষিদ্ধ থাকিব।শেষত এই নিৰ্দেশ মানি নোলোৱা এলেকা আৰু বিষয়সমূহৰ ক্ষেত্ৰত ৪ মে’ ২০২১ ইং তাৰিখৰ নিৰ্দেশ নং এ এচ ডি এম এ ২৮/২০২১/৬৩ ত উল্লেখিত বিধিসমূহ বাহল থাকিব।

Recent News

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

এতিয়া অসমত বানপানীৰ পৰিবেশ; বানপানীৰ সময়ত লবলগীয়া সজাগতামূলক কথাবোৰ আপুনি জানেনে?

COVID19-1-750x375

BA.2.75 নতুন ৰূপত কোভিড! দেশৰ ১০ খন ৰাজ্যত কোভিডৰ অমিক্ৰন প্ৰজাতিৰ নতুন উপ-প্ৰজাতি চিনাক্ত

Hiren Gohain

গণতন্ত্ৰৰ জয়যাত্ৰা

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

গুৱাহাটী মহানগৰীত ৬৫ বছৰীয়া বৃদ্ধই যৌন নিৰ্যাতন চলালে ১২ বছৰীয়া কিশোৰীক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd