স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই জনতা ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি কোভিড পৰিস্থিতিক লৈ নতুন নীতি নিৰ্দেশনা জাৰি কৰিছে।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে হোৱা আলোচনাৰ পাছতেই এই নীতি নিৰ্দেশনা সমূহ সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি তেওঁ কয় ” ২৪৭ টালৈ hotspotৰ সংখ্যা বৃদ্ধি পাইছে। ৪৫৮১ টা অঞ্চলত চোকা দৃষ্টি ৰাখিব ৰাজ্যৰ স্বাস্থ্য বিভাগে।”
সম্পূৰ্ণ containment জ’ন ঘোষণা কৰা চাৰিখন জিলাত গেলামালৰ দোকানৰ পৰা অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিব পাৰিব বিয়লি ৫ বজালৈকে। গেলামালৰ দোকানতে ৰাইজৰ সুবিধাৰ্থে শাক-পাচলি বিক্ৰী কৰিব পাৰিব বিক্রেতাই।
ইয়াৰ উপৰি কামৰূপ মেট্ৰত ৩ বজালৈ দোকান পোহাৰ খোলা থাকিব, ৪ বজাৰ পৰা সকলো বন্ধ হ’ব। বাকী জিলা সমূহত পূৰ্বৰ নীতি নিৰ্দেশনাই বাহাল থাকিব।
অহা সোমবাৰৰ পৰা দেওবাৰলৈ ৭ দিনৰ বাবে এই নীতি নিৰ্দেশনা প্ৰযোজ্য হ’ব।
বিশ্বনাথ,গোৱালপাৰা,মৰিগাঁওত,গোলাঘাট চাব ডিভিজন সম্পূৰ্ণ containment হ’ব।
আন্তঃ জিলা যাতায়ত সম্পূৰ্ণৰূপে বন্ধ থাকিব।
ভেকচিনেচনৰ কাৰণে প্ৰতি দিনে কেন্দ্ৰ চৰকাৰৰ পৰা ডেৰ লাখতকৈ অধিক ভেকচিন লাভ কৰি আছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয়।