NORTHEAST NOW (Assamese)

মহামাৰী কোভিডত আক্ৰান্ত হৈ নতুন দিল্লীস্থিত অসমৰ আৰু দুগৰাকী সাংবাদিকৰ মৃত্যু

May 1, 2021 3:26 pm · এন ই নাও নিউজ
Updated: May 1, 2021 3:30 pm

শনিবাৰে নতুন দিল্লীস্থিত অসমৰ আৰু দুগৰাকী সাংবাদিকৰ কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

তেওঁলোক হৈছে নতুন দিল্লীস্থ জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱা আৰু অণিৰ্বাণ বৰা।

জ্যেষ্ঠ সাংবাদিক কল্যাণ বৰুৱাৰ সাংবাদিক পত্নী নিলাক্ষী ভট্টাচাৰ্যৰো কোভিড১৯ আক্ৰান্ত হৈ শুকুৰবাৰে মৃত্যু হৈছিল। পত্নীৰ মৃত্যুৰ মাত্ৰ এটা দিনৰ পিছতে সাংবাদিকগৰাকীৰ আজি পুৱা ৮.৪০ বজাত মৃত্যু হয়।

সাংবাদিক বৰুৱাই মৃত্যুৰ সময়ত দ্য আছাম ট্ৰিবিউনৰ নতুন দিল্লী ব্যুৰ চীফৰ দায়িত্বত থকাৰ বিপৰীতে পত্নী নিলাক্ষী ভট্টাচাৰ্যই দ্য টাইমছ অৱ ইণ্ডিয়াৰ নতুন দিল্লীৰ কাৰ্যালয়ত কৰ্মৰত আছিল।

জ্যেষ্ঠ সাংবাদিক বৰুৱাই সুদীৰ্ঘ ৩০ বছৰ ধৰি দ্য আছাম ট্ৰিবিউনত সাংবাদিকতা কৰি আহিছিল। বৰুৱা আৰু ভট্টাচাৰ্যই একমাত্ৰ কন্যাক এৰি থৈ গৈছে।

ইফালে আজি দিনৰ ভাগত কোভিডত আক্ৰান্ত হৈ মৃত্যু হৈছে নতুন দিল্লীস্থ অন্য এগৰাকী সাংবাদিক অণিৰ্বাণ বৰা।

দ্য ইক’নমিক টাইমছৰ গ্ৰাফিক্স এডিটৰ হিচাপে কৰ্মৰত ৪২ বছৰীয়া বৰাই পত্নী আৰু পুত্ৰক এৰি গৈছে।

অসমৰ দিল্লীস্থ সাংবাদিক তিনিগৰাকীৰ মৃত্যুৱে অসমৰ সংবাদ জগততো শোকৰ ছাঁ পেলাইছে।

উল্লেখ্য যে ২০২০ চনৰ এপ্ৰিলৰ পৰা ২০২১ পহিলা মে’লৈকে অতি কমেও ১০১ গৰাকী সাংবাদিক কৰোনাত আক্ৰান্ত হৈ মৃত্যু হৈছে।

আনহাতে যোৱা ২০২১ এপ্ৰিলৰ পৰা মে’ৰ পহিলালৈকে ৫০ ৰো অধিক সাংবাদিক কোভিড সংক্ৰান্তীয় বিভিন্ন কাৰণত মৃত্যু বৰণ কৰিছে।

Related News