• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্য মন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে “শূন্য সহনশীলতাৰ নীতি” আৰক্ষীতো আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ

নতুন সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ৰাজ্যৰ কয়লা ছিণ্ডিকেইটৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
November 30, 2019 9:25 pm
bhaskar jyoti mahanta

বিদায়ী আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া (সোঁফালে) আৰু নতুনকৈ দায়িত্ব লোৱা আৰক্ষী সঞ্চালক প্ৰধান ভাস্তৰজ্যোতি মহন্ত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ভাৰপ্ৰাপ্ত আৰক্ষী সঞ্চালক হিচাপে আজি দায়িত্ব গ্ৰহণ কৰিয়ে মুখ্য মন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে আৰক্ষী বিষয়া ভাস্কৰজ্যোতি মহন্ত।

কেৱল প্ৰশংসাত পঞ্চমুখেই নহয়, মুখ্য মন্ত্ৰী সোণোৱালৰ বক্তব্য শৈলী আৰু সুৰৰ অবিকল প্ৰতিধ্বনি দেখা যায় আৰক্ষী বিষয়াজনৰ বক্তব্যত। আৰক্ষী সঞ্চালক প্ৰধান হিচাপে ভাস্কৰজ্যোতি মহন্তই আজি উলুবাৰীস্থিত অসম আৰক্ষীৰ মুখ্য কাৰ্য্যালয়ত প্ৰথমখন সংবাদমেল সম্বোধন কৰে।

Apply Now

“অসমৰ মাননীয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই বিচক্ষণ নেতৃত্বৰে যি ৰ’ডমেপ বান্ধি দিছে, সেই ৰ’ডমেপ মতে আগ বাঢ়ি ৰাইজৰ সেৱা কৰিবলৈ বিচাৰিম”, মহন্তৰ মন্তব্য।

তেৱোঁ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ দৰে দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰিব বুলি সংকল্প প্ৰকাশ কৰে।

“দুৰ্নীতিৰ বিৰুদ্ধে আৰক্ষীয়ে যি ব্যৱস্থা লৈ আহিছে, এইক্ষেত্ৰত মুখ্য মন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে যি শূন্য সহনশীলতাৰ নীতিৰ অনুকৰণত আমিও আমাৰ অৱদান আগ বঢ়াই যাম”, ১৯৮৮ বেচ্চৰ আই পি এছ বিষয়াজনৰ মন্তব্য।

অপৰাধ আৰু উগ্ৰপন্থাৰ প্ৰতি কঠোৰ মনোভাব প্ৰদৰ্শন কৰি মহন্তই কয়, “কোনো অপৰাধ সহ্য কৰা নহ’ব। অসমত উগ্ৰপন্থাজনিত বহুতো ঘটনা দশক ধৰি চলি আহিছে। উগ্ৰপন্থাৰ লগত একেবাৰে শূন্য সহনশীলতাৰ নীতি গ্ৰহণ কৰা হ’ব। উগ্ৰপন্থাৰ কোনো ননচেন্স সহ্য কৰা নহ’ব। এইক্ষেত্ৰত অসম পুলিচক দৃঢ়ভাৱে আগ বঢ়াই লৈ যাবলৈ বদ্ধপৰিকৰ”।

“কিছুদিন ধৰি ইছলামিক মৌলবাদী গা কৰি উঠাৰ কথা শুনা গৈছে। যিদৰে অসম পুলিচে অতীততো এনেধৰণৰ সমস্যা অতি দৃঢ়ভাৱে মোকাবিলা কৰি মষিমূৰ কৰিবলৈ সক্ষম হৈছে, এতিয়াও এই সমস্যা আহিলে পূৰ্ণ বিশ্বাসেৰে মোকাবিলা কৰিম”, মহন্তই কয়।

ইপিনে, ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীৰ অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দি তেওঁ কয়, “ড্ৰাগছৰ ব্যৱহাৰৰ ক্ষেত্ৰত আমি অসমক কেতিয়াও দ্বিতীয় পঞ্জাৱ হ’বলৈ নিদিওঁ।”

তেওঁ সংবাদ মাধ্যমৰ সহযোগিতা বিচাৰি কয়, “সমাজত সংবাদ মাধ্যমৰ যথেষ্ট গুৰুত্ব আছে। বৰ্তমান অসমৰ পৰিৱেশত আৰক্ষী আৰু সংবাদ মাধ্যমে যদি ভাতৃত্বপূৰ্ণ আৰু সৌহাৰ্দ্যপূৰ্ণভাৱে একেলগে আগ বাঢ়ে, তেতিয়া সমাজৰ উন্নয়ন হ’ব।”

উল্লেখ কৰিব পাৰি যে কয়লা আৰু চুপাৰি ছিণ্ডিকেইটকে ধৰি বহু ধৰণৰ বৃহৎ বৃহৎ ছিণ্ডিকেইটে ৰাজ্য তোলপাৰ লগাই থকা সত্ত্বেও ৰাজনৈতিক পৃষ্ঠপোষকতালৈ ভয় কৰি আৰক্ষী প্ৰায়ে নিৰ্বিকাৰ হৈ থাকিব লগীয়া হৈছে। কয়লা ছিণ্ডিকেইটত জড়িত থকা বিজেপিৰ নেতাৰ নামৰ সৈতে প্ৰদূষণ নিয়ন্ত্ৰণ ব’ৰ্ড, COAL INDIA LIMITED, DIRECTORATE OF GEOLOGY & MINNING-কে ধৰি বিভিন্ন বিভাগে মাৰ্ঘেৰিটা থানাত এজাহাৰ দিয়াৰ পাছতো আৰক্ষীয়ে কয়লা ছিণ্ডিকেটৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

ভাস্কৰজ্যোতি মহন্তই ৰাজ্যৰ কয়লা ছিণ্ডিকেইটৰ বিৰুদ্ধে কি ব্যৱস্থা লয় চাবলগীয়া হ’ব।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd