আইফোন কিনাৰ পৰিকল্পনা আছে?; ২৫,৯০০ টকা সস্তাত কিনক Appleৰ iPhone 11

iphone_11_sale_1569235781_618x34756

ফটো : ইন্টাৰনেটৰ সৌজন্যত

Apple য়ে এতিয়া iPhone 11, iPhone 11 Pro আৰু iPhone 11 Pro Max  মুকলি কৰিছে।

প্ৰকৃততে, আকৰ্ষণীয় ডিজাইনৰ অভাৱৰ বাবে এইবাৰ আইফোনৰ বাবে গ্ৰাহকৰ মাজত পূৰ্বৰ দৰে আগ্ৰহ দেখা যোৱা নাই।

তথাপি, Apple আৰু ইয়াৰ প্ৰডাক্টসমূহ পছন্দ কৰা অনুৰাগীসকলে এইটো ক্ৰয় কৰিব বিচাৰিব।

ভাৰতত iPhone 11 ছিৰিজৰ দাম ঘোষণা কৰা হৈছে। সাধাৰম মডেল iPhone 11ৰ দাম ভাৰতত ৬৪,৯০০ টকা। কিন্তু ইয়াক আপুনি ৩৯০০০ টকাত ক্ৰয় কৰিব পাৰিব। ভাৰতত এই মডেলৰ ওপৰত ৬০০০ টকাৰ কেছবেক লাভ কৰিব।

ভাৰতত iPhone 11 ছিৰিজ ২৭ ছেপ্টেম্বৰৰ পৰা উপলব্ধ হ’ব। আপুনি যদি HDFC কাৰ্ড য়ুজাৰ আৰু আপুনি ইয়াৰে আইফোন কৰ্য় কৰে, তেন্তে আপুনি ৬০০০ টকাৰ ইনষ্টেন্ট ডিস্কাউন্ট লাভ কৰিব।

iPhone 11 Pro মডেলত আপুনি ৭০০০টকা পৰ্যন্ত ডিস্কাউন্ট লাভ কৰিব।

HDFCয়ে এই iPhoneৰ ক্ৰয়ৰ ওপৰত ৰিৱাৰ্ড পইন্ট দি আছে আৰু ইয়াক হিচাপ কৰিলে iPhone 11ৰ আচল দাম ৩৯০০০টকা আহে।

HDFC ৰিৱাৰ্ড পইন্টৰ কথা ক’বলৈ গ’লে HDFC Infinia Credit Card ৰে যদি আপুনি ইয়াক ক্ৰয় কৰে তেন্তে 10X ৰিৱাৰ্ড পইন্ট লাভ কৰিব।

এই ক্ৰেডিট কাৰ্ডেৰে ক্ৰয় কৰিলে বেংকে প্ৰায় ১৯,৬০০ টকা পৰ্যন্ত ৰিৱাৰ্ড পইন্ট দিব। মনত ৰাখিবলগীয়া কথাটো হ’ল যে এই অ’ফাৰৰ লাভ HDFC Bank Infinia Card ব্যৱহাৰ কৰিলেহে লাভ কৰিব।

এতিয়া আপুনি ৰিৱাৰ্ড পইন্টৰ সহায়ত ৰাহি কৰা ১৯,৬০০ টকা আৰু ৬,০০০টকাৰ ইনষ্টেন্ট ডিস্কাউন্টক হিচাপ কৰিলে iPhone 11ৰ আচল দাম আপোনাৰ বাবে হ’ব ৩৯,৯০০টকা।

iPhone 11ৰ  প্ৰি বুকিং চলি আছে। ইয়াক Appleৰ অথৰাইজড ৰিটেইল ষ্টোৰত, এমাজন, ফ্লিপকাৰ্ট আৰু পেটিএম ৰ দ্বাৰাও কৰিব পাৰে।

যদি আপোনাৰ লগত HDFC Infinia Card নাই, তথাপি আপুনি iPhone 11   আৰু iPhone 11 Pro মডেলসমূহত ৭০০০টকাৰ কেছবেক লাভ কৰিব।