• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

BA.2.75 নতুন ৰূপত কোভিড! দেশৰ ১০ খন ৰাজ্যত কোভিডৰ অমিক্ৰন প্ৰজাতিৰ নতুন উপ-প্ৰজাতি চিনাক্ত

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
July 4, 2022 4:56 pm
COVID19-1-750x375
141
VIEWS
Share on FacebookShare on Twitter

কোভিডৰ আতংকই পুনৰ ভাৰতবাসীক ত্ৰাসিত কাৰাৰ সময়তে কোভিডৰ অতি সংক্ৰামক প্ৰজাতি অমিক্ৰনৰ এক নতুন উপ-প্ৰজাতিয়ে নতুন ভয়ৰ জন্ম দিছে।

শেহতীয়া তথ্য অনুসৰি দেশৰ ১০ খন ৰাজ্যত কোভিডৰ অমিক্ৰন প্ৰজাতিৰ নতুন উপ-প্ৰজাতি বিধ ধৰা পৰিছে।

ইজৰাইলৰ টেল হাচোমাৰৰ শ্বেবা চিকিৎসা কেন্দ্ৰৰ কেন্দ্ৰীয় ভাইৰোলজি লেবৰেটৰীৰ গৱেষক ডাঃ শ্যে ফ্লেছনেকৈছে যে ভাৰতত কৰোনাভাইৰাছৰ অতি সংক্ৰামক অমিক্ৰন বংশৰ এটা নতুন উপ-প্ৰকাৰ ধৰা পৰিছে।

এই নতুন উপ-প্ৰকাৰ বিধৰ নাম হৈছে বিএ.২.৭৫- ।বিশেষজ্ঞগৰাকীৰ মতে নতুন অমিক্ৰন উপ-প্ৰকাৰবিধে ইতিমধ্যে দেশৰ খনৰাজ্যত কেইবাজনো লোকক আক্ৰান্ত কৰিছে। ভাৰতত এতিয়ালৈকে ৬৯ গৰাকী লোক এই উপ-প্ৰকাৰৰ দ্বাৰা সংক্ৰমিত হৈছে। অৱশ্যে ভাৰত চৰকাৰে এই তথ্য নিশ্চিত কৰা নাই।

গৱেষকগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি বিভিন্ন ৰাজ্যত নতুন প্ৰজাতি বিধত সংক্ৰমিত লোকৰ সংখ্যা হৈছে এনেধৰণৰ হাৰিয়ানা (৬),দিল্লী (১), হিমাচল প্ৰদেশ (৩), জম্মু (১), কৰ্ণাটক (১০), মধ্য প্ৰদেশ (৫), মহাৰাষ্ট্ৰ (২৭), তেলেংগানা (২), উত্তৰ প্ৰদেশ (১), আৰু পশ্চিম বংগ (১৩)।

ডাঃ শ্যে ফ্লেছনে কয় যে জাপান (১), জাৰ্মানী (২), ব্ৰিটেইন (৬), কানাডা (২), আমেৰিকা (২), অষ্ট্ৰেলিয়া (১), আৰু নিউজিলেণ্ড (২)তো এই নতুন ভাইৰাছৰ সংক্ৰমণ ধৰা পৰিছে।

আমেৰিকাৰ ফ্ৰেড হাচ গৱেষণা প্ৰতিষ্ঠানত বিএ.২.৭৫ উপ-প্ৰজাতিটো প্ৰথমে ধৰা পৰিছিল বুলিও তেওঁ প্ৰকাশ কৰে।

সময় আৰু পৰিবেশৰ সলনিৰ লগে লগে ক’ভিডেও ইয়াৰ ৰূপ সলাই পেলাইছে।অলপতে ৰাছিয়াত ক’ভিডৰ নতুন প্ৰজাতি অমিক্ৰনৰ এক বিশেষ প্ৰজাতি চিনাক্ত কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় উপভোক্তা স্বাস্থ্য নিৰীক্ষণ সংস্থাই ।বিশ্বৰ পৰা এতিয়াও কোভিডৰ আতংক দূৰ হোৱা নাই।

সময় বাগৰাৰ লগে লগে বিশ্বৰ বিভিন্ন প্ৰান্তত ক’ৰ’না ভাইৰাছে ইয়াৰ ৰূপ তথা চৰিত্ৰৰ সলনি ঘটাই গৈছে।

ডেল্টা, অমিক্ৰন আদি প্ৰজাতিৰ পিছত কোভিডৰ নতুন প্ৰজাতি এক্স ইৰ উপস্থিতি ধৰা পৰিছে।

অমিক্ৰনতকৈ ১০ গুণে বেছি সংক্ৰামক এক্স ই প্ৰজাতি বিধকলৈ সেয়ে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্বৰ প্ৰতি খন দেশকে সতৰ্ক কৰি দিছে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, নতুন প্ৰজাতি এক্স ই অমিক্ৰনৰ উপ-প্ৰকাৰ বি.এ.২-তকৈ কমেও দহ গুণ অধিক সংক্ৰামক। এতিয়ালৈকে, বি.এ.2 প্ৰজাতিক কোভিডৰ আটাইতকৈ সংক্ৰামক প্ৰজাতি হিচাপে চিনাক্ত কৰা হৈছে।

কোভিডৰ বি.এ.২ উপ-প্ৰজাতিয়ে আমেৰিকা যুক্তৰাষ্ট্ৰত ত্ৰাসৰ সৃষ্টি কৰিছিল।

এই এক্স ই প্ৰজাতিটো প্ৰকৃততে কি? বিশ্ব স্বাস্থ্য সংস্থাৰ মতে অমিক্ৰন, বি.এ.১ আৰু বি.এ.২-ৰ সংমিশ্ৰণতে এক্স ই প্ৰজাতিটোৰ সৃষ্টি হৈছে।

এই প্ৰজাতিটো প্ৰথমবাৰৰ বাবে ১৯ জানুৱাৰীত ব্ৰিটেইনত চিনাক্ত কৰা হৈছিল। এতিয়ালৈকে বিশ্বত ৬০০ গৰাকী লোক কোভিডৰ নতুন প্ৰজাতি এক্স ইত আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে।

দক্ষিণ-পূব এছিয়া, ইউৰোপ আৰু আমেৰিকাৰ বহু দেশত মাৰাত্মক ভাইৰাছবিধ বিয়পি পৰাৰ আশংকা কৰা হৈছে।

ভাৰতত অৱশ্যে এতিয়ালৈকে কোভিডৰ এক্স ই প্ৰজাতি ধৰা পৰা নাই। ফ্ৰান্স, ডেনমাৰ্ক আৰু বেলজিয়ামত এই প্ৰজাতিটোৱে পুনৰ নতুন আতংকৰ সৃষ্টি কৰাৰ আশংকা কৰা হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd