NORTHEAST NOW (Assamese)

সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ নিৰ্দেশনাই শংকিত কৰিছে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকক

September 29, 2020 8:25 pm · কল্পজ্যোতি শইকীয়া

যোৱা ২৪/০৯/২০২০ তাৰিখে সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ স্বাক্ষৰিত নিৰ্দেশনাৰে সৰ্বশিক্ষাৰ অধীনৰ টেট্ উত্তীৰ্ণ শিক্ষক সকলক চুক্তি পত্ৰত অহা ২০ অক্টোবৰৰ ভিতৰত স্বাক্ষৰ কৰিবলৈ দিয়ে।

এই নিৰ্দেশনা পোৱাৰ লগে লগে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সকল স্বাভাৱিকতে শংকিত হৈ পৰিছে বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত উল্লেখ কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে।

উল্লেখযোগ্য যে যোৱা ১জুলাই ২০২০ তাৰিখে অসম চৰকাৰৰ এক কেবিনেট সিদ্ধান্ত যোগে প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ হস্তাক্ষৰত এক চৰকাৰী নিৰ্দেশনা প্ৰদান কৰি টেট্ শিক্ষক সকলৰ চাকৰি ৬০ বছৰলৈ সুৰক্ষিত বুলি ঘোষণা কৰিছিল।

‘এনে ক্ষেত্ৰত সেই সুৰক্ষা প্ৰদানৰ নামত বিভাগে শেহতীয়াকৈ জাপি দিয়া সম্পূৰ্ণ একপক্ষীয় চুক্তিপত্ৰ এখনে ক্ষোভিত আৰু শংকিত কৰি তুলিছে শিক্ষক সকলক।‘ ৰচিদে এইদৰে কয়।

ইপিনে, টেট্ শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ পৰিৱৰ্তে চাকৰিৰ পূৰ্বৰ সকলো ধাৰাবাহিকতা ভঙ্গ কৰি তথা ভৱিষ্যতে নিয়মীয়াকৰণৰ বাট বন্ধ কৰা চুক্তিপত্ৰ এখন কোনো কাৰণতে স্বাক্ষৰ কৰিব নোৱাৰি বুলি ইতিমধ্যে “সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজ”ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিভাগ আৰু বিভাগীয় মন্ত্ৰীক পত্ৰ প্ৰদান কৰা হৈছিল বুলি ৰচিদে জনায়।

আনহাতে এনে একপক্ষীয় সিদ্ধান্ত তথা নিয়মীয়াকৰণৰ বিষয়ৰ ওপৰত বিশদ আলোচনাৰ বাবে আনুষ্ঠানিক সভাৰ বাবে শিক্ষা বিভাগক দুবাৰকৈ পত্ৰ প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰি ৰচিদে লগতে কয় ‘কিন্তু আলোচনাৰ পৰিৱৰ্তে চুক্তিপত্ৰ স্বাক্ষৰ নকৰিলে দৰমহা বন্ধ কৰা নিৰ্দেশনা দিয়া হৈছে। এই ক্ষেত্ৰত মঙ্গলবাৰে তাৰিখে সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াক সাক্ষাৎ কৰি এখন পত্ৰ যোগে সমাজে উক্ত নিৰ্দেশনা বাতিলৰ বাবে অনুৰোধ জনাইছে।‘

আনহাতে যদিহে বিভাগে উক্ত নিৰ্দেশনা বাতিল কৰি শিক্ষক সমাজৰ সৈতে আনুষ্ঠানিকভাৱে আলোচনাৰ মাধ্যমেৰে এক সুস্পষ্ট সিদ্ধান্ত নলয় তেন্তে অনিচ্ছাসত্ত্বেও শিক্ষক সমাজে তীব্ৰ গণতান্ত্ৰিক পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি ৰচিদে হুংকাৰ দিয়ে।

তেওঁ লগতে কয় ‘আমি অনিশ্চাসত্ত্বেও যদি আমাৰ দৰমহা কৰ্তন কৰে তেন্তে পুনৰ আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ম। এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে জগৰীয়া হ’ব বিভাগটো। এইক্ষেত্ৰত সম্পূৰ্ণ শংকামুক্ত হৈ পাঠদান কাৰ্যত ব্ৰতী হ’ব পৰাকৈ শিক্ষামন্ত্ৰীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি এতিয়াও আস্থা ৰাখিছো।’

Related News