• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ নিৰ্দেশনাই শংকিত কৰিছে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষকক

টেট শিক্ষকৰ দৰমহা বন্ধ কৰাৰ ভাবুকিৰে চুক্তিপত্ৰত স্বাক্ষৰ কৰোৱাৰ হেঁচা সৰ্বশিক্ষা মিছনৰ, অনিচ্ছাসত্ত্বেও পুনৰ আন্দোলনৰ হুংকাৰ প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , September 29, 2020 8:25 pm

2 min read

New order worries primary TET passed teachers in Assam
339
VIEWS
Share on FacebookShare on Twitter

যোৱা ২৪/০৯/২০২০ তাৰিখে সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াৰ স্বাক্ষৰিত নিৰ্দেশনাৰে সৰ্বশিক্ষাৰ অধীনৰ টেট্ উত্তীৰ্ণ শিক্ষক সকলক চুক্তি পত্ৰত অহা ২০ অক্টোবৰৰ ভিতৰত স্বাক্ষৰ কৰিবলৈ দিয়ে।

এই নিৰ্দেশনা পোৱাৰ লগে লগে প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সকল স্বাভাৱিকতে শংকিত হৈ পৰিছে বুলি নৰ্থ ইষ্ট নাওৰ সাংবাদিকৰ আগত উল্লেখ কৰিছে সদৌ অসম প্ৰাথমিক টেট উত্তীৰ্ণ শিক্ষক সমাজৰ সাধাৰণ সম্পাদক মিৰাজুল ৰচিদে।

উল্লেখযোগ্য যে যোৱা ১জুলাই ২০২০ তাৰিখে অসম চৰকাৰৰ এক কেবিনেট সিদ্ধান্ত যোগে প্ৰাথমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিবৰ হস্তাক্ষৰত এক চৰকাৰী নিৰ্দেশনা প্ৰদান কৰি টেট্ শিক্ষক সকলৰ চাকৰি ৬০ বছৰলৈ সুৰক্ষিত বুলি ঘোষণা কৰিছিল।

‘এনে ক্ষেত্ৰত সেই সুৰক্ষা প্ৰদানৰ নামত বিভাগে শেহতীয়াকৈ জাপি দিয়া সম্পূৰ্ণ একপক্ষীয় চুক্তিপত্ৰ এখনে ক্ষোভিত আৰু শংকিত কৰি তুলিছে শিক্ষক সকলক।‘ ৰচিদে এইদৰে কয়।

ইপিনে, টেট্ শিক্ষক সকলৰ চাকৰি নিয়মীয়াকৰণৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি পালনৰ পৰিৱৰ্তে চাকৰিৰ পূৰ্বৰ সকলো ধাৰাবাহিকতা ভঙ্গ কৰি তথা ভৱিষ্যতে নিয়মীয়াকৰণৰ বাট বন্ধ কৰা চুক্তিপত্ৰ এখন কোনো কাৰণতে স্বাক্ষৰ কৰিব নোৱাৰি বুলি ইতিমধ্যে “সদৌ অসম প্ৰাথমিক টেট্ উত্তীৰ্ণ শিক্ষক সমাজ”ৰ তৰফৰ পৰা আনুষ্ঠানিকভাৱে বিভাগ আৰু বিভাগীয় মন্ত্ৰীক পত্ৰ প্ৰদান কৰা হৈছিল বুলি ৰচিদে জনায়।

আনহাতে এনে একপক্ষীয় সিদ্ধান্ত তথা নিয়মীয়াকৰণৰ বিষয়ৰ ওপৰত বিশদ আলোচনাৰ বাবে আনুষ্ঠানিক সভাৰ বাবে শিক্ষা বিভাগক দুবাৰকৈ পত্ৰ প্ৰদান কৰা হৈছিল বুলি উল্লেখ কৰি ৰচিদে লগতে কয় ‘কিন্তু আলোচনাৰ পৰিৱৰ্তে চুক্তিপত্ৰ স্বাক্ষৰ নকৰিলে দৰমহা বন্ধ কৰা নিৰ্দেশনা দিয়া হৈছে। এই ক্ষেত্ৰত মঙ্গলবাৰে তাৰিখে সৰ্বশিক্ষাৰ বিশেষ কৰ্তব্যৰত বিষয়াক সাক্ষাৎ কৰি এখন পত্ৰ যোগে সমাজে উক্ত নিৰ্দেশনা বাতিলৰ বাবে অনুৰোধ জনাইছে।‘

আনহাতে যদিহে বিভাগে উক্ত নিৰ্দেশনা বাতিল কৰি শিক্ষক সমাজৰ সৈতে আনুষ্ঠানিকভাৱে আলোচনাৰ মাধ্যমেৰে এক সুস্পষ্ট সিদ্ধান্ত নলয় তেন্তে অনিচ্ছাসত্ত্বেও শিক্ষক সমাজে তীব্ৰ গণতান্ত্ৰিক পদক্ষেপ গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলি ৰচিদে হুংকাৰ দিয়ে।

তেওঁ লগতে কয় ‘আমি অনিশ্চাসত্ত্বেও যদি আমাৰ দৰমহা কৰ্তন কৰে তেন্তে পুনৰ আন্দোলনৰ পথ ল’বলৈ বাধ্য হ’ম। এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে জগৰীয়া হ’ব বিভাগটো। এইক্ষেত্ৰত সম্পূৰ্ণ শংকামুক্ত হৈ পাঠদান কাৰ্যত ব্ৰতী হ’ব পৰাকৈ শিক্ষামন্ত্ৰীয়ে তৎকালীন ব্যৱস্থা গ্ৰহণ কৰিব বুলি আমি এতিয়াও আস্থা ৰাখিছো।’

Recent News

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

অসমত বিজেপিক ৰুধিবলৈ সাজু কংগ্ৰেছ; ছোনিয়া গান্ধীয়ে গঠন কৰি দিলে কেইবাখনো সমিতি

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

শিৱসাগৰত ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উদযাপন

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

ভাৰত আৰু চীনা সৈন্যৰ মাজত অনুষ্ঠিত হোৱা নৱম লানি বৈঠকক যোগাত্মক, বাস্তৱিক আৰু গঠনমূলক আখ্যা ভাৰতীয় সেনা বাহিনীৰ

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

আই পি এলৰ বাবে টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেল পিছুৱালে আই চি চিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd